PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 JUN 2020 6:36PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যসমূহ

বিগত ২৪ ঘণ্টাত ৫,২২০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ ১,১৯,২৯৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৮.৩৭%৷ বৰ্তমানে ১,২০,৪০৬ জন সক্ৰিয় ৰোগী চিকিৎসকৰ তত্ৱাৱধানত আছে৷ বিগত ২৪ ঘণ্টাত ১,৪২,০৬৯ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ মুঠ ৪৬,৬৬,৩৮৬ টা নমুনা এই পৰ্যন্ত পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

সামূহিক পদক্ষেপৰ দ্বাৰা সমাধানৰ দিশত অগ্ৰসৰ হোৱা হৈছে

একাংশ সংবাদ মাধ্যমত এইদৰে প্ৰকাশ পাইছে যে নিয়ন্ত্ৰিত এলেকা আৰু ক’ভিড-১৯ৰ ব্যৱস্থাপনাত চৰকাৰৰ প্ৰয়াসত এক বৃহৎ সংখ্যক কাৰিকৰী বিজুতি ৰৈ গৈছে৷  এই অভিযোগসমূহ ভিত্তিহীন৷ চৰকাৰে নিৰন্তৰে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে প্ৰযুক্তিদলৰ সহায় গ্ৰহণ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

প্ৰত্যক্ষ কৰ সংগ্ৰহত উত্থান আৰু শেহতীয়া প্ৰত্যক্ষ কৰৰ সংস্কাৰ

একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰত্যক্ষ কৰ সংগ্ৰহ ব্যাপক ধৰণে হ্ৰাস পাইছে আৰু জিডিপিত বৃদ্ধিৰ তুলনাত প্ৰত্যক্ষ কৰ সংগ্ৰহৰ উত্থান ঋণাত্মক স্তৰলৈ অৱনমিত হৈছে৷ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ বৃদ্ধিত এই প্ৰতিবেদনে প্ৰকৃত ছবিখন দাঙি ধৰিবলৈ সমৰ্থ হোৱা নাই৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ প্ৰধান চাবি-কাঠি হ’ল সজাগতা আৰু নিৰুদ্বেগ স্বভাৱঃ ড জিতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে আজি কয় যে সজাগতা আৰু নিৰুদ্বেগ স্বভাৱেই হ’ল ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ প্ৰধান চাবি-কাঠি৷ তেওঁ কয় যে আনলকৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত  এতিয়া এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সজাগ হৈ থকাটো প্ৰয়োজনীয় হৈ  পৰিছে৷

অধিক বিৱৰণৰ বাবে

৮ জুনৰ পৰা ৩ জুলাই ২০২০ তাৰিখলৈ নেচনেল গেলেৰী অব্ মডাৰ্ণ আৰ্টে অনলাইন নৈমিষা ২০২০ শীৰ্ষক এক গ্ৰীষ্মকালীন কলা কাৰ্যসূচীৰ আয়োজন কৰিব

এই মহামাৰী আৰু লকডাউনৰ পৰিস্থিতিৰ বাবে সংগ্ৰহালয় আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহে দৰ্শনাৰ্থীসকলক মনোৰঞ্জন প্ৰদান কৰিব পৰা নাই৷ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেচনেল গেলেৰী অব্ মডাৰ্ণ আৰ্টে অনলাইন নৈমিষা শীৰ্ষক ২০২০ শীৰ্ষক এক গ্ৰীষ্মকালীন কলা কাৰ্যসূচীৰ আয়োজন কৰিবলৈ বিচাৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবি ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ নাগৰিকসকলক সমস্যাবিহীনভাৱে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ সকলো ব্যক্তিগত আৰু ৰাজহুৱা বাহনসমূহক অনুমতি প্ৰদান কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানা চৰকাৰে ধৰ্মীয় স্থান, ৰাজহুৱা উপাসনা গৃহ আৰু শ্ব’পিং মলসমূহ ৮ জুন ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰাৰ নিৰ্দেশ দিছে৷
  • কেৰালাঃ কালি কেৰালাত ১০৮ টা নতুন পজিটিভ ঘটনা প্ৰতিবেদিত হৈছে৷ ১০২৯ গৰাকী ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে৷
  • তামিলনাডুঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩০১৫২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩৫০৩ জন, মৃত্যুৰ সংখ্যা হ’ল ২৫১ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫২১৩ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১৮৪ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৫৯ জন৷ আৰোগ্য লাভ কৰিছে ১৯৬৮ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা ৩৭১৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২৯০ জন, আৰোগ্য লাভ কৰিছে ২৩৫৩ জনে৷ মৃত্যুৰ সংখ্যা হ’ল ৭৫ জন৷
  • তেলেংগানাঃ ৬ জুন পৰ্যন্ত তেলেংগানাত মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪৯৬ জন৷ আজিৰ তাৰিখ পৰ্যন্ত ৪৪৮ গৰাকী প্ৰব্ৰজক আৰু বিদেশ ফেৰৎ লোকৰ দেহত পজিটিভ বীজাণু পোৱা গৈছে৷
  • মহাৰাষ্ট্ৰঃ বিগত ২৪ ঘণ্টাত ২৭৩৯ জন নতুন ৰোগীৰ সৈতে মুঠ ৰোগীৰ সংখ্যাই ৮২,৬৯৮ৰ সংখ্যা স্পৰ্শ কৰিছে৷ এই পৰ্যন্ত ৩৭,৩৯০ গৰাকী ৰোগীক মুকলি কৰি দিয়া হৈছে৷
  • গুজৰাটঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১৯,৬১৭ জন আৰু মৃত্যুৰ সংখ্যা হ’ল ১২১৯ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৩৩১ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫৯৯ জন৷ ৭৫০১ জনে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ ২৩২ জন নতুন ৰোগীৰ সৈতে মধ্য প্ৰদেশত ৰোগীৰ সংখ্যাই ৯০০০ৰ সংখ্যা অতিক্ৰম কৰি ৯২২৮ৰ সংখ্যা স্পৰ্শ কৰিছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৯২৩ জন৷ আৰু মৃত্যুৰ সংখ্যা হ’ল ৪ জন৷
  • গোৱাঃ ৭১জন নতুন ৰোগীৰ সৈতে ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ২৬৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০২ জন আৰু ৬৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ 

 

 

 



(Release ID: 1630100) Visitor Counter : 250