প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আচাৰ্য শ্ৰী মহাপ্ৰজ্ঞজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

জনসাধাৰণক ‘এখন সমৃদ্ধিশালী ৰাষ্ট্ৰৰ বাবে সুখী পৰিয়াল গঢ় দিয়া’ৰ মন্ত্ৰ ৰূপায়ণ কৰাৰ আহ্বান

Posted On: 19 JUN 2020 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি আচাৰ্য শ্ৰী মহাপ্ৰজ্ঞজীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সন্ন্যাসীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আচাৰ্য শ্ৰী মহাপ্ৰজ্ঞ জীয়ে তেওঁৰ সমগ্ৰ জীৱন মানৱতা আৰু সমাজৰ নামত উচৰ্গা কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে এই মহান সন্ন্যাসীগৰাকীৰ সৈতে হোৱা সাক্ষাকাৰৰ স্মৰণ কৰে৷ প্ৰদানমন্ত্ৰীয়ে কয় যে তেওঁ আচাৰ্যৰ সৈতে বহুবাৰ বাৰ্তালাপ কৰাৰ সৌভাগ্য হৈছিল আৰু তেওঁ এই মহান সন্ন্যাসীগৰাকীৰ যাত্ৰাকালত বহু নতুন কথা শিকিছিল৷

শ্ৰী মোদীয়ে কয় যে তেঁৱো মহাপ্ৰজ্ঞজীৰ অহিংসা যাত্ৰা আৰু মানৱতাৰ সেৱাত অংশ লোৱাৰ সূযোগ পাইছিল৷

তেওঁ কয় যে আচাৰ্য শ্ৰী মহাপ্ৰজ্ঞৰ দৰে যুগঋষিৰ জীৱনত নিজৰ বাবে একো নাছিল, কিন্তু তেওঁৰ জীৱন, চিন্তন আৰু কাৰ্য, সকলো মানৱতাৰ সেৱাৰ বাবে সমৰ্পিত কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে আচাৰ্যজীৰ উদ্ধৃতি দি কয়, যদি আপুনি নিজৰ জীৱনত ‘মই আৰু মোক’ ত্যাগ কৰে, তেতিয়াহ’লে সমগ্ৰ বিশ্বই আপোনাৰ হৈ পৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই মহান সন্ন্যাসীগৰাকীয়ে ইয়াক নিজৰ জীৱনৰ মন্ত্ৰ তথা দৰ্শন হিচাপে গঢ়ি তোলাৰ লগতে নিজৰ প্ৰতিটো কাম-কাজত ইয়াক ব্যৱহাৰ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্ন্যাসীগৰাকীৰ জীৱনত নিজাকৈ কোনো প্ৰয়োজনীয়তা নাছিল যদিও প্ৰতিগৰাকী ব্যক্তিৰ বাবে তেওঁৰ মনত ভালপোৱা আছিল৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰে কৈছিল যে আচাৰ্য মহাপ্ৰজ্ঞ জী আধূনিক যুগৰ বিবেকানন্দ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এইদৰে দিগম্বৰ পৰাম্পৰাৰ মহান সন্ন্যাসী আচাৰ্য বিদ্যানন্দই আচাৰ্য মহাপ্ৰজ্ঞৰ অদ্ভূত সাহিত্য ৰচনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মহাপ্ৰজ্ঞ জীৰ তুলনা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সৈতে কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে অটল বিহাৰী বাজপেয়ী জীৰ কথা উল্লেখ কৰি কয় যে অটল জীয়ে নিজেও সাহিত্য আৰু জ্ঞানৰ ভাণ্ডাৰ আছিল, তেওঁ প্রায়ে কৈছিল, “মই আচার্য শ্রী মহাপ্ৰজ্ঞজীৰ সাহিত্য, তেওঁৰ সাহিত্যৰ গভীৰতা, তেওঁৰ জ্ঞান আৰু শব্দৰ বহুত ডাঙৰ প্রেমিক।

প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰী আচাৰ্য শ্ৰীক এনে এগৰাকী ব্যক্তি হিচাপে বৰ্ণনা কৰে, বক্তব্যৰ সৌম্যতা, মন্ত্ৰমুগ্ধকৰ কণ্ঠ, শব্দ চয়নত ভাৰসাম্যতাযেন তেওঁ ঈশ্বৰৰ আশীষ লাভ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আচাৰ্য শ্ৰীয়ে আধ্যাত্মিকতা, দর্শন, ৰাজনীতি, মনস্তত্ত্ব আৰু অর্থনীতিৰ দৰে বিষয়ক লৈ স্ংস্কৃত, হিন্দী, গুজৰাটী, ইংৰাজী ভাষাত তিনি শতাধিক গ্ৰন্থ ৰচনা কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দ্য ফেমিলি এণ্ড দ্য নেচন গ্ৰন্থখনৰ কথা উল্লেখ কৰে, যিখন  মহাপ্ৰজ্ঞজীয়ে ড০ পি জে আব্দুল কালামজীৰ সৈতে যুটীয়াভাৱে লিখিছিল৷

তেওঁ কয়, এটা পৰিয়াল কিদৰে সুখী পৰিয়াল হৈ উঠে, এক সুখী পৰিয়ালে কিদৰে এক সমৃদ্ধ ৰাষ্ট্ৰ নির্মাণ কৰিব পাৰে, সেই দৃষ্টিভংগী এই দুগৰাকী মহাপুৰুষ মিলি এই গ্ৰন্থখনত লিখিছিল৷

এই মহাপুৰুষ দুগৰাকীৰ জীৱনৰ তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ মহাপুৰুষ দুগৰাকীৰ পৰা এইটো শিকিলে ‘এজন আধ্যাত্মিক গুৰুৱে কিদৰে বৈজ্ঞানিক দৃষ্টিভংগীসম্পন্ন হৈ উঠিব পাৰে আৰু এজন বৈজ্ঞানিক কিমান ঋষিপ্ৰতীম আৰু আধ্যাত্মিক ব্যাখ্যা দিব পাৰে৷

তেওঁ কয়, একেলগে দুগৰাকী মহাপুৰষৰ সান্নিধ্য লাভৰ মোৰ সৌভাগ্য হৈছিল

তেওঁ লগতে কয় যে ড০ কালামে মহাপ্ৰজ্ঞ জীৰ বিষয়ে কৈছিল যে তেওঁৰ জীৱনৰ এটাই উদ্দেশ্য আছিল-সেয়া হৈছে—খোজ কঢ়া, অর্জন কৰা আৰু দিয়া৷ অর্থা সদায় ভ্ৰমণ কৰা, জ্ঞান অর্জন কৰা আৰু জীৱনত যি অর্জন কৰে সম্পূৰ্ণ সমাজক দিয়া৷

প্ৰদানমন্ত্ৰীয়ে কয় যে মহাপ্ৰজ্ঞ জীয়ে নিজৰ জীৱনকালত হাজাৰ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিছিল৷ তেওঁ জীৱনৰ অন্তিম সময়লৈকে অহিংসাৰ পথত খোজ দিছিল৷ আচাৰ্য মহাপ্ৰজ্ঞই কৈছিল, আত্মা মোৰ ঈশ্বৰ, ত্যাগ মোৰ প্রার্থনা, মৈত্রী মোৰ ভক্তি, সংযম মোৰ শক্তি আৰু অহিংসা মোৰ ধর্ম।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই জীৱনশৈলীক তেওঁ নিজেও গ্ৰহণ কৰিছিল আৰু কোটি কোটি লোককো শিকাইছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যোগৰ জৰিয়তে তেওঁ কোটি কোটি লোকক অৱসাদমুক্ত জীৱনৰ কলা শিকাইছিল৷ তেওঁ কয়, এইটো এটা সুখৰ সংবাদ যে আৰু এদিন পাছতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আছে।

আমাৰ বাবে সেইদিনটো এক বৃহ সুযোগ আহিব যেতিয়া আমি সকলোৱে সুখী পৰিয়াল আৰু সমৃদ্ধ ৰাষ্ট্ৰৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞজীৰ এই সপোন বাস্তবায়িত কৰাৰ বাবে যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ অৱদান আগবঢ়াম৷ তেওঁৰ চিন্তাধাৰাসমূহ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কাষলৈ নিয়া হ’ব৷

আচাৰ্য মহাপ্ৰজ্ঞজীৰ আন এষাৰি মন্ত্ৰ ‘সুস্থ ব্যক্তি, সুস্থ সমাজ, সুস্থ অর্থ ব্যৱস্থা’ৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ মন্ত্ৰই আমাৰ সকলোকে বৃহপ্ৰেৰণা যোগায়৷

তেওঁ কয় যে দেশে আজি ‘আত্মনিৰ্ভৰ ভাৰত’ গঢ়ি তোলাৰ সংকল্প আৰু সেই মন্ত্ৰেৰে আগুৱাই গৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, মোৰ দৃঢ় বিশ্বাস যি সমাজ আৰু ৰাষ্ট্রৰ আদর্শই আমাৰ ঋষি-মুনিসকলে আমাৰ সন্নাস্যী মহাত্মাসকলে আমাৰ আগত ৰাখি গৈছে, মই দেশবাসীক য’তদূৰ সম্ভৱ শীঘ্ৰে এই সংকল্পক বাস্তবায়িত কৰিব। আপোনালোক সকলোৱে এই সপোন বাস্তবায়িত কৰিব৷

*****

VRRK/AK/DB



(Release ID: 1633040) Visitor Counter : 169