স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া তথ্য
ৰাজ্য চৰকাৰৰদ্বাৰা ক’ভিড চিকিৎসালয় হিচাপে অধিসূচিত সকলো চিজিএইচএছ পেনেলবদ্ধ হস্পিতালত চিজিএইচএছ উপভোক্তাসকলে লাভ কৰিব চিকিৎসাৰ সুবিধা
प्रविष्टि तिथि:
10 JUN 2020 11:30AM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চিজিএইচএছৰ অধীনষ্ঠ পেনেলভুক্ত ব্যক্তিগত চিকিৎসালয়/ডায়ন’ষ্টিক চেণ্টাৰত চিকিৎসাৰ সুবিধা পোৱাৰ ক্ষেত্ৰত সন্মুখীন হৈ থকা জটিলতা সন্দৰ্ভত চিজিএইচএছৰ উপভোক্তাৰ পৰা লাভ কৰা প্ৰেজেণ্টেচন পুনৰীক্ষণ কৰাৰ পাছত চিজিএইচএছৰ অধীনষ্ঠ পেনেলভুক্ত সকলো স্বাস্থ্য সেৱা সংগঠন(এইচচিঅ’)লৈ এক নিৰ্দেশ জাৰি কৰিছে।
মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, ৰাজ্য চৰকাৰৰদ্বাৰা ক’ভিড চিকিৎসালয় হিচাপে অধিসূচিত সকলো চিজিএইচএছ পেনেলভুক্ত হস্পিতালত চিজিএইচএছ উপভোক্তাসকলে চিকিৎসাৰ সুবিধা লাভ কৰিব। একেদৰে, নিৰ্দেশটোত পুনৰ কোৱা হৈছে যে, ক’ভিড চিকিৎসালয় হিচাপে অধিসূচিত নোহোৱা চিজিএইচএছ পেনেলভুক্ত চিকিৎসালয়সমূহেও চিজিএইচএছ উপভোক্তাৰ চিকিৎসা আৰু নামভৰ্তিত আপত্তি দৰ্শাব নোৱাৰে। চিজিএইচএছৰ নীতি-নিয়ম অনুসৰিয়ে তেওঁলোকে মাচুল আদায় গ্ৰহণ কৰিব পাৰিব। মন্ত্ৰালয়ৰ নীতি-নিৰ্দেশনা ভংগ কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব।
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো কাৰিকৰী সমস্যা, নীতি -নিৰ্দেশনা আৰু দিহা-পৰামৰ্শ সন্দৰ্ভত শেহতীয়া আৰু প্ৰকৃত তথ্যৰ অনুগ্ৰহ কৰি নিয়মীয়াকৈ ভিজিট কৰক: https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA .
ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্নৰ বাবে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্নৰ বাবে ncov2019[at]gov[dot]in and @CovidIndiaSeva লৈ আপোনাৰ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰে।
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ বাবে অনুগ্ৰহ কৰি ফোন কৰক কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ: +91-11-23978046 or 1075 (ট’ল-ফ্ৰী)। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰ নিম্নোক্ত লিংকত উপলব্ধ হ’বঃ https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .
****
MV/SG/MS
(रिलीज़ आईडी: 1630779)
आगंतुक पटल : 294
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam