স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ শেহতীয়া তথ্য

আৰোগ্য লাভৰ হাৰ ৪৯.৪৭%লৈ বৃদ্ধি

এইপৰ্যন্ত ১,৪৭,১৯৪ গৰাকী লোকে লাভ কৰিছে আৰোগ্য

Posted On: 12 JUN 2020 4:00PM by PIB Guwahati

দেশত ভিড সংক্ৰমিত লোকসকলৰ সুস্থ হৈ উঠাৰ হাৰ বৃদ্ধি পাইছে, এই মুহূৰ্ততত ইয়াৰ পৰিমাণ ৪৯.৪৭ শতাংশ হৈছেগৈ। বিগত ২৪ ঘন্টাত ৬১৬৬ জন ভিড-১৯ সংক্ৰমিত ৰোগী সুস্থ হৈছে। ইয়াৰ ফলত মুঠ সুস্থ হৈ উঠাৰ সংখ্যা ,৪৭,১৯৪ জন। বৰ্তমান ,৪১,৮৪২ জন ভিড-১৯ সংক্ৰমিত ৰোগী চিকিৎসকৰ তত্ত্বাৱধানত আছে।

লকডাউনৰ আৰম্ভণিতে সংক্ৰমিতৰ হাৰ দ্বিগুণ হৈছিল মাত্ৰ . দিনতে, তাৰ পৰিৱৰ্তে এতিয়া সংক্ৰমিতৰ হাৰ দ্বিগুণ হৈছে ১৭. দিনত।

ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে যে এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সংক্ৰমণৰ কেন্দ্ৰস্থলবোৰত বিশেষ নজৰ দিব লাগিব আৰু কনটেইনমেন্ট এলেকাৰ নিয়ম নীতিবোৰো কঠোৰভাৱে পালন কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই এলেকাত ঘৰে ঘৰে গৈ চকু ৰখাৰ ওপৰতো বিশেষ জোৰ দিয়া হৈছে। ইয়াৰ উপৰিও স্বাস্থ্যক্ষেত্ৰত প্ৰয়োজন অনুসৰি লজিষ্টিক আৰু চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীসহ প্ৰশিক্ষিত মানৱ সম্পদ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

জ্যেষ্ঠ নাগৰিক আৰু যিসকলে বিভিন্ন জটিল ৰোগত ভুগি আছে এইধৰণৰ স্পৰ্শকাতৰ নাগৰিকসকলৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।  কোনো লোকৰ দেহত সংক্ৰমণে দেখা দিলে, ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক জনাব লাগিব। ইয়াৰ উপৰিও শাৰীৰিক দূৰত্ব বজায় ৰখা আৰু অন্যান্য বিধি নিষেধ যাতে যথাযথভাৱে পালন কৰা হয়, তাৰ বাবেও ৰাজ্যবোৰক নজৰ ৰখাৰ আহ্বান জনোৱা হৈছে।

আইচিএমআৰত ভিড সংক্ৰমণৰ নমুনা পৰীক্ষাৰ ক্ষমতা আৰু বৃদ্ধি কৰিছে। দেশত বৰ্তমান ৬৩৭ খন চৰকাৰী আৰু ২৪০ খন বেচৰকাৰী অৰ্থাৎ মুঠ ৮৭৭ টা পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰা হৈছে। বিগত ২৪ ঘন্টাত ,৫০,৩০৫ টা নমুনা পৰীক্ষা কৰা হৈছে। এই পৰ্যন্ত মুঠ ৫৩,৬৩,৪৪৫ টা নমুনা পৰীক্ষা কৰা হৈছে।

ভিড-১৯ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সেয়া জানিবলৈ https://www.mohfw.gov.in/ লিংকটো ক্লিক কৰক।

ভিড-১৯ বিষয়ে কোনো কথা প্ৰকাশ কৰিবলৈ বিচাৰিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - শীৰ্ষক এই দুটা  -মেইলত যোগাযোগ কৰিব পাৰিব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva- তো প্ৰশ্ন কৰিব পাৰিব।  ইয়াৰ উপৰিও +৯১-১১-২৩৯৭ -৮০৪৬  অথবা ফ্ৰী নম্বৰ ১০৭৫ তো ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভিড১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰবোৰৰ তালিকাৰ বাবে তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

 

****

MV/SG/RD



(Release ID: 1631296) Visitor Counter : 138