PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 25 MAY 2020 6:31PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্য; আৰোগ্যৰ হাৰ ৪১.৫৭%

এই পৰ্যন্ত ৫৭,৭২০ জন লোকে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৩২৮০ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪১.৫৭%৷ এই পৰ্যন্ত ১,৩৮,৮৪৫ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় চিকিৎসা নিৰীক্ষণৰ অধীনত আছে ৭৭,১০৩ জন৷

অধিক বিৱৰণৰ বাবে

বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকল আৰু জৰুৰীকালীন পৰিস্থিতি সাপেক্ষে বিদেশলৈ যাব খোজা যিসকল লোক ভাৰতত আৱদ্ধ হৈ আছে, তেওঁলোকৰ চলাচলৰ বাবে এছঅ’পি মুকলি কৰিলে গৃহ মন্ত্ৰালয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় লোকসকল তথা যিসকল লোক ভাৰতত আৱদ্ধ হৈ আছে আৰু জৰুৰীকালীনভাৱে বিদেশলৈ যাব বিচাৰে, তেওঁলোকৰ বাবে এছঅ’পি মুকলি কৰিছে৷ এই জাননী ০৫.০৫.২০২০ তাৰিখে গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীক প্ৰতিষ্ঠাপন কৰিছে৷ এই এছঅ’পি যিসকল যাত্ৰী বিদেশৰ পৰা স্থল সীমাৰে উভতি আহি আছে তেওঁলোকৰ বাবেও প্ৰযোজ্য হ’ব৷

অধিক বিৱৰণৰ বাবে

কঠোৰ প্ৰট’কলৰ মাজেৰে পিপিইৰ গুণগতমানৰ নিশ্চিতি প্ৰদান কৰা হৈছে

একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত অনুসৰি ব্যক্তিগত সুৰক্ষাত্মক সঁজুলিসমূহৰ গুণগতমানৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰা হৈছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনত এইচএলএল লাইফকেয়াৰ লিমিটেড (এইচএলএল) শীৰ্ষক এটা উদ্যোগে পিপিই কভাৰঅ’লসমূহ সম্পূৰ্ণ পৰীক্ষণৰ অন্ততহে ক্ৰয় কৰি আছে৷

অধিক বিৱৰণৰ বাবে

এনপিপিএয়ে জাৰি কৰা এক পৰামৰ্শৱলীৰ পিছত ৰপ্তানিকাৰী/নিৰ্মাতা/যোগানকৰ্তাসকলে এন-৯৫ মাস্কৰ মূল্য হ্ৰাস কৰিছে

চৰকাৰে এন-৯৫ মাস্কক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে সূচীত কৰাৰ পিছত এনপিপিএয়ে ২১ মে’ ২০২০ তাৰিখে এক পৰামৰ্শৱলী জাৰি কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে সমৰ্পিত নাজফগড়ৰ চৌধাৰী ব্ৰহ্মপ্ৰকাশ আয়ুৰ্বেদ চাৰক সংস্থান পৰিদৰ্শন কৰিলে ডা০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বা্স্থ্য মন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনে আজি ক’ভিড-১৯ৰ বাবে সমৰ্পিত নতুন দিল্লীৰ নাজফগড়ৰ চৌধাৰী ব্ৰহ্মপ্ৰকাশ আয়ুৰ্বেদ চাৰক সংস্থান পৰিদৰ্শন কৰে৷ এই উপলক্ষে তেওঁ কেন্দ্ৰটোত কভিড-১৯ ৰোগীক চিকিৎসা ব্যৱস্থা পৰ্যালোচনা কৰে৷ স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ লগতে ক’ভিড-১৯ ৰোগীৰ সৈতে মত বিনিময় কৰে৷ তেওঁ ক’ভিড-১৯ৰ নামত সমৰ্পিত স্বাস্থ্য কেন্দ্ৰটোৰ সুবিধাৰ বিষয়ে মতামত বিচৰাৰ লগতে আয়ুৰ্বেদিক ঔষধৰ জৰিয়তে কৰা চিকিৎসাৰ ফলাফলো জানিব বিচাৰে৷

অধিক বিৱৰণৰ বাবে

চৰকাৰী সংস্থাৰ দ্বাৰা বিগত বৰ্ষতকৈ অধিক পৰিমাণৰ ঘেঁহু ক্ৰয় কৰা হৈছে

ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে দেশজোৰা লকাডাউন সত্তেও চৰকাৰী সংস্থাসমূহৰ দ্বাৰা বিগত বৰ্ষৰ ৩৪১.৩১ লাখ মেট্ৰ্কি টনৰ সীমা অতিক্ৰম কৰি এইবাৰ ২৪ মে, ২০২০লৈকে ৩৪১.৫৬ লাখ মেট্ৰ্কি টন ঘেঁহু আহৰণ কৰা হৈছে৷ ঘেঁহু চপোৱাৰ কাম সাধাৰণতে প্ৰতি বছৰৰ মাৰ্চৰ শেষভাগত আৰু আহৰণৰ কাম এপ্ৰিলৰ প্ৰথম আৰম্ভ হয়৷ অৱশ্যে ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ ফলত সকলো কাম-কাজ স্থবিৰ হৈ পৰিছিল৷ সেই সময়ছোৱাত সন্মুখীন হোৱা সমস্যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে কৃষি খণ্ডৰ কাম-কাজ লকডাউনৰ আওতাৰ পৰা ৰেহাই দিছিল৷ সেই হিচাপে একাংশ ৰাজ্যই ১৫ এপ্ৰিলৰ পৰা আৰু হাৰিয়ানাই ২০ এপ্ৰিলৰ পৰাহে ঘেঁহু চপোৱাৰ কাম আৰম্ভ কৰে৷

অধিক বিৱৰণৰ বাবে

বিহাৰৰ ডাক বিভাগে ‘‘শ্বাহী লিচু’’ আৰু ‘‘জাৰডালু আম’’ ঘৰে ঘৰে যোগান ধৰিব

লকডাউনৰ ফলত লিচু আৰু আমৰ খেতিয়কসকলে যথেষ্ট কঠিনতাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ তেওঁলোকৰ সমস্যা লাঘৱ কৰিবলৈ বিহাৰৰ ডাক বিভাগে উৎপাদিত কৃষি সামগ্ৰীসমূহ ঘৰ-ঘৰে যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ মুখ্যমন্ত্ৰীয়ে সকলো জিলা উপাযুক্ত আৰু জিলা মুখ্য আৰক্ষী বিষয়াক এইবুলি নিৰ্দেশ দিছে যে যাতে কোনো  অন্য ৰাজ্যৰ প্ৰব্ৰজনকাৰী শ্ৰমিকে ঘৰলৈ খোজকাঢ়ি যাব নালাগে অথবা ভোকত থাকিব নালাগে৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ৰ মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে নিতৌ বিভিন্ন ৰাজ্যলৈ শ্ৰমিক বিশেষ ৰে’লৰ চলাচল কৰাই আছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫০,২৩১ জন৷ আৰু মৃত্যু হৈছে ১৬৩৫ জনৰ৷
  • গুজৰাটঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যাই ১৪,০৬৩ৰ সংখ্যা স্পৰ্শ কৰিছে৷
  • ৰাজস্থানঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৭১৭৩ জন৷  ৰাজ্যখনৰ স্বাস্থ্য বিভাগে এই তথ্য প্ৰকাশ কৰিছে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৬৩১৭ জন৷  আৰোগ্য লাভ কৰিছে ৩২৬৭ জনে আৰু মৃত্যু হৈছে ২৮১ জনৰ৷
  • চট্টিশগড়ঃ ৩৬ জন ক’ভিড-১৯ত আক্ৰান্ত প্ৰব্ৰজক শ্ৰমিকৰ সৈতে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ২৫২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮৫ জন৷
  • অসমঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হোৱা সকলো যাত্ৰীক ক’ভিড-১৯ৰ পৰীক্ষণ কৰা হ’ব৷ অসমৰ লোকসকলক তেওঁলোকৰ নিজ জিলাসমূহলৈ প্ৰেৰণ কৰা হ’ব, অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে কয়৷
  • মেঘালয়ঃ হাৰিয়ানাৰ পৰা ১৩৯ জন লোকে উভতি আহিছে৷  তেওঁলোকক পৰীক্ষা কৰাৰ পিছত ফলাফলৰ ভিত্তিত গৃ কোৱাৰেণ্টাইন অথবা ক’ৰোনা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব৷
  • মণিপুৰঃ বিমান যাত্ৰীসকলৰ বাবে সংশোধিত এছঅ’পি জাৰি কৰা হৈছে৷ বিমানবন্দৰত নিৰীক্ষণ, পৰীক্ষণ বাধ্যতামূলক কৰাৰ লগতে কোৱাৰেণ্টাইনো বাধ্যতামূলক কৰা হৈছে৷
  • মিজোৰামঃ জোৰাম মেডিকেল কলেজ গৱেষণাগাৰত ক’ভিড-১৯ৰ পৰীক্ষণৰ আৰটি-পিচিআৰৰ বাবে মিজোৰামে পুলিং পদ্ধতি আৰম্ভ কৰিছে৷
  • নাগালেণ্ডঃ তিনিজন ক’ভিড-১৯ আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে৷ এওঁলোক চেন্নাইৰ পৰা উভতি আহিছিল৷

 

পিআইবি ফেক্ট চেক



(Release ID: 1626787) Visitor Counter : 248