PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 27 MAY 2020 6:15PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যসমূহ; আৰোগ্যৰ হাৰ ৪২.৪%লৈ বৃদ্ধি পাইছে; কালি ১,১৬,০৪১ টা নমুনা পৰীক্ষণ কৰা হৈছে

লকডাউনে ৰোগৰ প্ৰাদুৰ্ভাৱ সীমিত কৰাকে ধৰি বিভিন্ন ধৰণে উপকৃত কৰিছে৷ একে সময়তে ক’ভিড-১৯ৰ বাবে স্বাস্থ্য আন্তঃগাঁথনিৰো উত্তৰণ কৰা হৈছে, সামৰ্থ বৃদ্ধি কৰা হৈছে, পৰীক্ষণ সামৰ্থ বৃদ্ধি কৰা হৈছে৷  এই পৰ্যন্ত মুঠ ৩২,৪২,১৬০ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ কালি ১,১৬,০৪১ টা নমুনা পৰীক্ষণ কৰা হৈছে৷  সমগ্ৰ দেশত এই পৰ্যন্ত ১,৫১,৭৬৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বাতৰি পোৱা হৈছে৷ ইয়াৰে ৬৪,৪২৬ জন লোকে আৰোগ্য লাভ কৰিছে৷  আৰোগ্যৰ হাৰ হ’ল ৪২.৪%৷

অধিক বিৱৰণৰ বাবে

আৰোগ্য সেতু এতিয়া এক মুক্ত উৎস

ক’ভি়ড-১৯ ৰ সংক্ৰমণ সীমাৱদ্ধ কৰিবৰ বাবে ২ এপ্ৰিল ২০২০ তাৰিখে ভাৰতে ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিক বিচাৰি উলিওৱা, সাম্ভাৱ্য ক’ভি়ড-১৯ ৰ হটস্পট চিনাক্ত কৰা আৰু অন্যান্য প্ৰয়োজনীয় তথ্যৰ প্ৰদানৰ বাবে ব্লুটুথ ভিত্তিক আৰোগ্য সেতু মোবাইল এপ মুকলি কৰিছিল। ২৬ মে’লৈকে এই এপৰ মুঠ ব্যৱহাৰকাৰীৰ সংখ্যা ১১৪ নিযুত হৈছেগৈ যিটো বিশ্বত ব্যৱহৃত এনেধৰণৰ যিকোনো এপৰ ব্যৱহাৰকাৰীৰ সংখ্যাতকৈ বেছি আৰু ই এনড্ৰইড, আইঅ’এছ, কেআইঅ’এছত ১২ টা ভাষাত উপলব্ধ। দেশৰ নাগৰিকে নিজৰ ‘বডীগাৰ্ড’ আখ্যা দিয়া এই আৰোগ্য সেতু এপ নিজৰ লগতে নিজৰ আপোনজনৰ তথা নিজৰ দেশখনৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰি আছে।

অধিক বিৱৰণৰ বাবে

কাটাৰৰ আমীৰ শ্বেইখ তামিম বিন হামাদ আল-থানিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমীৰ শ্বেইখ তামিম বিন হামাদ আল-থানিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি ঈদ-উল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে এই সংকটৰ সময়ছোৱাত কাটাৰত থকা ভাৰতীয়সকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷ প্ৰত্যুত্তৰত ভাৰতীয় স্বাস্থ্যকৰ্মীসকলে কাটাৰত আগবঢ়োৱা সেৱাৰ বাবেও নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷

বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা কাটাৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে ভাৰতীয় প্ৰাধিকৰণৰ প্ৰয়াসৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ আমীৰগৰাকীৰ ৪০তম জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ আল-ছিছিৰ মাজত টেলিফোনিক বাৰ্তালাপ

এক টেলিফোনিক বাৰ্তালাপত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি মহামহিম আব্দেল ফাটাহ আল-ছিছিৰ লগতে সমগ্ৰ ইজিপ্তবাসীক ঈদ-ঊল-ফিটৰৰ শুভেচ্ছা জনায়৷

 শুভেচ্ছা গ্ৰহণ কৰি ইজিপ্তৰ ৰাষ্ট্ৰপতিয়ে ইজিপ্ত আৰু ভাৰতৰ সভ্যতা বিশ্বৰ ভিতৰতে প্ৰাচীন বুলি আখ্যা দিয়ে আৰু ক্ষিপ্ৰতাৰে বৃদ্ধি পোৱা দ্বিপাক্ষিক সম্পৰ্কক লৈ তেওঁ সন্তুষ্টি ব্যক্ত কৰে৷

 প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ সংকটৰ সময়ত ইজিপ্তত থকা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে ইজিপ্তৰ কৰ্তৃপক্ষই আগবঢ়োৱা সহায়ৰ প্ৰশংসা কৰে৷ চলিত বৰ্ষৰ আৰম্ভণিতে ইজিপ্ত ভ্ৰমণৰ পৰিকল্পনাৰ প্ৰসংগত ক’ভিড-১৯ মহামাৰীৰ বাবে বাতিল কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিস্থিতিয়ে অনুমতি দিলেই তেওঁ ৰাষ্ট্ৰপতি ছিছিৰ সৈতে মিলিত হ’ব৷

অধিক বিৱৰণৰ বাবে

অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডাৰ বেলেন আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডাৰ বেলেনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷  দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ মহামাৰীবিধক প্ৰতিহত কৰিবলৈ দুয়োগৰাকী নেতাই সহযোগিতামূলক পদক্ষেপৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ গুণগতমানৰ শিক্ষা আৰু শৈক্ষিক আন্তঃগাথনি প্ৰদানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধঃ কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী

চৰকাৰে ৯৮৬.৪৭ কোটি টকা ব্যয়েৰে  য়াংগঙত ছিক্কিম বিশ্ববিদ্যালয়ৰ এক স্থায়ী প্ৰাংগন নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে৷ ছিক্কিম চৰকাৰে ১৫ কোটি টকাৰ ব্যয়েৰে ৩০০ একৰ ভূমি আৱণ্টিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

জম্মু-কাশ্মীৰত ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে আজি জম্মু-কাশ্মীৰত বিভিন্ন ৰাজ্যৰ পৰা ঘূৰি লোকৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি হোৱা ৰোগৰ বাবে পৰিস্থিতিৰ খতিয়ান লয়৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ চিপেটে স্বাস্থ্যখণ্ডত গ্ৰহণ কৰিব গৱেষণা আৰু বিকাশৰ বিভিন্ন পদক্ষেপ

ক’ভিড-১৯ মহামাৰীৰ সৈতে মোকাবিলা  কৰিবলৈ চিপেটে ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত গৱেষণা আৰু বিকাশৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব৷  মুৰুথাল, জয়পুৰ, মাডুৰাই আৰু লক্ষ্ণৌৰ চিপেট কেন্দ্ৰই মুখৰ আৱৰণী প্ৰস্তুত কৰি উলিয়াইছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ৰোগীসকলৰ চিকিৎসাত ব্যস্ত চিকিৎসক আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলৰ বাবে দিনৰ আহাৰৰ ব্যৱস্থা কৰিব পিএফচিয়ে

ক’ভিড-১৯ৰ বিৰুদ্ধে মহাৰণত আৰু এখোজ আগুৱাই ৰাজহুৱা উদ্যম পাৱাৰ ফাইনেন্স কৰ্প’ৰেচন লিমিটেডে তাজছেটছৰ সৈতে সহযোগিতা স্থাপন কৰি ক’ভিড যোদ্ধাসকলক পুষ্টিকৰ খাদ্য যোগানৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

এনচিএছটিচিয়ে হিন্দীত প্ৰকাশ কৰিলে ক’ভিড কথা

ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি যোগাযোগ আয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ক’ভিড-১৯ৰ বিৰুদ্ধে সজাগতা প্ৰদানৰ বাবে তথ্যসমূহৰ হিন্দী সংস্কৰণ মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে পৌৰনিগম, আৰক্ষী, স্বাস্থ্য কৰ্মী সকলোকে সুৰক্ষাত্মক গীয়েৰ পৰিধান কৰিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে বিমান, ৰে’ল আৰু পথেৰে ৰাজ্যলৈ উভতি অহা সকলো ঘৰুৱা তথা আন্তৰ্জাতিক যাত্ৰীৰ বাবে এক ব্যাপক নিৰ্দেশনাৱলী জাৰি কৰিছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখন প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিষেধাজ্ঞাসমূহ জনসাধাৰণে ধৈৰ্য সহকাৰে পালন কৰা বাবে ৰোগবিধৰ সৈতে মোকাবিলা কৰাত সহায়ক হৈছে৷
  • হিমাচল প্ৰদেশঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক কেবিনেটে সমগ্ৰ ৰাজ্যতে ৩০ জুনলৈ প্ৰয়োজন সাপেক্ষে সান্ধ্য আইন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • কেৰালাঃ ৰাজ্যখনত লকডাউনৰ শিথিলতাৰ অপব্যৱহাৰ কৰা হৈছে ৰাজ্যিক কেবিনেটত আলোচিত হয়৷ বিগত চাৰিটা দিনত লকডাউন উলংঘাৰ ২৩১টা গোচৰ দাখিল হৈছে৷
  • তামিলনাডুঃ ৰাজ্যখনত কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১৭৭২৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮২৫৬ জন, মৃত্যু হৈছে ১২৭ জনৰ, মুকলি কৰি দিয়া হৈছে ৯৩৪২ জনক৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ২৪০৫ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১৫৯৬ জন, আৰোগ্য লাভ কৰিছে ৭৬২ জনে৷ মৃত্যু হৈছে ৪৫ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ২৭৮৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮১৬ জন, আৰোগ্য লাভ কৰিছে ১৯১৩ জনে, মৃত্যু হৈছে ৫৮ জনৰ৷
  • তেলেংগানাঃ তেলেংগানাত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১৭২ জন৷ ৪২ জন বিদেশ ফেৰৎ লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু পোৱা গৈছে৷
  • মহাৰাষ্ট্ৰঃ ২০৯১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ৫৪,৭৫৮ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৬,০০৪ জন৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১৪,৮২৯ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬,৭৭৭ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৭৬৮০ জন৷ ৪৩৪১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখন ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল  ৭০২৪ জন৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল  ৩০৩০ জন৷
  • চট্টিশগড়ঃ ৫০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৭১ জন৷
  • অৰুণাচল প্ৰদেশঃ নাফেডে অৰুণাচল প্ৰদেশলৈ মে’ আৰু জুন মাহত ৩১৩.৯৫৬ মেট্ৰিকটন দাইল প্ৰেৰণ কৰিছে৷
  • অসমঃ শোণিতপুৰ জিলাত ১০৮খন বিচনাযুক্ত ক’ভিড-১৯ৰ চিকিৎসালয়ৰ ব্যৱস্থা কৰা হৈছে বুলি  ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ ১৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ মুঠ সংক্ৰমিত লোকৰ সংখ্যা ৭০৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৬৩৫ জন, আৰোগ্য লাভ কৰিছে ৬২ জনে, মৃত্যুৰ সংখ্যা ৪ জন৷ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে টুইট কৰে৷
  • মণিপুৰঃ চৰকাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত আইজিএনঅ’এপিএছ, আইজিএনডব্লিউপিএছ আৰু আইজিএনডিপিএছৰ হিতাধিকাৰীক ৫০০ টকাকৈ প্ৰদান কৰিছে৷
  • মিজোৰামঃ ১৬ জুনত ১১টা কেন্দ্ৰত মিজোৰাম বৰ্ড অব্ স্কুল এডুকেচনে উচ্চতৰ মাধ্যমিক  আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিব৷
  • নাগালেণ্ডঃ চৰকাৰে গোৱা, অন্ধ্ৰ প্ৰদেশ, বেংগালুৰু, ৰাজস্থানৰ পৰা বিশেষ ৰে’ল আৰু পশ্চিমবংগ, উত্তৰাখণ্ড, পাঞ্জাৱ, দমন আৰু ডিউ আৰু লক্ষ্ণৌৰ পৰা বিশেষ বাছেৰে ৰাজ্যৰ নাগৰিকসকলক উভতাই অনাৰ ব্যৱস্থা কৰিছে৷

 

পিআইবি ফেক্ট চেক

 

 



(Release ID: 1627312) Visitor Counter : 234