PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 10 JUN 2020 6:10PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা লাভ কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যসমূহ; সক্ৰিয় ৰোগীতকৈ বৃদ্ধি পাইছে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা; আইচিএমআৰত ৫০ লক্ষাধিক নমুনা পৰীক্ষণ কৰা হৈছে; ক’ভিড-১৯ৰ ব্যৱস্থাপনাত ৰাজ্যসমূহক সহায় কৰাৰ বাবে ৬খন চহৰলৈ আৱণ্টিত কৰা হৈছে কেন্দ্ৰীয় দল

বিগত ২৪ ঘণ্টাত ৫,৯৯১ গৰাকী ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১,৩৫,২০৫ জন৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৩৩,৬৩২ জন৷ আৰোগ্যৰ হাৰ হ’ল ৪৮.৮৮%৷ আইচিএমআৰে সম্পন্ন কৰা পৰীক্ষণৰ সংখ্যাইও ৫০ লাখৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টাত আইচিএমআৰে ১,৪৫,২১৬ টা নমুনা পৰীক্ষণ কৰিছে৷ চৰকাৰী গৱেষণাগাৰৰ সংখ্যা ৫৯০লৈ আৰু ব্যক্তিগত গৱেষণাগাৰৰ সংখ্যা ২৩৩লৈ বৃদ্ধি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

চিজিএইচএছৰ অনুমোদিত চিকিৎসালয়সমূহক ৰাজ্য চৰকাৰে ক’ভিড চিকিৎসালয় হিচাপে স্বীকৃতি প্ৰদান কৰিছে, চিজিএইচএছৰ হিতাধিকাৰীসকলক চিকিৎসাৰ সুবিধা প্ৰদানৰ নিৰ্দেশ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চিজিএইচএছৰ অধীনত অনুমোদিত সকলো স্বাস্থ্য প্ৰতিষ্ঠানক ক’ভিড চিকিৎসালয় হিচাপে কাম কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ চিজিএইচএছৰ হিতাধিকাৰীসকলে চিজিএইচএছৰ নিৰ্দেশনাৱলী অনুসৰি সেৱা লাভ কৰিব পাৰিব৷

অধিক বিৱৰণৰ বাবে

লকডাউন শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত মালবাহী ৰে’লসমূহৰ সঞ্চালন বৃদ্ধি পাইছে

ক’ভিড-১৯ৰ ফলত ৰাষ্ট্ৰজুৰি বলৱৎ কৰা লকডাউন শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত মালবাহী ৰে’লসমূহৰ সঞ্চালন পূৰ্বতকৈও বৃদ্ধি পাইছে৷ মে’ মাহত ভাৰতীয় ৰে’লৱে ৮২.২৭ মিলিয়ন টনৰ অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহণ কৰিছে যি এপ্ৰিল মাহত আছিল ৬৫.১৪ মিলিয়ন টন৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে কেডাৰনাথ পুনৰ নিৰ্মাণ প্ৰকল্পৰ খতিয়ান গ্ৰহণ কৰে

প্ৰধানমন্ত্ৰীয়ে আজি উত্তৰাখণ্ড ৰাজ্য চৰকাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেডাৰনাথ ধাম পুনৰ নিৰ্মাণৰ কামৰ খতিয়ান গ্ৰহণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে সামাজিক ব্যৱধানৰ নীতি মানি চলি নিৰ্মাণৰ কাম আগবঢ়াই নিবলৈ পৰামৰ্শ প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

ব্যক্তিগত খণ্ডক তেওঁলোকৰ সামৰ্থ বৃদ্ধিৰ বাবে ইছৰ’ৰ সুবিধা আৰু অন্যান্য প্ৰাসংগিক সম্পত্তিসমূহ ব্যৱহাৰ কৰিবলৈ দিয়া হ’বঃ ড জিতেন্দ্ৰ সিং

মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষত  মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সফলতাসমূহ বৰ্ণনা কৰি ড জিতেন্দ্ৰ সিঙে কয় যে মোদী চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বীক্ষণে মহাকাশ সম্বন্ধীয় কাৰ্যকলাপসমূহ ত্বৰান্বিত কৰিব৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি শ্ৰীমান ৰ’ড্ৰিগো ডুটাৰ্টিৰ সৈতে টেলিফোনত মত-বিনিময় কৰে। ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ দুয়োখন চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁলোকে আলোচনা কৰে।

দুয়োগৰাকী নেতাই দেশ দুখনৰ নাগৰিকৰ কল্যাণ আৰু তেওঁলোকৰ গৃহ প্ৰত্যাৱৰ্তন নিশ্চিত কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ শলাগ লয়। স্বাস্থ্য সংকটৰ সময়ত ফিলিপাইনছলৈ অত্যাৱশ্যকীয় ঔষধৰ যোগান ধৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ডুটাৰ্টীক আশ্বাস দিয়ে যে মহামাৰীৰ বিৰুদ্ধে যুঁজত ভাৰতে ফিলিপাইনছক সহায় কৰিবলৈ সংকল্পবদ্ধ। তেওঁ পুনৰ কয় যে সূলভ মূল্যত ঔষধীয় সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰতৰ সুপ্ৰতিষ্ঠিত সক্ষমতা আছে আৰু ভাৰতে এই সক্ষমতা মানৱ জাতি কল্যাণৰ বাবে ব্যৱহৃত কৰিব।

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ ৰাজ্যখনত সক্ৰিয় ৰোগী হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে চিকিৎসৰ, স্বাস্থ্য কৰ্মী, পৌৰ নিগম, আৰক্ষী আৰু বিষয়াসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানা চৰকাৰে ৰাজ্যখনত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে জ্যেষ্ঠ বিষয়াসকলক ন্যূনতম দুদিন আৰু দুৰাতিৰ বাবে জিলাসমূহলৈ গৈ খতিয়ান গ্ৰহণ কৰিবলৈ আৱণ্টিত কৰিছে৷
  • মহাৰাষ্ট্ৰঃ ২,২৫৯ জন নতুন ৰোগীৰ সৈতে মহাৰাষ্ট্ৰত মুঠ ৰোগীৰ সংখ্যাই ৯০,৭৮৭ জনৰ সংখ্যা স্পৰ্শ কৰিছে৷ মৃত্যুৰ সংখ্যা হ’ল ৩২৮৯ জন৷
  • গুজৰাটঃ ৪৭০ জন নতুন ৰোগীৰ সৈতে গুজৰাটত মুঠ ৰোগীৰ সংখ্যা হ’ল ২১০৪৪ জন৷ ইয়াৰে ৫৩৩৬ জন হ’ল সক্ৰিয় ৰোগী৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১,৩৬৮ জন৷ ইয়াৰে ৮,৫০২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ 
  • মধ্য প্ৰদেশঃ ২১১ জন নতুন ৰোগীৰ সৈতে মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৮৪৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭০০ জন৷ ইয়াৰে ৬,৭২৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২৫১ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৫৯ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৫৯ জন, ইয়াৰে ২৯২ জন হ’ল সক্ৰিয় ৰোগী আৰু ৬৭ জনে আৰোগ্য লাভ কৰিছে৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনলৈ ১১,৫০০ জন আৱদ্ধ লোকে উভতি আহিছে বুলি ৰাজ্যিক স্বাস্থ্য সচিবে জানিবলৈ দিছে৷
  • অসমঃ ৪২ জন নতুন ৰোগীৰ সৈতে অসমত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০৯২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯৮৭ জন৷ আৰোগ্য লাভ কৰিছে ১০৯৭ জনে আৰু মৃত্যু হৈছে ৫ জনৰ৷
  • মণিপুৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০৯ জন৷ উভতি অহা ১৯,৮৫৪ জনৰ আটাইৰে পৰীক্ষা সম্পন্ন কৰা হৈছে৷
  • মিজোৰামঃ লকডাউন নিৰ্দেশনাৰ আংশিক পৰিৱৰ্তনৰ নিয়মাৱলী জাৰি কৰা হৈছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডৰ চিভিল ছ’চাইটি সংস্থাই আজি সন্ধিয়া ৭ বজাত ‘প্ৰেয়াৰ ফ্ৰম হোম’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই পৰ্যন্ত ৪৭৩২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷
  • কেৰালাঃ কালিৰে পৰা ৯১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা হৈছে৷ ৰাজ্যখনত কোৱাৰেণ্টিনত থকা লোকৰ সংখ্যাই ২ লাখৰ সীমা অতিক্ৰম কৰিছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪,৯১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬,২৭৯ জন৷ মৃত্যুৰ সংখ্যা ৩০৭ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা ৫৯২১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ৩২৪৮ জন৷ মৃত্যুৰ সংখ্যা ৬৬ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা ৪১২৬ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১৫৭৩ জন৷ আৰোগ্য লাভ কৰিছে ২৪৭৫ জনে৷ মৃত্যুৰ সংখ্যা হ’ল ৭৮ জন৷
  • তেলেংগানাঃ চৰকাৰে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ অন্তৱৰ্তী পৰীক্ষাৰ ফলাফলৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ প্ৰায় ৭ লাখ শিক্ষাৰ্থী এই নিৰ্দেশনাৰ অধীনত উত্তীৰ্ণ হ’ব৷

ফেক্ট চেক

 

 

 



(Release ID: 1630743) Visitor Counter : 240