PIB Headquarters
ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
01 JUN 2020 6:23PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য –আৰোগ্যৰ হাৰ ৪৮.১৯%লৈ বৃদ্ধি
বিগত ২৪ ঘণ্টাত ৪,৮৩৫গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে৷ বৰ্তমানলৈকে ৯১,৮১৮গৰাকী ৰোগী আৰোগ্য হৈছে৷৷ দেশৰ আৰোগ্যৰ হাৰ ৪৮.১৯%৷
দেশত বৰ্তমান ৯৩,৩২২গৰাকী আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে৷ ক’ভিড-১৯ত মৃত্যুৰ হাৰ ২.৮৩%৷ উপযুক্ত নিৰীক্ষণ, সময়ানুৱৰ্তী চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাপনাৰ বাবে মৃত্যুৰ হাৰ নিম্নগামী হৈছে৷ দেশত বৰ্তমান ৪৭২টা চৰকাৰী আৰু ২০৪টা বেচৰকাৰী ব্যক্তিগত গৱেষণাগাৰে পৰীক্ষা সম্পন্ন কৰি আছে৷ বৰ্তমানলৈকে ৩৮, ৩৭, ২০৭ টা পৰীক্ষা সম্পন্ন হৈছে আৰু কালি ১,০০,১৮০ নমুনা পৰীক্ষা কৰা হয়৷

অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1627908
ৰাজীৱ গান্ধী ইউনিভাৰ্চিটী অফ হেল্থ ছায়েন্সেছৰ ২৫সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণ; ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক অপৰাজেয় বুলি প্ৰশংসা
শ্ৰী মোদীয়ে কয় যে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত বিশ্বই আন এক বৃহৎ সংকটৰ সন্মুখীন হৈছে৷ বিশ্ব যুদ্ধৰ আগত আৰু পাছত হোৱা পৰিৱৰ্তনৰ দৰে ক’ভিডৰ আগৰ আৰু পাছৰ বিশ্বৰ মাজত বৃহৎ পৰিৱৰ্তন হ’ব বুলি তেওঁ কয়৷ শ্ৰী মোদীয়ে কয় যে ক’ভিড-১৯ বিৰোধী ভাৰতৰ যুঁজখনৰ মুলতে ভাৰতৰ সাহসী চিকিৎসক সমূদায় আৰু আমাৰ ক’ৰোনা যোদ্ধাসকল৷ তেওঁ সৈনিক সাজ অবিহনে চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক একোগৰাকী সৈনিক আখ্যা দিয়ে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভাইৰাছ অদৃশ্য হ’ব পাৰে, কিন্তু আমাৰ ক’ৰোনা যোদ্ধাসকল অপৰাজেয় আৰু এই অদৃশ্য আৰু অপৰাজেয় মাজত যুঁজত আমাৰ চিকিৎসা কৰ্মীসকলে জয় নিশ্চিত৷ তেওঁ অগ্ৰণী কৰ্মীসকলৰ বিৰুদ্ধে সংঘটিত কেতবোৰ হিংসাত্মক ঘটনা, গণপ্ৰহাৰ ইত্যাদিৰ দৰে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু এইবোৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে একাধিক পদক্ষেপ লোৱা বুলি জনায়৷ তেওঁ কয় যে চৰকাৰে অগ্ৰণী কৰ্মীসকলক ৫০লাখ টকাৰ বীমা প্ৰদান কৰিছে৷ বিগত ৬ বছৰত স্বাস্থ্য খণ্ড আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে দেশৰ স্বাস্থ্যখণ্ডত যথেষ্ট অগ্ৰগতি লাভ কৰা বুলি কয়৷ তেওঁ দেশৰ স্বাস্থ্য খণ্ডৰ উন্নতিৰ বাবে চাৰিটা স্তম্ভৰ বিষয়ে কয়৷
অধিক বিৱৰণ বাবেhttps://pib.gov.in/PressReleseDetail.aspx?PRID=1628270
ৰাজীৱ গান্ধী ইউনিভাৰ্চিটী অৱ হেল্থ ছায়েন্সেছৰ ২৫সংখ্যক প্ৰতিষ্ঠা দিৱস প্ৰধানমন্ত্ৰী ভাষণৰ লিখিত ৰূপ
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628263
ক্ষমতাত অধিষ্ঠিক হোৱাৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষৰ প্ৰথম কেবিনেট বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ; এমএছএই খণ্ড, পদপথৰ দোকানী আৰু কৃষকসকলক লৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত সোমবাৰে, ১ জুন, ২০২০ত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়৷ ক্ষমতাত অধিষ্ঠিত হোৱাৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষৰ প্ৰথম কেবিনেট বৈঠকত মিলিত হয়৷ বৈঠকত কঠোৰ পৰিশ্ৰমী এমএছএই খণ্ড, পদপথৰ দোকানী আৰু কৃষকসকলক লৈ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ যাৰ দ্বাৰা তেওঁলোকৰ জীৱনত পৰিৱৰ্তনমূলক প্ৰভাৱ পৰিব৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628329
১ মাৰ্চ, ২০২০ৰ পৰা ৩১ আগষ্ট, ২০২০ৰ মাজৰ সময়ছোৱাত বেংকক দিবলগীয়া কৃষি আৰু আনুষংগিক খণ্ডৰ হস্ৰম্যাদী ঋণ পৰিশোধৰ সময় বৃদ্ধিত কেবিনেটৰ অনুমোদন
কেন্দ্ৰীয় কেবিনেটে ১ মাৰ্চ, ২০২০ৰ পৰা ৩১ আগষ্ট, ২০২০ৰ মাজৰ সময়ছোৱাত বেংকক ২% সুদ সাহায্য আৰু কৃষক ৩% পিআৰআই সুবিধা বাহাল ৰাখি বেংকক দিবলগীয়া কৃষি আৰু আনুষংগিক খণ্ডৰ ৩ লাখ টকালৈকে হস্ৰম্যাদী ঋণ পৰিশোধৰ সময় বৃদ্ধিত অনুমোদন জনাইছে৷
এমএছএমই সংজ্ঞা আৰু মডেলিটীৰ সংশোধনত কেবিনেটৰ অনুমোদন/এমএছএমইৰ বাকী দুটা পেকেজ (ক)এমএচএমইৰ ডিছট্ৰেছ পেকেজৰ ২০,০০০ কোটি টকা আৰু (খ) ফাণ্ড টু ফাণ্ডৰ জৰিয়তে ৫০,০০০কোটি টকাৰ ইকুইটি সঞ্চালন ৰূপায়ণৰ ৰোডমেপ প্ৰস্তুত কৰাত অনুমোদন
দেশত এমএছএমই খণ্ডৰ উন্নয়নৰ দিশৰ ভাৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ এক বিশেষ বৈঠক আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয়, য’ত এমএছএমই সংজ্ঞা আৰু মডেলিটীৰ সংশোধন আৰু আত্মনিৰ্ভৰ ভাৰতৰ অধীনত এমএছএমইৰ বাকী দুটা পেকেজ সফল ৰূপায়ণৰ ৰোডমেপ প্ৰস্তুত কৰাত অনুমোদন জনোৱা হয়৷
২০২০-২১ বিপণৰ বৰ্ষৰ খাৰিফ শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি)
অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে ২০২০-২১ বিপণনৰ বৰ্ষৰ খাৰিফ শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) বৃদ্ধিত অনুমোদন জনাইছে৷ কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য লাভ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628348
চেম্পিয়নঃ এমএছএমই সবলীকৰণৰ প্ৰযুক্তি মঞ্চ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰযুক্তি মঞ্চ চেম্পিয়নৰ শুভাৰম্ভ কৰে৷ চেম্পিয়ন মানে হৈছে ক্ৰিয়েচন এণ্ড হাৰমনিয়াছ এপ্লিকেশ্যন অফ মডাৰ্ণ প্ৰচেছেত ফৰ ইনক্ৰিজিং দ্য আউটপুট এণ্ড নেচনেল ষ্ট্ৰেংথ৷ এই প’ৰ্টেলটো বিশেষকৈ অভিযোগ নিষ্পত্তি, উৎসাহ যোগোৱা, সমৰ্থন, সহায় আগঢ়াই সৰু গোটসমূহক ডাঙৰকৈ গঢ়ি তোলা৷ ই এমএছএমই মন্ত্ৰালয়ৰ ৱান ষ্টপ চলিউশ্যন৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628317
মিচন সাগৰঃ কমৰছৰ মৰনী বন্দৰত উপস্থিত আইএনএছ কেশৰী
মিচন সাগৰৰ অংশ হিচাপে ভাৰতীয় নৌ সেনাৰ জাহাজ কেশৰী ৩১ মে’, ২০২০ত কমৰছৰ মৰনী বন্দৰত উপস্থিত হৈছে৷ ভাৰত চৰকাৰে ইয়াৰ বন্ধু দেশ কমৰছলৈ এই জটিল সময়ত ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে আগবঢ়োৱা অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী আইএনএছ কেশৰীলৈ লৈ গৈছে৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628250
১ জুনৰ পৰা সমগ্ৰ দেশত ২০০ খন বিশেষ ৰে’লগাড়ী চলাচল কৰিব
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ লগত আলোচনা কৰি ৰে’ল মন্ত্ৰালয়ে ১ জুন ২০২০ তাৰিখৰপৰা পুনৰ আংশিকভাৱে সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। ১ জুনৰ পৰা চলিবলৈ আৰম্ভ কৰা ৰে’লগাড়ীত প্ৰথমদিনাই ১.৪৫ লাখতকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিব। কাইলৈৰ পৰা ভাৰতীয় ৰে’ল বিভাগে সূচী (Link of the Annexure) অনুসৰি ২০০ খন যাত্ৰীবাহী ৰে’লগাড়ীৰ চলাচল কৰাব।
উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় ৰে’ল বিভাগে শ্ৰমিক বিশেষ ৰে’লগাড়ী আৰু ১২ মে’ ২০২০ ৰ পৰা আৰম্ভ হোৱা ৩০ খন বিশেষ বাতানুকূল ৰে’লগাড়ীৰ অতিৰিক্তভাৱে এই সেৱা আৰম্ভ কৰিছে।
নিয়মীয়া ৰে’লগাড়ীৰ দৰেই এই ৰে’লগাড়ীসমূহত বাতানুকূল, অবাতানুকূল আৰু সাধাৰণ শ্ৰেণীৰ বাবে বহিবপৰা সংৰক্ষিত আসন থাকিব। সংৰক্ষিত আসন নথকা কোনো ডবা ইয়াত নাথাকিব। টিকটৰ মূল্যও আগৰদৰেই শ্ৰেণী অনুযায়ী ভিন্ন হ’ব।
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628161
বিগত বৰ্ষ ৪০ কোটিৰ বিপৰীতে পিএমবিজেকেই ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতে ১০০ কোটিতকৈ অধিক বিক্ৰী কৰিবলৈ সক্ষম হৈছে
প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধিক কেন্দ্ৰ(পিএমবিজেকে)সমূহে ২০১৯-২০ বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহত ৪৪.৬০ কোটি টকাৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতে ১০০.৪৪ কোটিত অধিক বিক্ৰী কৰিবলৈ সক্ষম হৈছে৷ এই কেন্দ্ৰসমূহে মাৰ্চ, এপ্ৰিল আৰু মে’, ২০২০ত ১৪৪ কোটি টকা মূল্যৰ সহজলভ্য আৰু মানসম্পন্ন ঔষধ বিক্ৰী কৰি ক’ভিড-১৯ মহামাৰীৰ ফলত প্ৰভাৱিত দেশৰ নাগৰিকসকলৰ ৮০০ কোটি টকা ৰাহি কৰিবলৈ সক্ষম হৈছে৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628291
এক দেশ এক কাৰ্ড আঁচনিৰ অন্তৰ্ভূক্ত হ’ল অতিৰিক্ত তিনিখন ৰাজ্য
কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে আজি ঘোষণা কৰে তিনিখন ৰাজ্য ক্ৰমে-ওড়িশা, ছিকিম আৰু মিজোৰাম ‘ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সংহত ব্যৱস্থাপনা’ৰ অন্তৰ্ভূক্ত হৈছে৷ ইয়াৰ অধীনত ‘এক দেশ এক ৰেচন কাৰ্ড’ ব্যৱস্থা প্ৰযোজ্য হ’ব আৰু দেশৰ যিকোনো ঠাইৰ ব্যক্তিয়ে সেই কাৰ্ডৰ জৰিয়তে য’তে-ত’তে নিৰ্দিষ্ট সামগ্ৰী ল’ব পাৰিব৷ বৰ্তমানলৈকে দেশৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই সুবিধা হৈছে৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628288
পিপিই আৰু অন্যান্য সামগ্ৰীৰ বীজানুমুক্তকৰণৰ বাবে ডিআৰডিঅ’ই বিকাশ সাধন কৰিলে আল্ট্ৰা স্বচ্ছৰ
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই পিপিই, বৈদ্যুতিক সামগ্ৰী, ফেব্ৰিকছ ইত্যাদিৰ বীজানুমুক্তকৰণৰ বাবে আল্ট্ৰা স্বচ্ছ শীৰ্ষক এক উপায়ৰ বিকাশ সাধন কৰিলে৷ ইনষ্টিটিউট অফ নিউক্লিয়েৰ মেডিচিন এণ্ড এলাইড ছায়েন্সেছ(এনমাছ)এ এই সঁজুলি বিধ বিকশিত কৰিছে৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628288
এনটিপিচিয়ে লকডাউনৰ সময়ছোৱাত ইয়াৰ ১৯০০০ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ শিক্ষণ আৰু উন্নয়নত সূযোগ বৃদ্ধি কৰিছে
এনটিপিচিয়ে ইয়াৰ ১৯,০০০ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক শিক্ষণৰ সূযোগ প্ৰদান কৰিছে৷ ক’ভিড-১৯ৰ বাবে বলবৎ কৰা কলডাউনৰ প্ৰয়োজনীয়তা পুৰণৰ বাবে এনটিপিচিয়ে ইয়াৰ কৰ্মচাৰীসকলক ব্যাপক ডিজিটাইজেচন আৰু অনলাইন প্ৰশিক্ষণৰ জৰিয়তে সেৱাসমূহ য’তে-ত’তে উপলব্ধ হোৱাকৈ শি৭ণ আৰু উন্নয়ন কৌশল অৱলম্বন কৰিছে৷
অধিক বিৱৰণৰ বাবে https://pib.gov.in/PressReleseDetail.aspx?PRID=1628283
পিআইপিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- পাঞ্জাৱঃ মুখ্যমন্ত্ৰীয়ে কয় যে ১৭ৰ পৰা ২৮ মে’লৈ উপযুক্ত সাৱধানতা অৱলম্বন নকৰা ৩৬,৮২০গৰাকী লোকক মাস্ক নিপিন্ধা আৰু ৪,০৩২গৰাকী লোকক পথত পিকোৱাৰ বাবে জৰিমণা বিহাৰ লগতে ৫০৩খন এজাহাৰ দাখিল কৰা হৈছে৷
- হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ বিৰোধী যুঁদৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ এই সংকটৰ সময়ত কোনো লোক যাতে ভোকাতুৰে থাকিব লগা নহয়, তাৰ বাবে অভাৱগ্ৰস্ত লোকসকলক খাদ্য সামগ্ৰী প্ৰদানত অগ্ৰাধিকাৰ দিয়া হৈছে৷ ৰাজ্যখনৰ ৪,৮৬,০০০গৰাকী লোকক সাহায্য প্ৰদান কৰা হৈছে৷
- হিমাচলপ্ৰদেশঃ ৰাজ্য চৰকাৰে সাধাৰণ লোকসকলৰ সুবিধাৰ্থে পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ সান্ধ্য আইন শিথিল কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আন্তঃজিলা বাছসেৱা ১ জুনৰ পৰা আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত সামাজিক দুৰত্ব সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু সমাগম নিয়ন্ত্ৰণৰ বাবে দিলা দণ্ডাধীশ আৰু আৰক্ষী পৰিদৰ্শকক দায়িত্ব দিয়া হৈছে৷ বাছত ৬০শতাংশতকৈ অধিক লোকক উঠাব নোৱাৰাৰ লগতে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা পালন কৰিবলৈ কোৱা হৈছে৷ আন্তঃৰাজ্যিক বাছৰ যাত্ৰীৰ বাবে পাছৰ প্ৰয়োজন হ’ব আৰু ৰেড জ’নৰ পৰা অহা লোকক প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইন কৰাৰ লগতে বাকী সকলো বাধ্যতামুলকভাৱে নিৰ্দিষ্ট কোৱাৰেণ্টাইনত থাকিব লাগিব৷ কোনো লোকৰ ক’ভিড-১৯ পৰীক্ষাত নিগেটিভ আহিলেহে তেওঁলোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হ’ব৷
- মহাৰাষ্ট্ৰঃ ২,৪৮৭টা নতুন আক্ৰান্তৰ সংখ্যাৰে মহাৰাষ্ট্ৰৰ ক’ভিড-১৯ৰ সংখ্যা ৬৭,৬৫৫ হৈছে৷ ইয়াৰে ২৯,৩২৯গৰাকী সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ বিপৰীতে ২,২৮৬গৰাকীৰ মৃত্য হৈছে৷এই সময়ছোৱাত ৮গৰাকী বিষয়াকে ধৰি ৯৩গৰাকী আৰক্ষীও আক্ৰান্ত হৈছে৷ দেশখনত এতিয়ালৈকে ২,৫০৯গৰাকী আৰক্ষী আক্ৰান্ত হৈছে৷
- গুজৰাটঃ ৰাজ্যখনত প্ৰতিবেদন যুগুত কৰালৈকে ৪৩৮গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩১জনৰ মৃত্যু হৈছে৷ গুজৰাটত সৰ্বমুঠ ১৬,৭৯৪ জন আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১,০৩৮জন লোক৷
- ৰাজস্থানঃ আজি নতুনকৈ ১৪৯গৰাকী লোক আক্ৰান্ত হোৱাৰ ফলত ৰাজস্থানৰ আক্ৰান্তৰ সংখ্যা ৮,৯৮০জনলৈ বৃদ্ধি পায়৷ ইয়াৰে ভৰতপুৰত সৰ্বাধিক ৪৪, জয়পুৰত ৩২, বৰণত ২৭ আৰু পলীত ২১জন আক্ৰান্ত হয়৷
- মধ্যপ্ৰদেশঃ মধ্যপ্ৰদেশত দেওবাৰে আক্ৰান্তৰ সংখ্যা ৮,০০০ সীমা অতিক্ৰম কৰা পাছত বিগত ২৪ ঘণ্টাত ১৯৮জন লোক ক’ভিড-১৯ প’জিটিভ বুলি চিনাক্ত হৈছে৷ বৰ্তমান ৰাজ্যখনৰ আক্ৰান্তৰ সংখ্যা ৮,০৮৯ আৰু ইয়াৰ ৩৯৮জনৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷
- চত্তীশগড়ঃ পাঁচজন নতুনকৈ চিনাক্ত হোৱাৰ পাছত চণ্ডীগড়ৰ ক’ভিড-১৯ পজিটিভৰ সংখ্যা ৫০৩জনলৈ বৃদ্ধি পাইছে৷
- কেৰালাঃ কাইলৈৰ পৰা কেৰালাত আন্তঃজিলা বাছ সেৱা আৰম্ভ হ’ব যদিও ৮ জুনলৈকে হোটেল-ৰেষ্টুৰেণ্ট বন্ধ থাকিব৷ ৰাজ্যখনত আজি নতুনকৈ চাৰিজন লোকৰ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে৷ ইয়াৰে তিনিজন কুৱেটৰ পৰা অহা আৰু আনজন তামিলনাডুত পেইণ্টাৰ হিচাপে কাম কৰিছিল৷ ৰাজ্যখনত এতিয়াও ৬৭০জন ৰোগী চিকিৎসাধীন হৈ আছে৷
- তামিলনাডুঃ পুডুচেৰী বিধান সভা চৌহদৰ এজন লোক ক’ভিড-১৯ পজিটিভৰ সংস্পৰ্শলৈ আহিছিল৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বীজানুমুক্ত কৰা হৈছে৷ কেন্দ্ৰীয়শাসিত অঞ্চলটোত তিনিজন নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান পুডুচেৰীত ৪৯জন চিকিৎসাধীন হৈ আছে৷ ইফালে, তামিলনাডুত বৰ্তমানলৈক ২২,৩৩৩গৰাকী লোক আক্ৰান্ত হৈছে, চিকিসাধীন হৈ আছে ৯,৪০০ জন৷ মৃত্যু হৈছে ১৭৩জন লোক৷
- কৰ্ণাটকঃ কৰ্ণাটকৰ মন্দিৰসমূহ ৮ জুনৰ পৰা মুকলি কৰিব৷ মহাৰাষ্ট্ৰৰ পৰা অহাসকলৰ ৭দিনৰ কোৱাৰেণ্টাইন কৰা হৈছে৷ কালিৰ দিনটোত ৰাজ্যখনত ২৯৯ গৰাকী আক্ৰান্তসহ মুঠ ক’ভিড-১৯ পজিটিভৰ সংখ্যা ৩,২২১ হৈছে৷ ইয়াৰে ১,৯৫০ চিকিৎসাধীন আৰু ৫১ জন মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে ১,২১৮জন৷
- অন্ধ্ৰপ্ৰদেশঃ অন্ধ্ৰপ্ৰদেশত সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল যাত্ৰীৰ ক্ষেত্ৰত ৭ দিন প্ৰতিষ্ঠানিক আৰু ১৪ দিন হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে৷ বিগত ২৪ ঘণ্টাত ৭৬ নতুন আক্ৰান্ত চিনাক্ত কৰাৰ বিপৰীতে ২জন ৰোগীৰ মৃত্যু আৰু ৩৪জনক ডিছচাৰ্জড দিয়া হৈছে৷ বৰ্তমানলৈকে সৰ্বমুঠ ৩,১১৮জন আক্ৰান্ত হৈছে আৰু ইয়াৰে ৮৮৫জন চিকিৎসাধীন, ২,১৬৯জন আৰোগ্য আৰু ৬৪জনৰ মৃত্যু হৈছে৷
- তেলেংগানাঃ ৰাজ্যখনত আজিৰে পৰা যাত্ৰীবাহী ৰে’ল চলাচল আৰম্ভ হৈছে৷ ৰাজ্যখনত ৩১ মে’লৈকে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ২,৬৯৮জন৷
- অৰুণাচলপ্ৰদেশঃ ৰাজ্যখনলৈ এতিয়ালৈকে প্ৰায় ৮,০০০ লোক ঘূৰি আহিছে৷ মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ৰাজ্যখনত এতিয়াও লকডাউন অব্যাহত আছে আৰু বাহিৰৰ পৰা বাকী লোকসকল ঘূৰি অহাৰ পাছতহে লকডাউন শিথিল কৰাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব৷
- অসমঃ মুখ্যমন্ত্ৰীয়ে কয় যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষিমন্ত্ৰী অতুল বৰাৰে গঠিত তিনিজনীয়া কমিটিয়ে উপদেষ্টা কমিটীয়ে প্ৰস্তুত কৰা পৰামৰ্শৱলীৰ ভিত্তিত ক’ভিড-১৯ৰ বাবে প্ৰভাৱিত অৰ্থনীতিৰ পুনৰুত্থানৰ বাবে এক ৰোডমেপ ৰূপায়ণ কৰা হ’ব৷ ৬জন লোক নতুনকৈ চিহ্নিত হোৱাৰ জৰিয়তে অসমৰ মুঠ আক্ৰান্তৰ সংখ্যা ১৩৯০লৈ বৃদ্ধি পাইছে৷ ইয়াৰে ১১৯৮ চিকিৎসাধীন, ১৮৫ আৰোগ্য আৰু ৪জনৰ মৃত্যু হৈছে৷
- মনিপুৰঃ ৭জন নতুন ক’ভিড-১৯ পজিটিভেৰে মনিপুৰত মুঠ ৭৮জন লোক আক্ৰান্ত হৈছে৷ ইয়াৰে ৬৭ চিকিৎসাধীন আৰু ১১ জন আৰোগ্য হৈছে৷
- মিজোৰামঃ গোৱাত আৱদ্ধ হৈ থকা মিজোৰামৰ ভৈৰৱীৰ লোকসকলে গৃহভূমিত উপস্থিত হৈ তেওঁলোকৰ ৰাহি হোৱা ৫৪,১৪০টকা ভৈৰৱীৰ এটা সমূহীয়া সংস্থালৈ বৰঙণি হিচাপে আগবঢ়ায়৷ এই সংস্থাটোৱে ৰাজ্যখনৰ বাহিৰত আৱদ্ধ হৈ থকাসকলক গৃহভূমিলৈ ঘূৰি অহাত নিস্বাৰ্থভাৱে সহায় আগবঢ়াই আহিছে৷
- নাগালেণ্ডঃ ডিমাপুৰ ক’ভিড-১৯ টাস্ক ফৰ্চে নাগৰিক স্বেচ্ছাসেৱী সংস্থা লিভিংষ্টন ইণ্টাৰনেচনেল ফাউণ্ডেশ্যনে ব্যৱস্থা কৰা কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰে৷ বাংগালুৰুস্থিতি নগা টাস্ক ফৰ্চৰ স্বেচ্চাসেৱকসকলে প্ৰব্ৰজিত শ্ৰমিক আৰু বস্তি অঞ্চলত বসবাস কৰা লোকসকলক ৰেচন বিতৰণ কৰি আহিছে৷
ফেক্ট চেক


(Release ID: 1628478)
Visitor Counter : 381
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam