প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাটাৰৰ আমীৰ শ্বেইখ তামিম বিন হামাদ আল-থানিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 26 MAY 2020 7:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাটাৰৰ আমীৰ শ্বেইখ তামিম বিন হামাদ আল-থানিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰি ঈদ-উল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে এই সংকটৰ সময়ছোৱাত কাটাৰত থকা ভাৰতীয়সকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷  প্ৰত্যুত্তৰত ভাৰতীয় স্বাস্থ্যকৰ্মীসকলে কাটাৰত আগবঢ়োৱা সেৱাৰ বাবেও নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷

বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা কাটাৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী যোগানত যাতে কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে ভাৰতীয় প্ৰাধিকৰণৰ প্ৰয়াসৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

আমীৰগৰাকীৰ ৪০তম জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰে৷


 

****

VRRK/KP/MANN



(Release ID: 1627146) Visitor Counter : 202