প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৯ জুন, ২০২০ত সৰ্বদলীয় বৈঠক সন্দৰ্ভত বিবৃতি

Posted On: 20 JUN 2020 1:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে কালি সৰ্বদলীয় বৈঠক(এপিএম)ত আগবঢ়োৱা মন্তব্যক একাংশ লোকে উদ্দেশ্যপ্ৰণোদিত ভাৱে অপব্যাখ্যা কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ সদৰি কৰিছে যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(এলএচি)ত সীমা উলংঘা কৰা যিকোনো প্ৰচেষ্টাৰ বিপৰীতে ভাৰতে উচিত প্ৰত্যুত্তৰ দিব৷ তেওঁ সজোৰে কয় যে পূৰ্বতে এনে প্ৰত্যাহ্বানক অৱহেলা কৰা হৈছিল যদিও বৰ্তমান এলএচিৰ ভাৰতীয় সেনাই যিকোনো হিংসাত্মক ঘটনাৰ প্ৰত্যুত্তৰ দি আহিছে(উনহে ৰোকটে হ্যে, উনহে টোকটে হ্যে)৷

বৈঠকত এইটোও জনোৱা হৈছে যে বৰ্তমান সময়ত চীনা সৈন্য অধিক শক্তিশালী হৈ আহিছে আৰু ভাৰত প্ৰত্যুত্তৰ আছিল আনুপাতিক৷ সর্বদলীয় বৈঠকত এই কথাও জনোৱা হয় যে চীনা বাহিনীয়ে শেহতীয়াকৈ কেইবাবাৰো নিয়ন্ত্ৰনৰেখা উলংঘা কৰি আহিছে, ভাৰতেত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে৷

 

নিয়ন্ত্ৰণ ৰেখাত বাৰে বাৰে সীমা উলংঘাৰ প্ৰসংগত স্পষ্টভাৱে জনোৱা হৈছে যে যোৱা ১৫ জুনত চীনা বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি আন্তঃগাঁথনিমূলক নিৰ্মাণ কৰিব বিচাৰিছিল আৰু তাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰাৰ ফলতে গালৱানত এই হিংসাত্মক ঘটনা সংঘটিত হয়৷
 

সর্বদলীয় বৈঠকৰ আলোচনাত প্ৰধানমন্ত্রীৰ বক্তব্যৰ মূল বিষয় আছিল গালৱানৰ ১৫ জুনৰ ঘটনা, য’ত ২০গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল৷ আমাৰ সামৰিক বাহিনীৰ যিসকল সেনা জোৱানে চীনাৰ অপ্ৰচেষ্টাক বাধা দিছিল প্ৰধানমন্ত্রীয়ে তেওঁলোকৰ শৌর্য্য আৰু দেশপ্ৰেমক শ্ৰদ্ধা জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ দিশে চীনা সেনা প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ আমাৰ সামৰিক বাহিনীয়ে সাহসিকতাৰে পৰিস্থিতিৰ মোকাবিলা কৰে৷ ভাৰতীয় ভূখণ্ডত চীনা সেনাৰ আন্তঃগাঁথনি নিৰ্মাণৰ চেষ্টাক ১৬নং বিহাৰ ৰেজিমেণ্টৰ সৈন্যসকলে বাধা প্ৰদান কৰে, তাৰ ফলত সংঘটিত ঘটনাত তেওঁলোকে প্রাণ আহুতি দিয়ে৷

প্ৰধানমন্ত্রীয়ে কৈছিল,যিসকলে সীমা পাৰ হৈ আমাৰ দেশত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল, আমাৰ দেশৰ সাহসী সন্তানসকলে ইয়াৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিয়ে৷ আমাৰ সামৰিক বাহিনীৰ অপৰিসীম মনোবলৰ বাবে এয়া সম্ভৱ হৈছে৷” প্ৰধানমন্ত্রীয়ে লগতে কয়,আমি আপোনালোক এইটো নিশ্চিত কৰিব বিচাৰিছো যে আমাৰ সীমা উপযুক্তভাবে সুৰক্ষা দিয়াত আমাৰ সামৰিক বাহিনীয়ে চেষ্টাৰ কোনো ত্রুটি নকৰে৷ভাৰতীয় ভূখণ্ড কিমান ঠাই জুৰি আছে, ভাৰতৰ মানচিত্রতে সেয়া স্পষ্ট হৈ আছে৷ বর্তমান চৰকাৰে দৃঢ়তাৰে সেই ভূখণ্ডৰ সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ বিগত ৬০ বছৰত ৪৩ হাজাৰ বর্গ কিলোমিটাৰ এলেকা কিদৰে এৰি দিব লগা হৈছে দেশে সেই বিষয়ে জানে৷ সর্বদলীয় বৈঠকত কোন কোন ঠাইত অবৈধভাবে দখল হৈছে সেই বিষয়েও বিস্তৃতভাৱে জনোৱা হয়৷ নিয়ন্ত্ৰণ ৰেখাক এককভাবে পৰিৱর্তন কৰিবলৈ বর্তমানৰ চৰকাৰে অনুমতি নিদিয়ে বুলিও বৈঠকত স্পষ্টভাবে জনোৱা হয়৷

এইটো অতি দুর্ভাগ্যজনক কথা যে আমাৰ সাহসী সৈন্যসকলে যেতিয়া আমাৰ সীমান্ত ৰক্ষা কৰি আছে, সেই সময়ত অহেতুক বিতর্ক সৃষ্টি কৰি তেওঁলোকৰ মনোবল ভঙাৰ চেষ্টা চলিছে৷ যদিও সর্বদলীয় বৈঠকত ৰাষ্ট্ৰীয় এই সংকটৰ সময়ত চৰকাৰ আৰু সামৰিক বাহিনীৰ প্ৰতি কোনো দ্বিধাবোধ নথকাকৈ অধিকাংশ দলেই সমর্থন আগবঢ়াইছে৷ আমাৰ দৃঢ় বিশ্বাস উদ্দেশ্যপ্ৰণোদিত চলোৱা এই প্ৰচাৰে ভাৰতৰ জনগণৰ একতাক কোনো প্ৰকাৰে দুৰ্বল কৰিব নোৱাৰে৷

 

VRRK/AKP/DB



(Release ID: 1633010) Visitor Counter : 290