PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 26 MAY 2020 6:36PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহ

ভাৰতত প্ৰতিদিনে ১.১ লাখ নমুনাৰ পৰীক্ষণ সম্পন্ন হ’বলৈ ধৰিছে৷ আজি পৰ্যন্ত ভাৰতত ৬১২টা মুঠ গৱেষণাগাৰ আছে৷ ইয়াৰে ৪৩০ টা আইচিএমআৰে আৰু ১৮২টা ব্যক্তিগত খণ্ডৰ সংস্থাই পৰিচালিত কৰি আছে৷ ভাৰতত আৰোগ্যৰ হাৰ বৰ্তমানে উত্তৰণ ঘটি ৪১.৬১% হৈছে৷ ক’ভিড-১৯ৰ পৰা মুঠ ৬০,৪৯০ জন লোকে আৰোগ্য লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

প্ৰব্ৰজিত শ্ৰমিকসকলৰ আগমনৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পোৱা ৰোগীৰ সংখ্যাক লৈ স্বাস্থ্য সচিবে ৫খন ৰাজ্যৰ সৈতে বৈঠকত মিলিত হয়

স্বাস্থ্য সচিব শ্ৰীমতী প্ৰীতি সুডানে আজি উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, চট্টিশগড় আৰু মধ্য প্ৰদেশৰ মুখ্য সচিব, স্বাস্থ্য সচিব আৰু এনএইচএমৰ সঞ্চালকৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়৷ বৈঠকত তেওঁলোকে প্ৰব্ৰজিত শ্ৰমিকসকলে নিজ নিজ  ৰাজ্যলৈ উভতি অহাৰ ফলত বৃদ্ধি পোৱা ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ল’বলগীয়া ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰেল বিভাগে ২৫ মে ২০২০ লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩২৭৪ খন শ্ৰমিক বিশেষ ৰেলগাড়ীৰ চলাচল কৰাইছে আৰু ৪৪ লাখতকৈও অধিক যাত্ৰীক নিজৰ নিজৰ গৃহ ৰাজ্যলৈ কঢ়িয়াই নিছে

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মানি ঘৰৰ পৰা দূৰত বিভিন্ন ঠাইত ৰৈ যোৱা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ আৰু অন্যান্য লোকসকলক নিজ গৃহলৈ কঢ়িয়াই নিবলৈ ভাৰতীয় ৰে’ল বিভাগে ১ মে’, ২০২০ ৰ পৰা শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচলৰ সিদ্ধান্ত লৈছিল।

২৫ মে’ ২০২০ লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩২৭৪ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ৪৪ লাখতকৈও অধিক যাত্ৰী ইয়াৰ জৰিয়তে লক্ষ্যস্থানত উপস্থিত হৈছেগৈ।২৫.০৫.২০২০ তাৰিখে ২২৩ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰে ২.৮ লাখ যাত্ৰীয়ে যাত্ৰা কৰি আছিল।

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’ল বিভাগে ২৫ মে’ ২০২০ (১০:০০ বজালৈক) লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩০৬০ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ৪০ লাখতকৈও অধিক যাত্ৰী কঢ়িয়াইছে

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ মানি ঘৰৰ পৰা দূৰত বিভিন্ন ঠাইত ৰৈ যোৱা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ আৰু অন্যান্য লোকসকলক নিজ গৃহলৈ কঢ়িয়াই নিবলৈ ভাৰতীয় ৰে’ল বিভাগে ১ মে’, ২০২০ ৰ পৰা শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচলৰ সিদ্ধান্ত লৈছিল।

২৫ মে’ ২০২০ (১০:০০ বজালৈক) লৈকে ২৫ দিনত দেশৰ বিভিন্ন ঠাইৰ মাজত ৩০৬০ খন শ্ৰমিক বিশেষ ৰে’লগাড়ীৰ চলাচল কৰাইছে আৰু ৪০ লাখতকৈও অধিক যাত্ৰী ইয়াৰ জৰিয়তে লক্ষ্যস্থানত উপস্থিত হৈছেগৈ।

অধিক বিৱৰণৰ বাবে

পৰ্যটন মন্ত্ৰালয়ে ৩০ জুন ২০২০ তাৰিখলৈ বৃদ্ধি কৰিলে হোটেল আৰু অন্যান্য থকা-খোৱাৰ ব্যৱস্থা থকা স্থানসমূহৰ অনুমোদন/শ্ৰেণীবিভাজনৰ বৈধতাৰ সময়সীমা

পৰ্যটন মন্ত্ৰালয়ে হোটেলসমূহৰ সুবিধা অনুসৰি তাৰকা সম্বলিত মূল্যায়ন কৰে৷ কিন্ত তলিত লকডাউনৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে এই অনুমোদনৰ বৈধতাকাল ৩০ জুন ২০২০ তাৰিখলৈ বৃদ্ধি কৰিছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু আবু ধাবিৰ ৰাজকুমাৰৰ সৈতে টেলিফোনিক বাৰ্তালাপ

আবু ধাবিৰ ৰাজকুমাৰ শ্বেইখ মহম্মদ বিন জায়েদ আল নাহয়ানৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু ক’ভিড-১৯ৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ টেলিফোনেৰে বাৰ্তালাপ

বাংলাদেশ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী সন্মানীয়া শ্বেইখ হাছিনাৰ সৈতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টেলিফোনেৰে বাৰ্তালাপ কৰে। আলোচনাৰ আৰম্ভনীতে তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে বাংলাদেশৰ সমূহ নগৰিকলৈ ঈদ-উল-ফিতৰৰ শুভ কামনা জ্ঞাপন কৰে। আলোচনা কালত নেতাদ্বয়ে আম্ফান ঘূৰ্ণীয়ে শেহতীয়াভাবে দেশ দুখনত কৰা ক্ষয়-ক্ষতিৰ সমীক্ষা কৰাৰ লগতে সামগ্ৰিক ভাবে সৃষ্টি কৰা প্ৰলয়ংকৰী পৰিস্থিতিৰো বুজ লয়। ইফালে, ক’ভিড মহামাৰীৰ প্ৰদুৰ্ভাৱত সৃষ্টি হোৱা পৰিস্থিতি আৰু এই পৰিস্থিতিক চম্ভলাৰ ক্ষেত্ৰত দুয়োখন দেশে অৰম্ভ কৰা সহযোগিতামূলক কাম-কাজ সন্দৰ্ভতো আলোচনা কৰে নেতাদুগৰাকীয়ে। বাংলাদেশে সন্মুখীন হোৱা সংকটৰ এই সময়ত সকলোধৰণৰ সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ প্ৰধানমন্ত্ৰী হাছিনাৰ লগতে বন্ধু ৰাষ্ট্ৰ বাংলাদেশৰ সকলো নাগৰিকৰ সু-স্বাস্থ্য আৰু কুশল জীৱন কামনা কৰে।

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে টেলিফোনত ক’ভিড-১৯ৰ সমাধানৰ বিষয়ে আলোচনা কৰে

শ্ৰী ৰাজনাথ সিঙে আজি টেলিফোনৰ যোগেৰে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী লিণ্ডা ৰে’নল্ডছৰ সৈতে বাৰ্তালাপ কৰি ক’ভিড-১৯ৰ মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

পিপিই কভাৰঅ’লৰ প্ৰট’টাইপ পৰীক্ষণ নমুনা এতিয়া ৯টা অনুমোদিত গৱেষণাগাৰৰ দ্বাৰা পৰীক্ষণ আৰু স্বীকৃতি প্ৰদান কৰা হ’ব 

ভাৰতত পিপিই কভাৰঅ’লসমূহ স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে৷  এই পিপিই কভাৰঅ’লসমূহৰ প্ৰট’টাইপ পৰীক্ষণ নমুনা  এতিয়া ৯টা অনুমোদিত গৱেষণাগাৰৰ দ্বাৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত পৰীক্ষণ আৰু স্বীকৃতি প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

লাডাখৰ লেঃ গৱৰ্ণৰ শ্ৰী আৰ কে মাথুৰে কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙৰ সৈতে অঞ্চলটোৰ ক’ভিড পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে

লাডাখৰ লেঃ গৱৰ্ণৰ শ্ৰী আৰ কে মাথুৰে আজি কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ সৈতে অঞ্চলটোৰ ক’ভিড পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে গৱৰ্ণৰগৰাকীৰ সন্মুখত উত্থাপন কৰে৷

অধিক বিৱৰণৰ বাবে

ক্ষুদ্ৰ উদ্যোগসমূহৰ সমৰ্থনৰ বাবে চৰকাৰে নতুন বিত্তপোষক প্ৰতিষ্ঠানসমূহৰ অন্বেষণ কৰি আছে-শ্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় এমএছএমই আৰু পথ পৰিবহণ তথা ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয় যে চৰকাৰে ক্ষুদ্ৰ উদ্যমসমূহৰ উত্তৰণৰ বাবে নতুন বিত্তপোষক প্ৰতিষ্ঠানসমূহৰ অন্বেষণ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

অগ্ৰণী স্বাস্থ্যকৰ্মীক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ বাবে তাজছেটছৰ সৈতে চুক্তিবদ্ধ হৈছে আৰইচি লিমিটেড

শক্তি মন্ত্ৰালয়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তথা ভাৰতৰ সৰ্ববৃহৎ শক্তি খণ্ডৰ বিত্তায়ণ কৰা আৰইচি লিমিটেডে সহযোগিতামুলক প্ৰচেষ্টাৰে দেশৰ প্ৰধান চৰকাৰী হাস্পতালৰ চিকিৎসা কৰ্মী আৰু দিন হাজিৰা কৰা শ্ৰমিকক খাদ্যৰ যোগান ধৰাৰ এক অভিযানৰ নেতৃত্ব বহন কৰিছে৷ আৰইচি লিমিটেডৰ চিএছআৰ বিভাগ আৰইচি ফাউণ্ডেশ্যনে তাজছেটছ(আইএইচচিএল আৰু ছেটছ লিমিটেড এক যুটীয়া কোম্পানী)ৰ সৈতে সহযোগিতাৰে বিশেষভাৱে প্ৰস্তুত কৰা খাদ্যৰ পেকেট নতুন দিল্লীৰ ছফদৰজং হাস্পতালৰ স্বাস্থ্য কৰ্মীসকলক বিতৰণ কৰি আহিছে৷ নতুন দিল্লীৰ আগশাৰীৰ স্বাস্থ্য যোদ্ধাসকলৰ প্ৰতি কৃতজ্ঞতা জনাই প্ৰতিদিনে ৩০০কৈ খাদ্যৰ পেকেট যোগান ধৰা হয়৷ এই প্ৰচেষ্টাৰ অধীনত ১৮,০০০তকৈ অধিক খাদ্যৰ পেকেট যোগান ধৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনা ভাইৰাছৰ পৰীক্ষাৰ বাবে চিএছআইআৰ-আইআইআইএম আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডে (আৰআইএল) নিৰ্মাণ কৰিব আৰটি-লেম্পভিত্তিক পৰীক্ষণ

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অধিকসংখ্যক শ্ৰমিক ৰাজ্যখনলৈ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সাংসদ আৰু বিধায়কসকলৰ পৰা পূৰ্ণ সমৰ্থন বিচাৰ৷
  • তামিলনাডুঃ ৰাজ্যখনত কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১৭০৮২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮২৩০ জন, মৃত্যু হৈছে ১১৮ জনৰ, মুকলি কৰি দিয়া হৈছে ৮৭৩১ জনক৷
  • কৰ্ণাটকঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ২২৮২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১৫১৪ জন, আৰোগ্য লাভ কৰিছে ৭২২ জনে, মৃত্যু হৈছে ৪৪ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ২৭১৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭১৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৭৫৯ জন, আৰোগ্য লাভ কৰিছে ১৯০৩ জনে, মৃত্যু হৈছে ৫৭ জনৰ৷
  • তেলেংগানাঃ ২৬ মে’ ২০২০ তাৰিখ পৰ্যন্ত ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১৯২০ জন৷
  • পাঞ্জাৱঃ চেলুনত স্বাস্থ্যবিধি পালনৰ এক পৰামৰ্শৱলী প্ৰস্তুত কৰিছে পাঞ্জাৱ স্বাস্থ্য বিভাগে৷
  • হাৰিয়ানাঃ হাৰিয়ানাই ৭৭খন বিশেষ শ্ৰমিক ৰে’ল আৰু ৫,৫০০ খন বাছেৰে প্ৰব্ৰজক শ্ৰমিকসকলক গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰিছে৷ তাৰোপৰি ভিন্ন ৰাজ্যৰ পৰা ১১,৫৩৪ জন লোক ৰাজ্যখনলৈ ঘূৰিও আহিছে৷
  • হিমাচল প্ৰদেশঃ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বাসিন্দাসকলক কোৱাৰেণ্টাইনৰ বিধি কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিছে৷
  • মহাৰাষ্ট্ৰঃ  ২,৪৩৬ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫২,৬৬৭ জন৷  সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল  ৩৫,১৭৮ জন৷ ১৫,৭৮৬ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ১৪,৪৬৮ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৭৩৭৬ জন৷ ইয়াৰে ১৮৪৪ জন লোক বহিঃ ৰাজ্য ফেৰৎ প্ৰব্ৰজিত শ্ৰমিক৷
  • মধ্য প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ১৯৪ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৬৮৫৯ জন৷
  • চট্টিশগড়ঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ২২০ জন৷
  • গোৱাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৬৭ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৮ জন৷
  • অসমঃ অসমত বহিঃৰাজ্য ফেৰৎ লোকসকলৰ বাবে আনুষ্ঠানিক কোৱাৰেণ্টাইন বাধ্যতামূলক কৰা হৈছে৷ ক’ভিড-১৯ৰ প্ৰতিৰোধাত্মক পদক্ষেপৰ পৰিপ্ৰেক্ষিতত কোনো গৃহ কোৱাৰেণ্টাইনৰ অনুমোদন জনোৱা নহ’ব, মুখ্যমন্ত্ৰীৰ সভাপতিত্বত ৰাজ্যিক মন্ত্ৰী আয়োগৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এপ্ৰিল পৰা জুন মাহলৈ ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা ৩.৬ লাখ লোকৰ বাবে ‘অসম কেয়াৰ’ৰ অধীনত ২০০০ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ’ব, মন্ত্ৰী আয়োগৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
  • মণিপুৰঃ ইম্ফল পশ্চিমৰ পৰা তিনিজন ব্যক্তিৰ দেহত ক’ৰোনাৰ বীজাণুৱে দেখা দিছে৷  মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৯৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫ জন৷
  • মিজোৰামঃ মিজোৰামৰ ৰাজ্যপালে তেওঁলোকৰ ৰাজ্যত আৱদ্ধ হৈ থকা বহিঃ ৰাজ্যৰ লোকসকলক সহায়ৰ নিশ্চিতি প্ৰদান কৰে৷
  • নাগালেণ্ডঃ নাগালেণ্ডত সদ্যহতে কোনো বিদ্যালয় খোলাৰ সম্ভাৱনা নাই৷
  • ছিক্কিমঃ কেৰেলাৰ পৰা ৭৯ জন ছিক্কিমৰ লোকে নিউ জলপাইগুৰি ষ্টেচনত উপস্থিত হৈছে৷

 

পিআইবি ফেক্ট চেক

 

 

 

 

 

 



(Release ID: 1627038) Visitor Counter : 262