প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

২০ মাৰ্চ ২০২০ তাৰিখৰ পৰা মুখ্যমন্ত্ৰীসকলৰ সৈতে এয়া ৫ম খন বৈঠক

এতিয়া গ্ৰামাঞ্চলত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ প্ৰয়াস কৰা উচিতঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

ক’ভিড-১৯ৰ পিছৰ পৰ্যায়ৰ পৰিস্থিতিসমূহৰ সুযোগ ভাৰতে গ্ৰহণ কৰা উচিতঃ প্ৰধানমন্ত্ৰী

নতুন বিশ্বৰ বাস্তৱায়নৰ বাবে আমি সকলোৱে পৰিকল্পনা যুগুত কৰা উচিতঃ প্ৰধানমন্ত্ৰী

Posted On: 11 MAY 2020 10:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে ঘোষণা কৰা যুঁজৰ ভৱিষ্যতৰ কৰ্মপন্থাসমূহ আলোচনা কৰে৷

বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতৰ কোনবোৰ ভৌগোলিক ক্ষেত্ৰত এই মহামাৰী বিয়পিছে আৰু কোন ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ অধিক হৈছে সেই সম্পৰ্কে আমি এতিয়া স্পষ্টভাৱে অনুধাৱন কৰিব পাৰিছো৷ ইয়াৰোপৰি, বিগত কিছু সপ্তাহত বিষয়াসকলে এই ধৰণৰ পৰিস্থিতিত জিলা পৰ্যায়ৰ সঞ্চালন প্ৰক্ৰিয়াসমূহো ভালদৰে অনুধাৱন কৰিব পাৰিছে৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বিষয়ত গভীৰ অনুধাৱনে ইয়াৰ বিৰুদ্ধে যুদ্ধখন উপযুক্ত ধৰণে যুঁজাত সহায় কৰিব৷

তেওঁ কয়, ‘‘গতিকে আমি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুঁজত আমাৰ সেই ৰণনীতিত গুৰুত্ব প্ৰদান কৰিব পাৰো যি প্ৰকৃতাৰ্থতেই হ’ব লাগে৷ আমাৰ সন্মুখত দুটা প্ৰত্যাহ্বান আছে- ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা আৰু সকলো নিৰ্দেশনা পালন কৰি সাৰ্বজনিক গতিবিধি ধীৰে ধীৰে বৃদ্ধি কৰা আৰু আমি এই দুয়োটা উদ্দেশ্য পূৰণৰ দিশত অগ্ৰসৰ হ’ব লাগিব৷’’

প্ৰধানমন্ত্ৰীয়ে এয়াও কয় যে এতিয়া গ্ৰামাঞ্চলত ক’ভিড-১৯ৰ প্ৰভাৱ ৰোধ কৰাৰ বাবে প্ৰয়াস কৰিব লাগে৷

অৰ্থব্যৱস্থাৰ এক ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে ৰাজ্যসমূহে প্ৰদান কৰা পৰামৰ্শসমূহৰ ওপৰত চিন্তা-চৰ্চা কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷

মুখ্যমন্ত্ৰীসকলে ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধত প্ৰধানমন্ত্ৰীৰ নেতৃত্বক প্ৰশংসা কৰে আৰু দেশত চিকিৎসা তথা স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ আৱশ্যকতাসমূহৰ ওপৰত আলোকপাত কৰে৷ বহু মুখ্যমন্ত্ৰীয়ে এইদৰে কয় যে প্ৰবাসীসকলৰ উভতাই অনাৰ কথাটোত গুৰুত্ব প্ৰদান কৰি বিশেষ ৰূপত গ্ৰামাঞ্চলত নতুন সংক্ৰমণৰ জৰিয়তে মহামাৰী বিয়পাক ৰোধ কৰাৰ বাবে সামাজিক ব্যৱধানৰ নিৰ্দেশনা, মাস্কৰ ব্যৱহাৰ আৰু স্বচ্ছতা সন্দৰ্ভত কঠোৰ নিৰীক্ষণ দিয়াটো আৱশ্যক৷

বিদেশৰ পৰা উভতি অহা ভাৰতীয়সকলক বাধ্যতামূলকভাৱে কোৱাৰেণ্টাইনত ৰখাৰ আৱশ্যকতাসমূহৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয়৷ অৰ্থব্যৱস্থাৰ ওপৰত মুখ্যমন্ত্ৰীসকলে নিজৰ পৰামৰ্শ প্ৰদান কৰি এমএছএমই তথা বিদ্যুতৰ দৰে আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহক আৱশ্যকীয় সহায় প্ৰদান, ঋণত সুতৰ হাৰ হ্ৰাস আৰু কৃষি উপজাত সামগ্ৰীৰ বজাৰ অভিগমন সুনিশ্চিত কৰাৰ ওপৰত মতপোষণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে দেশৰ যুদ্ধত সক্ৰিয় ভূমিকা পালন আৰু তৃণমূল পৰ্যায়ত অভিজ্ঞতাসমূহৰ দ্বাৰা মূল্যৱান পৰামৰ্শ দিয়াৰ বাবে মুখ্যমন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ পিছত বিশ্বৰ মৌলিক পৰিৱৰ্তন হৈছে৷ এতিয়া বিশ্ব যুদ্ধৰ দৰে প্ৰাক্-ক’ৰোনা বিশ্ব আৰু পচ্ছাদ-ক’ৰোনা বিশ্ব বুলি কোৱা হ’ব৷ ইয়াৰ জৰিয়তে আমাৰ কাম-কাজসমূহৰো অতীব পৰিৱৰ্তন হ’ব৷

তেওঁ কয় যে এজন ব্যক্তিৰ পৰা আৰম্ভ কৰি সমগ্ৰ মানৱতালৈ জীৱনৰ নতুন পদ্ধতি ‘‘জনতাৰ পৰা আৰম্ভ কৰি জগতলৈ’’ সিদ্ধান্তৰ ওপৰত আধাৰিত হ’ব৷ এই পৰিপ্ৰেক্ষিতত আমি সকলোৱে নতুন বাস্তৱিকতাৰ যোজনা প্ৰস্তুত কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে৷

তেওঁ কয়, ‘‘আমি পৰ্যায়ক্ৰমে লকডাউন আঁতৰোৱাৰ কথা চিন্তা কৰিলেও এয়া মনত ৰখাটো নিতান্তই প্ৰয়োজন যে যেতিয়ালৈ আমি কোনো প্ৰতিষেধক অথবা সমাধান সন্ধান নকৰো তেতিয়ালৈ এই ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ ওচৰত সবাতোকৈ ডাঙৰ হাথিয়াৰটো হ’ল সামাজিক ব্যৱধান৷’’

প্ৰধানমন্ত্ৰীয়ে ‘‘দুই গজ দূৰত্ব’’ক পুনৰবাৰ গুৰুত্ব প্ৰদান কৰি কয় যে মুখ্যমন্ত্ৰীসকলে নিশাৰ ভাগত প্ৰণয়ন কৰা কাৰ্ফিউৰ দ্বাৰা নিশ্চিত ৰূপত জনসাধাৰণৰ মাজত সতৰ্কতাৰ ভাৱ সৃষ্টি হ’ব৷

তেওঁ কয়, ‘‘মই আপোনালোকক ১৫ মে’ পৰ্যন্ত নিজৰ নিজৰ ৰাজ্যত লকডাউনৰ ব্যৱস্থা কিদৰে মোকাবিলা কৰিব সেই সন্দৰ্ভত ৰণনীতি প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছো৷ মই বিচাৰিছো যে ৰাজ্যসমূহে এই সন্দৰ্ভত ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰক যে লকডাউনৰ সময়ছোৱাত আৰু ইয়াক পৰ্যায়ক্ৰমে আঁতৰোৱাৰ পিছত ইয়াৰ সৈতে মোকাবিলা কিদৰে কৰিব৷’’

‘‘আমাৰ সন্মুখৰ বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ আমি এক সামগ্ৰিক দৃষ্টিকোণ প্ৰস্তুত কৰিব লাগি৷ দেশত বাৰিষাৰ সময়ছোৱাত ক’ভিড-১৯ৰ বাহিৰে অন্যান্য ৰোগসমূহৰ উপদ্ৰৱো বৃদ্ধি হ’ব৷ ইয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে আমি আমাৰ চিকিৎসা তথা স্বাস্থ্য প্ৰণালীসমূহক নিশ্চিত ৰূপত প্ৰস্তুত আৰু শক্তিশালী কৰিব লাগিব’’, তেওঁ এইদৰে কয়৷

তাৰোপৰি শিক্ষণ আৰু অধ্যয়নৰ নতুন মডেল প্ৰস্তুতিৰ বাবেও তেওঁ মুখ্যমন্ত্ৰীসকলক অনুৰোধ কৰে৷ পৰ্যটনৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঘৰুৱা পৰ্যটনত বিভিন্ন সম্ভাৱনাৰ সৃষ্টি হ’ব পাৰে, সেয়েই ইয়াৰ ৰূপৰেখাসমূহৰ বিষয়ে চিন্তা কৰাটোও আৱশ্যক৷ ৰে’ল সেৱাসমূহ পুনৰাম্ভ কৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আৰ্থিক গতিবিধি দ্ৰুত কৰিবলৈ এয়া আৱশ্যক, কিন্তু সকলো পথতে ৰে’ল সেৱা আৰম্ভ কৰা নহ’ব৷ কেৱল সীমিত সংখ্যাতহে ৰে’ল চলিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যসমূহে প্ৰদৰ্শন কৰা আশাবাদে ভাৰতক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত বিজয়ী সাব্যস্ত কৰিব৷ ক’ভিড-১৯ কালৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিসমূহৰ সুযোগ ভাৰতে গ্ৰহণ কৰিব লাগে বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷  

VRRK/HS/MANN



(Release ID: 1623217) Visitor Counter : 251