স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

আৰোগ্য লাভৰ হাৰ ৫০% ৰোধিক

মুঠ ১,৬২,৩৭৮ ৰোগীয়ে ক’ভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰিছে

Posted On: 14 JUN 2020 3:35PM by PIB Guwahati

যোৱা ২৪ ঘন্টাত ৮,০৪৯ গৰাকী কভিড-১৯ ত আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাকে ধৰি, আৰোগ্য লাভৰ হাৰ ৫০% ৰোধিক হৈ পৰিছে। এতিয়ালৈকে মুঠ ১,৬২,৩৭৮ গৰাকী ৰোগীয়ে কভিড-১৯ ৰপৰা আৰোগ্য লাভ কৰিছে।

সম্প্ৰতি, এই আৰোগ্য লাভৰ হাৰ হৈছে ৫০.৬০%। ই কভিড-১৯ ত আক্ৰান্ত হোৱা মুঠ ঘটনাৰ, আধা সংখ্যক লোকেই ব্যাধিটোৰপৰা আৰোগ্য লাভ কৰাটো সূচিত কৰিছে। সময়মতে আক্ৰান্তৰ চিনাক্তকৰণ আৰু যথোপযুক্ত চিকিৎসা ব্যৱস্থাপনাই ক্ষীপ্ৰভাৱে আৰোগ্য লাভ কৰাৰ পথ প্ৰশস্ত কৰি তুলিছে।

বৰ্তমানে, ১,৪৯,৩৪৮ গৰাকী আক্ৰান্ত চিকিৎসাধীন অৱস্থাত আছে।

সংক্ৰমিত লোকসকলৰ নভেল কৰোনাভাইৰাছৰ চিনাক্তকৰণৰ অৰ্থে আইচিএমআৰ ৰদ্বাৰা পৰীক্ষণৰ সামৰ্থ্য ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে। চৰকাৰী পৰীক্ষাগাৰৰ সংখ্যা ৬৪৬ আৰু ব্যক্তিগত পৰীক্ষাগাৰৰ সংখ্যা ২৪৭ (মুঠ ৮৯৩ টা) লৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত, ১,৫১,৪৩২ টা নমুনা পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে পৰীক্ষা কৰা নমুনাৰ মুঠ পৰিমাণ হৈছে ৫৬,৫৮,৬১৪ টা।

আজি, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ কভিড-১৯ পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী সহিতে দিল্লীৰ লেফটেনেন্ট গভৰ্নৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠকত ভাগ লয়। এই বৈঠকত কন্টেইনমেন্ট ব্যৱস্থাৰ শক্তিশালীকৰণ, পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা আৰু পৰ্যাপ্ত চিকিৎসা আন্তঃগাঁথনিৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়।

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ সকলো শুদ্ধ আৰু শেহতীয়া তথ্যৰ কাৰণে অনুগ্ৰহ কৰি নিয়মিতভাৱে https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওঁক।

ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন থাকিলে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

ভিড-১৯ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ কাৰণে, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হেল্পলাইন নং: +91-11-23978046 বা 1075 (ল-ফ্ৰী) ত ফোন কৰিব পাৰে। কভিড-১৯ সন্দৰ্ভত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰসমূহৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ।

 

****

MV/SG/SB



(Release ID: 1631549) Visitor Counter : 221