আয়ুষ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিওৱাই) উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা অভিমত সম্প্ৰচাৰিত হ’ব

২১জুন ২০২০ৰ দিনা উদযাপিত হ’ব লগা ‘আইডিওৱাই’-ৰ কাৰ্যসূচী সম্প্ৰচাৰিত কৰাৰ বাবে বৈদ্যুতীন আৰু ডিজিটেল মাধ্যমৰ ব্যাপক সুযোগ গ্ৰহণ কৰিব আয়ুস মন্ত্ৰালয়ে

Posted On: 18 JUN 2020 6:32PM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকাশ কৰিবলগীয়া এক বাৰ্তাত যোগ দিৱসৰ তাত্পৰ্যসমূহৰ বিষয়ে আলোকপাত কৰিব। চলিত বৰ্ষৰ যোগ দিৱসৰ কাৰ্যসূচীসমূহ বৈদ্যুতীন আৰু ডিজিটেল মাধ্যমেৰে ব্যাপক পৰিসৰত সম্প্ৰচাৰিত কৰাৰ বাবে আয়ুষ মন্ত্ৰালয়ে বিশেষ তত্পৰতা গ্ৰহণ কৰিছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিবলগীয়া মন্তব্য ডিডি নেশ্যনেল, ডিডি নিউজ, ডিডি ভাৰতী, ডিডি ইণ্ডিয়া, ডিডি উৰ্দু, ডিডি স্পৰ্টছ, ডিডি কিষাণকে ধৰি আৰএলএছএছ-ৰ সকলো চেনেলৰ লগতে সকলোবোৰ আঞ্চলিক কেন্দ্ৰৰ যোগে সম্প্ৰচাৰিত কৰা হব। বিগত বছৰসমূহৰ দৰেই এইবেলিও প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিচতে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান(এমডিএনআইওৱাই)ৰ এটি দলৰ নেতৃত্বত ৪৫মিনিট জোৰা এক সমূহীয়া যোগ বিধি (চিওৱাইপি)ৰ প্ৰদৰ্শনী অনুষ্ঠিত হব। বিভিন্ন বয়স, ভিন্ন মানসিকতা আৰু কৰ্মক্ষেত্ৰৰ ব্যক্তিসকলৰ উপযোগী হোৱাকৈ এই চিওৱাইপি যুগুতাই উলিওৱা হৈছে। যিসকলে ইতিমধ্যে চিওৱাইপি-ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে, তেওঁলোকে ইয়াৰ অনুশীলনৰ বাবে অধিক উত্সাহ লাভ কৰিব আৰু ইয়ে তেওঁলোকক দীৰ্ঘ কালৰ বাবে যোগৰ অনুশীলন অব্যাহত ৰখাৰ বাবে উদ্বুদ্ধ কৰি তুলিব বুলি আশা কৰা হৈছে।

বিগত বছৰসমূহত আইডিওৱাই ৰাজহুৱা স্থানসমূহত লাখ লাখ লোকে একে লগে সমবেত হৈ শান্তিপূৰ্ণ ভাবে উদযাপন কাৰাৰ পৰম্পৰা গঢ়ি তুলিছিল। পিচে, এই বছৰ কভিড-১৯ মহামৰীৰ প্ৰাদুৰ্ভাৱে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা স্থানত সমবেত হৈ যোগ দিৱস উদযাপন কৰাৰ পৰিৱৰ্তে নিজ নিজ ঘৰত নিতান্তই পৰিয়ালকেন্দ্ৰীকভবেহে অনুষ্ঠান উদযাপনত গুৰুত্ব আৰোপ কৰা হৈছে।

বিশ্বৰ সকলো প্ৰান্তৰ ৰাইজক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰাৰ বাবে আহ্বান জনাইছে আয়ুস মন্ত্ৰালয়ে। ২১জুন ২০২০ৰ দিনা পুৱা ৬.৩০ বজাৰ পৰা অনুষ্ঠিত হব এই কাৰ্যসূচী।

কাৰ্যসূচী-

পুৱা ০৬-১৫ৰ পৰা ৭-০০বজালৈ : উদ্বোধনী অনুষ্ঠান। এই কাৰ্যসূচীত আয়ুষ বিভাগৰ মন্ত্ৰীগৰাকীয়ে জনোৱা আদৰণি ভাষণ, প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু আয়ুষ বিভাগৰ সচিবৰ শলাগৰ শৰাই অন্তৰ্ভুক্ত হব।

পুৱা ০৭-০০বজাৰ পৰা ৭-৪৫বজালৈ : উমৈহতীয়া যোগ বিধিৰ প্ৰদৰ্শনী।

পুৱা ৭-৪৫ৰ পৰা ০৮০০বজালৈ- যোগ বিশেষজ্ঞৰে আলোচনা আৰু মূল কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান।

***

MV/SK/KB



(Release ID: 1632531) Visitor Counter : 236