প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সকলো ক্ষেত্ৰৰে আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে কেবিনেটৰদ্বাৰা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ

১৫০০০ কোটি টকাৰ পশু পালন আন্তঃগাঁথনি উন্নয়ন পুঁজি গঠন

কুশীনগৰ বিমানবন্দৰক ‘আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ হিচাপে ঘোষণা- যিয়ে অঞ্চলটোৰ পৰ্যটনৰ উন্নয়ন সাধনৰ লগতে ত্বৰান্বিত কৰিব অৰ্থনৈতিক উন্নয়নো

ম্যানমাৰৰ শ্বেয়ে অইল আৰু গেছ প্ৰকল্পৰ পৰৱৰ্তী উন্নয়নৰ কাৰণে অতিৰিক্ত বিনিয়োগত অনুমোদন-যি সহায়ক হৈ উঠিব চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে শক্তি সেতু শক্তিশালীকৰণত

Posted On: 24 JUN 2020 4:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ২৪ জুন, ২০২০ কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হয় আৰু ইয়াত কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়, যিয়ে সকলো খণ্ডৰে বহু প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নয়নত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব, যি এই মহামাৰীৰ সময়ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

  1. পশু পালন আন্তঃগাঁথনি উন্নয়ন পুঁজি গঠন

পৃষ্ঠপটঃ

শেহতীয়াকৈ ঘোষণা কৰা আত্ম নিৰ্ভৰ ভাৰত অভিযান শীৰ্ষক প্ৰোসাহন পেকেজৰ সৈতে সংগতি ৰাখি, আজি কেবিনেটে ১৫০০০ কোটি টকাৰ পশু পালন আন্তঃগাঁথনি উন্নয়ন পুঁজি (AHIDF) গঠনত অনুমোদন জনায়।

দুগ্ধ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে সমবায় খণ্ডৰদ্বাৰা উদ্বুদ্ধকাৰী বিনিয়োগৰ অৰ্থে চৰকাৰে পূৰ্বে ১০,০০০ কোটি টকাৰ দুগ্ধ আন্তঃগাঁথনি উন্নয়ন পুঁজি (DIDF)ত অনুমোদন জনাইছিল। তদুপৰি, পশু পালন খণ্ডটোত সংসাধন আৰু মূল্য সংযোজিত আন্তঃগাঁথনিত এমএছএমই আৰু ব্যক্তিগত কোম্পানীসমূহৰ অংশগ্ৰহণৰ অৰ্থে প্ৰচাৰ আৰু প্ৰোসাহনতো গুৰুত্ব প্ৰদান কৰা যায়।

আজি এএইচআইডিএফে দুগ্ধ, মাংস সংসাধন আৰু পশু খাদ্য তৃণত প্ৰোসাহিত আন্তঃগাঁথনি বিনিয়োগত অনুমোদন জনায়। এই আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলৰ ভিতৰত থাকিব কৃষক উপাদক সংস্থা (এফপিঅ), এমএছএমই, দফা ৮ ৰ অধীনস্থ কোম্পানী, ব্যক্তিগত কোম্পানী আৰু ব্যক্তিগত উদ্যোগীসকল যত তেওঁলোকে মাত্ৰ ১০% প্ৰান্তিক ধন (margin money) আগবঢ়ায়েই ইয়াৰ সৈতে জড়িত হব পাৰিব। বাকী ৯০% সূচীবদ্ধ বেংকসমূহৰদ্বাৰা লোন উপাংশ হিচাপে তেওঁলোকৰ বাবে উপলব্ধ কৰোৱা হব।

ভাৰত চৰকাৰে আকাংক্ষিত জিলাসমূহৰ যোগ্য হিতাধিকাৰীসকলক % সুত অৰ্থসাহাৰ্য্য আগবঢ়াব। একেদৰে, আন জিলাসমূহৰ হিতাধিকাৰীসকলৰ কাৰণে এই হাৰ হব ৩%। লোনৰ পুনৰ পৰিশোধৰ কাৰণে মৰেটৰিয়াম পিৰিয়ডৰ সময় হব ২ বছৰ আৰু তাৰ পাছত পুনৰ পৰিশোধৰ সময় হব ৬ বছৰ। ভাৰত চৰকাৰে তদুপৰি নাবাৰ্ডৰ পৰিচালনাত ৭৫০ কোটি টকাৰ এটি ক্ৰেডিট গ্যাৰেন্টী ফাণ্ডো গঠন কৰিব যি এমএছএমই সংজ্ঞানুসাৰে সৰ্বোচ্চ সীমাৰ অধীনস্থ প্ৰকল্পসমূহলৈ ক্ৰেডিট নিশ্চিতি আগবঢ়াব। ঋণ গ্ৰহণ কৰোতাৰ ক্ৰেডিট সুবিধাৰ ২৫% পৰ্যন্ত নিশ্চিতি আচ্ছাদনে সামৰি লব।

লাভালাভঃ

পশু পালন খণ্ডত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ জৰিয়তে বৃহ সম্ভাৱনা বাস্তৱায়িত হবলৈ অপেক্ষা কৰি আছে। ব্যক্তিগত বিনিয়োগকাৰীৰ কাৰণে সুত অৰ্থসাহায্য আঁচনিৰ সৈতে এএইচআইডিএফে এই প্ৰকল্পসমূহৰ অৰ্থে প্ৰয়োজনীয় অগ্ৰিম বিনিয়োগ সফলকাম কৰি তুলিবলৈ মূলধনৰ উপলব্ধতা সুনিশ্চিত কৰিব আৰু বিনিয়োগকাৰীসকলক সামগ্ৰিক ৰিটাৰ্ণ/পে বেকৰ বৃদ্ধিতো সহায় কৰিব। যোগ্য হিতাধিকাৰীসকলৰদ্বাৰা সংসাধান আৰু মূল্য সংযোজিত আন্তঃগাঁথনিত এনে বিনিয়োগে ৰপ্তানিকো উদ্বুদ্ধ কৰি তুলিব।

যদিও ভাৰতত উপাদিত দুগ্ধৰ চূড়ান্ত মূল্যৰ প্ৰায় ৫০-৬০%পাদনকাৰীৰ হাতলৈ ঘূৰি যায়, এই খণ্ডটোৰ বিকাশে কৃষকৰ আয়ত তাপৰ্যপূৰ্ণ প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। দুগ্ধ বজাৰখনৰ আকাৰ আৰু গাখীৰ বিক্ৰীৰপৰা উপাদনকাৰীৰ সিদ্ধি সমবায় আৰু ব্যক্তিগত ডেইৰীসমূহৰ সু-সংগবদ্ধতাৰ উন্নয়নৰ সৈতে ওতঃপ্ৰোতভাৱে সংযুক্ত হৈ আছে। সেয়েহে, এএইচআইডিএফৰ জৰিয়তে ১৫,০০০ কোটি টকা বিনিয়োগে কেৱল মাত্ৰ অধিক ব্যক্তিগত বিনিয়োগৰ পথ প্ৰশস্ত কৰাই নহয় বৰঞ্চ ই উপাদনৰ অৰ্থে অধিক বিনিয়োগ কৰিবলৈ কৃষকসকলক অনুপ্ৰাণিত কৰিব যাৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিত উচ্চ উপাদনশীলতাই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব। আজি এএইচআইডিএফৰ জৰিয়তে অনুমোদন জনোৱা এই ব্যৱস্থাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জীৱিকা আহৰণৰ পথো প্ৰশস্ত কৰি তুলিব যত প্ৰায় ৩৫ লাখ লোকে নিয়োজিত হোৱাৰ সুবিধা পাব।

 

  1. উত্তৰ প্ৰদেশৰ কুশীনগৰ বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা

পৃষ্ঠপটঃ

কুশীনগৰ হৈছে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এক গুৰুত্বপূৰ্ণ তীৰ্থ ক্ষেত্ৰ, ত গৌতম বুদ্ধৰ মহাপৰিনিৰ্বাণ বৰণ হৈছিল। ইয়াক অতি পৱিত্ৰ বৌদ্ধ তীৰ্থ কেন্দ্ৰ হিচাপে মান্যতা প্ৰদান কৰি অহা হৈছে যলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা বৌদ্ধ ধৰ্মাৱলম্বী তীৰ্থযাত্ৰীসকলে তীৰ্থযাত্ৰাৰ কাৰণে আহে। কুশীনগৰৰ আশে-পাশে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণেই আন কেইবাখনো দৰ্শনীয় স্থান আছে। সেইসমূহৰ ভিতৰত শ্ৰাবস্তি (২৩৮ কিমি), কপিলাবস্তু (১৯০ কিমি) আৰু লুম্বিনী (১৯৫ কিমি)। যিয়ে নেকি বুদ্ধৰ অনুগামী আৰু দৰ্শনকাৰীসকলক সমানেই হাতবাউলি মাতে। কুশীনগৰ ইতিমধ্যেই ভাৰত আৰু নেপালত থকা বৌদ্ধ ধৰ্মাৱলম্বী তীৰ্থযাত্ৰীসকলৰ কাৰণে পৱিত্ৰ ক্ষেত্ৰলৈ পৰ্যবসিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় কেবিনেটে উত্তৰ প্ৰদেশৰ কুশীনগৰ বিমানবন্দৰটোক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়।

লাভালাভঃ

বুদ্ধিষ্ট চাৰ্কিটোটো হৈছে বিশ্বৰ ৫৩০ মিলিয়ন বৌদ্ধ ধৰ্মাৱলম্বী তথা এই ধৰ্মৰ প্ৰতি আগ্ৰহীসকলৰ এক তীৰ্থক্ষেত্ৰ। সেয়েহে কুশীনগৰ বিমানবন্দৰটোক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে ঘোষণা কৰাতে সংযোগৰ মান ত্বৰান্বিত হ, বিমান-যাত্ৰীসকলৰ বাবে যথোপযুক্ত ব্যয় সাপেক্ষে এই সেৱা গ্ৰহণৰ সিদ্ধান্তই ঘৰুৱা/আন্তঃৰাষ্ট্ৰীয় পৰ্যটনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰিব।

সচৰাচৰ এটা দিনত, থাইলেণ্ড, কম্বোডিয়া, জাপান, বাৰ্মা ইত্যাদিৰপৰা কুশীনগৰলৈ সেৱা আগবঢ়াবৰ নিমিত্তে অহা ভক্তৰ সংখ্যা প্ৰায় ২০০-৩০০ জন। তথাপি, এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন স্থানটোলৈ অদ্যপি নাছিল প্ৰত্যক্ষ যোগাযোগৰ মাধ্যম, যি আছিল দৰ্শনাৰ্থীসকলৰ এটা বহুদিনীয়া দাবী।

কুশীনগৰলৈ আগন্তুক দিনসমূহত প্ৰত্যক্ষ আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বাস্তিৱায়িত হবলগীয়াৰ সুবাদতে কুশীনগৰলৈ অহা বিদেশী আৰু ঘৰুৱা পৰ্যটকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব, যাৰ পৰিণতিতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব। এই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ জৰিয়তে দেশৰ বিকাশশালী পৰ্যটন আৰু আতিথ্য পৰ্যাবৰণো আৰু অধিক বলিষ্ঠ হৈ পৰিব বুলি আশা কৰা হৈছে।

 

  1. ম্যানমাৰত শ্বেয়ে অইল আৰু গেছ প্ৰকল্পৰ পৰৱৰ্তী উন্নয়নৰ অৰ্থে অভিএলৰদ্বাৰা অতিৰিক্ত বিনিয়োগত অনুমোদন

পৃষ্ঠপটঃ

দক্ষিণ কোৰিয়া, ভাৰত আৰু ম্যানমাৰৰ কোম্পানীসমূহৰ সংঘৰ অং হিচাপে ২০০২ ৰ পৰাই ম্যানমাৰত শ্বেয়ে গেছ প্ৰকল্পৰ অন্বেষণ আৰু উন্নয়নত নিয়োজিত হৈ আহিছে অএনজিচি বিদেশ (অভিএল)। এই প্ৰকল্পটোত সহ-বিনিয়োগকাৰী হিচাপে ভাৰতীয় পিএছইউ গেইলো আছে। এই প্ৰকল্পটোত ৩১ মাৰ্চ, ২০১৯ পৰ্যন্ত অভিএলে ৭২২ মিলিয়ন আমেৰিকান ডলাৰ (সংযোগী গড় বাৰ্ষিক বিনিময় হাৰ অনুসৰি প্ৰায় ৩৯৪৯ কোটি টকা) বিনিয়োগ কৰিছে। শ্বেয়ে প্ৰকল্পৰপৰা ২০১৩ ৰ জুলাইত প্ৰথমবাৰৰ কাৰণে গেছ লাভ কৰা গৈছিল আৰু ২০১৪ ৰ ডিচেম্বৰৰপৰা মালভূমিপাদন আৰম্ভ হৈছিল। ২০১৪-১৫ বিত্তীয় বৰ্ষৰপৰা এই প্ৰকল্পটোৱে বৰ্ধিত ধনৰ প্ৰবাহ সৃষ্টি কৰিবলৈ সক্ষম হয়। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে আজি অএনজিচি বিদেশ লিমিটেড (অভিএল)ৰদ্বাৰা ম্যানমাৰত শ্বেয়ে অইল আৰু গেছ প্ৰকল্পৰ পৰৱৰ্তী উন্নয়নৰ অৰ্থে ১২১.২৭ মিলিয়ন আমেৰিকান ডলাৰ (প্ৰায় ৯০৯ কোটি টকা; ১ আমেৰিকান ডলাৰ= ৭৫ টকা) অতিৰিক্ত বিনিয়োগত অনুমোদন জনায়।

লাভালাভঃ

চুবুৰীয়া ৰাষ্ট্ৰসমূহত তেল আৰু গেছৰ অন্বেষণ আৰু উন্নয়নমূলক প্ৰকল্পসমূহত ভাৰতৰ এক্ট ইষ্ট নীতিৰ অংশ হিচাপে ভাৰতীয় পিএছইউয়ে অংশগ্ৰহণ কৰিছে আৰু ই ভাৰতৰ প্ৰয়োজনীয় শক্তি সুৰক্ষা শক্তিশালীকৰণৰ অৰ্থে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে শক্তি সেতু গঢ়াৰ পৰিকল্পনাৰে এটা অংশ।

                    ********



(Release ID: 1634158) Visitor Counter : 261