স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যাধিক্য ঘটা জিলাসমূহৰ জিলা দণ্ডাধীশ, পৌৰ আয়ুক্ত, মুখ্য চিকিত্সা বিষয়া আদিৰ সৈতে স্বাস্থ্য সচিবৰ মত বিনিময়

ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ সম্পৰ্কীয় প্ৰবন্ধনব্যৱস্থাৰ পৰ্যালোচনা

Posted On: 08 JUN 2020 2:06PM by PIB Guwahati

’ভিড-১৯ আক্ৰান্তৰ সংখ্যাধিক্য ঘটা জিলাসমূহৰ জিলা দণ্ডাধীশ, পৌৰ আয়ুক্ত, মুখ্য চিকিত্সা বিষয়া আদিৰ সৈতে আজি এক পৰ্যালোচনা সভাত মত বিনিময় কৰে স্বাস্থ্য বিভাগৰ সচিব শ্ৰীমতী প্ৰীতি সুড়ানে। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত সভাখনত বিভাগটোৰ বিশেষ কৰ্তব্যৰত বিষয়া শ্ৰী ৰাজেশ ভূষণৰ লগতে অন্যান্য জ্যেষ্ঠ বিয়য়া-বৰ্গই অংশগ্ৰহণ কৰে। সভাখনত দেশৰ ১০খন ৰাজ্যৰ সৰ্বাধিক ক’ভিড-আক্ৰান্ত ৩৮খন জিলাৰ জিলা দণ্ডাধীশ, ৪৫খন পৌৰ নিগমৰ পৌৰ আয়ুক্ত, মুখ্য চিকিত্সা বিষয়া, জিলা চিকিত্সালয়ৰ তত্বাৱধায়ক আৰু চিকিত্সা মহাবিদ্যালয়ৰ অধ্যক্ষসকলেও মত বিনিময় কৰে।

দেশৰ সৰ্বাধিক ক’ভিড-আক্ৰান্ত জিলাসমূহ থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকেইখন হ’ল- মহাৰাষ্ট্ৰ, তেলেংগানা, তামিল নাডু, ৰাজস্থান, হাৰিয়াণা, গুজৰাট, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, উত্তৰাখণ্ড আৰু মধ্য প্ৰদেশ।

সভাত মূলতঃ ঘন জনবসতিপূৰ্ণ এলেকাসমূহত চিন্তাদায়ক ভাবে হোৱা ক’ভিড-ৰ সংক্ৰমণ, চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ যৌথ উদ্যোগৰে ৰাজহুৱা সা-সুবিধা প্ৰদানৰ দিহা, ঘৰে ঘৰে গৈ ক’ভিড আক্ৰান্তৰ অৱস্থাৰ বুজ লোৱাৰ লগতে নতুনকৈ আক্ৰান্তৰ সম্ভেদ লোৱা, সংক্ৰমণৰ উপস্থিতি ধৰা পেলেৱা পৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ততাতৈয়াকৈ নিলগীকৰণৰ দিহা কৰা, ঔষধ-পাতি প্ৰবন্ধনৰ ব্যৱস্থা কৰা আৰু  আক্ৰান্ত এলেকাৰ আবদ্ধকৰণৰ ব্যৱস্থা কৰা আদি প্ৰসংগত বিশদ আলোচনা কৰা হয়।

আবদ্ধ এলেকাৰ ৰোগাক্ৰান্তসকলৰ চিকিত্সা আৰু এনে এলেকাৰ আশ-পাশৰ এলেকাসমূহৰ নিৰাপত্তাৰ দিশত ল’বলগীয়া সতৰ্কতা আৰু ক’ভিডৰ পৰা হাত সাৰিব পৰা অভ্যাস গঢ়াৰ বাবে ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব দিবলৈ ৰাজ্যসমূহৰ বিষয়-বৰ্গক পৰামৰ্শ আগবঢ়োৱা হয়। ইফালে, মৃতকৰ হাৰ নিয়ন্ত্ৰিত কৰাৰ বাবে বয়োজ্যেষ্ঠ আক্ৰান্তসকলৰ লগতে অন্যৰোগত আগৰে পৰা পীড়িতসকলৰ চিকিত্সাত অগ্ৰাধিকাৰ দিয়াৰ লগতে আক্ৰান্তসকলৰ সংস্পৰ্শলৈ অহাসকলৰ তড়িত গতিৰে অনুসন্ধান কৰি চিনাক্ত কৰা, প্ৰয়োজনসাপেক্ষে নিলগীকৰণ, আবদ্ধকৰণ অথবা চিকিত্সাৰ ব্যৱস্থা কৰাত গুৰুত্ব প্ৰদান কৰে।

এই পৰ্যন্ত দেশত ১,২৪,৯৮১গৰাকী আক্ৰন্ত ব্যক্তি চিকিত্সাধীন হৈ থকাৰ বিপৰীতে ১,২৪,৪৩০গৰাকী আক্ৰান্ত সুস্থ হৈ চিকিত্সালয় এৰি যাবলৈ সক্ষম হৈছে। শেহতীয়া ২৪ ঘণ্টাত সুস্থ হৈছে ৫,১৩৭গৰাকী লোক। এই হিচাপত দেশত আক্ৰান্তৰ বিপৰীতে সুস্থ হোৱা লোকৰ গড় হাৰ হ’ল ৪৮.৪৯শতাংশ।

কভিড সংক্ৰান্তীয় সত্যনিষ্ঠ তথ্যৰ বাবে লগ-ইন কৰিব পাৰে https://www.mohfw.gov.in/ and @MoHFW_INDIA .

technicalquery.covid19[at]gov[dot]in আৰু ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva.

: +91-11-23978046 or 1075 (Toll-free). ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰৰ তালিকাৰ বাবে COVID-19 আৰু https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

****

MV/SG/KB



(Release ID: 1630330) Visitor Counter : 181