প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 10 JUN 2020 9:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কাৰ্যালয়ত পুনৰ যোগদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ মহামাৰীৰ ক্ষেত্ৰত ভাৰত আৰু ইজৰাইলৰ সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে৷  এই সহযোগিতাত প্ৰতিষেধক, চিকিৎসা আদিৰ বিকাশ তথা গৱেষণা আদিৰ দিশসমূহ অন্তৰ্ভুক্ত আছে৷ তেওঁলোকে দুয়োখন দেশৰ মাজত বিশেষজ্ঞসকলৰ অভিজ্ঞতাৰ চলিত বিনিময় সন্দৰ্ভত মতপোষণ কৰে৷ 

নেতাদ্বয়ে ক’ভিডৰ পিছৰ সময়ছোৱাত তেওঁলোকৰ দ্বিপাক্ষিক এজেণ্ডাসমূহৰ বিষয়েও আলোচনা কৰে৷ স্বাস্থ্য প্ৰযুক্তি, কৃষি উদ্ভাৱন, প্ৰতিৰক্ষা সহযোগিতা আৰু তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত-ইজৰাইলৰ প্ৰসাৰণসাধ্য ক্ষেত্ৰসমূহৰ বিষয়ে তেওঁলোকে বুজ লয়৷ 

দুয়োগৰাকী নেতাই পৰিৱৰ্তনীয় গোলকীয় প্ৰেক্ষাপটত উদ্ভাসিত হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰাখিবলৈ সহমত পোষণ কৰে৷

 

****

VRRK/KP/MANN



(Release ID: 1630780) Visitor Counter : 229