প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতিৰ মাননীয় পল কাগামেৰ লগত প্ৰধানমন্ত্ৰীৰ টোলিফোনিক বাৰ্তালাপ

Posted On: 05 JUN 2020 7:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজি ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতি মাননীয় পল কাগামেৰ লগত হোৱা টোলিফোনিক বাৰ্তালাপৰ যোগেদি তেওঁৰ ২০১৮ বৰ্ষত ৰোৱাণ্ডা ভ্ৰমণৰ ফলত সৃষ্টি হোৱা দ্বিপাক্ষিক সহযোগিতাই লাভ কৰা প্ৰগতিৰ বাবে সন্তোষ প্ৰকাশ কৰে। ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ ৰোৱাণ্ডা ভ্ৰমণৰ সময়ত ২০০ ভাৰতীয় গৰু উপহাৰ দিয়াৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে আৰু কয় যে সেই গৰুসমূহৰ পৰা ৰোৱাণ্ডাৰ শিশুৰ বাবে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ উপলব্ধ হৈছে আৰু কৃষকৰ আয় বাঢ়িছে ।

দুয়োজন নেতাই স্বাস্থ্য আৰু অৰ্থনীতিৰ ক্ষেত্ৰত কভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু দুয়োখন দেশে ইয়াৰ বাবে লোৱা সুৰক্ষা ব্যৱস্থা সম্পৰ্কে আলোচনা কৰে। এনে প্ৰত্যাহ্বানমূলক সময়ত পৰস্পৰে পৰস্পৰক সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি দুয়োজন নেতাই ইজনে সিজনক আশ্বাস দিয়ে।

ৰোনা ভাইৰাছক প্ৰতিহত কৰিবৰ বাবে ভাৰতে ৰোৱাণ্ডাক স্বাস্থ্যসেৱাকে ধৰি সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতিক আশ্বাস দিয়ে। এই সংকটৰ সময়ত ৰাষ্ট্ৰপতি কাগামেৰ নেতৃত্বত দেশৰ জনতাই যিদৰে যুঁজ দিছে, প্ৰধানমন্ত্ৰীয়ে তাৰ শলাগ লয়।

এই দুৰ্যোগৰ দিনত প্ৰধানমন্ত্ৰীয়ে ৰোৱাণ্ডাৰ জনতাৰ সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰে।

*****

VRRK/KP/PRK



(Release ID: 1629789) Visitor Counter : 248