স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ সন্দৰ্ভত শেহতীয়া তথ্য

২৪ ঘণ্টাত মুঠ ১১,২৬৪গৰাকী ক’ভিড আক্ৰান্ত ৰোগী আৰোগ্য

আৰোগ্যৰ হাৰ ৪৭.৪০শতাংলৈ উন্নীত, ২৪ ঘণ্টাত ৪.৫১শতাংশ বৃদ্ধি

আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৮৯,৯৮৭ৰ পৰা ৮৬,৪২২লৈ হ্ৰাস

কালি ১,২৬,৮৪২টা নমুনা পৰীক্ষা কৰা হৈছে

Posted On: 30 MAY 2020 5:14PM by PIB Guwahati

বিগত ২৪ ঘণ্টাত মুঠ ১১,২৬৪গৰাকী কভিড আক্ৰান্ত ৰোগী আৰোগ্য হৈছে। এয়া এটা দিনত সৰ্বাধিক আৰোগ্য হোৱা লোকৰ সংখ্যা বুলি সদৰি কৰিছে। বৰ্তমানলৈকে কভিড-১৯ত ৮২,৩৬৯গৰাকী লোক আৰোগ্য হৈছে।

পূৰ্বৰ ৪২.৮৯ শতাংশৰ বিপৰীতে ৪.৫১ শতাংশ বৃদ্ধিৰে কভিড-১৯ত আৰোগ্য লোকৰ হাৰ ৪৭.৪০শতাংশ হৈছে।

আৰোগ্য লোকৰ সৰ্বাধিক হাৰৰ পৰিপ্ৰেক্ষিতত ২৯ মেৰ ৮৯,৯৮৭গৰাকী ৰোগীৰ পৰা ৮৬,৪২২গৰাকী ৰোগী সক্ৰিয় হৈ আছে। এই আক্ৰান্ত লোকসকল চিকিসকৰ তত্ত্বাৱধান হৈছে।

৩০ মে, ২০২০ত আক্ৰান্ত লোকৰ দুগুন বিগত ১৪দিনত ১৩.৩ৰ বিপৰীতে যোৱা তিনি দিনত ১৫.৪ দিনলৈ উন্নীত হৈছে। মৃত্যুৰ হাৰ ২.৮৬শতাংশ।। ২৯ মেত আইচিউত থকা কভিড-১৯ ৰোগীৰ হাৰ ২.৫৫শতাংশ, ভেণ্টিলেটৰত ০.৪৮শতাংশ, অক্সিজেনৰ সহায় লোৱা ৰোগীৰ হাৰ ১.৯৬শতাংশ। দেশত বৰ্তমান ৪৬২ চৰকাৰী গৱেষণা আৰু ২০০ বেচৰকাৰী গৱেষণাগাৰ চলি আছে। বৰ্তমানলৈকে ৩৬,১২,২৪২টা পৰীক্ষা কৰা হৈছে। কালি কালি ১,২৬,৮৪২টা নমুনা পৰীক্ষা কৰা হৈছে।

দেশৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ প্ৰতি লক্ষ্য কৰিলে বৰ্তমান ৯৪২খন কভিডৰ নামত উচৰ্গিত হাস্পতাল আছে। ইয়াত ১,৫৮,৯০৮খন আইছোলেচন বেড, ২০,৬০৮ আইচিইউ বেড আৰু ৬৯,৩৮৪ অক্সিজেন সমৰ্থিত বেডৰ ব্যৱস্থা কৰা হৈছে। ২,৩৮০টা কভিড স্বাস্থ্য কেন্দ্ৰত ১,৩৩,৬৭৮খন আইছোলেচন বেড, ১০,৯১৬ আইচিইউ বেড আৰু ৪৫,৭৫০অক্সিজেন সমৰ্থিত বেডৰ ব্যৱস্থা কৰা হৈছে। ১০,৫৪১ টা কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু ৭,৩০৫টা কভিড কেয়াৰ চেণ্টাৰত ৬,৬৪,৩৩০খন বিছনাৰ ব্যৱস্থা কৰি দেশত কভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিছে। ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ এই কেন্দ্ৰসমূহত ১১৯.৮৮ লাখ এন৯৫ মাস্ক আৰু ৯৬.১৪ লাখ পিপিই কিট যোগান ধৰা হৈছে।

তদুপৰি, এই কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সজাগতা মানি চলা হৈছে।

ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ কভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত কভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

 

****

 

MV/SG/DB



(Release ID: 1628060) Visitor Counter : 264