গৃহ মন্ত্ৰালয়

ঘৰৰ পৰা দূৰত আন ঠাইত ৰৈ যোৱা লোকসকলক বিশেষ ৰে’লগাড়ীৰে অনতিপলমে ঘৰলৈ আহিবলৈ দিয়াৰ বাবে আৰম্ভ কৰা ‘শ্ৰমিক বিশেষ’ ৰে’লগাড়ীৰ চলাচল সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰে’ল মন্ত্ৰালয়ে ৰাজ্যিক সংযোগী বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মিলিত হয়

লাখ লাখ পৰিভ্ৰমী শ্ৰমিকক লৈ ৪৫০ খনতকৈও অধিক শ্ৰমিক বিশেষ ৰে’লগাড়ী চলাচল কৰোৱা হৈছে; ঘৰলৈ যাব বিচৰা প্ৰতিজন শ্ৰমিককে কঢ়িয়াই প্ৰতিদিনে ১০০ খনতকৈও অধিক ৰে’লগাড়ী চলাচল কৰোৱা হৈছে

प्रविष्टि तिथि: 11 MAY 2020 2:00PM by PIB Guwahati

পৰিভ্ৰমী শ্ৰমিকৰ বাবে দিয়া ‘শ্ৰমিক বিশেষ’ ৰে’লগাড়ীৰ চলাচল সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰে’ল মন্ত্ৰালয়ে আজি ৰাতিপুৱা এক ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংযোগী বিষয়াসকলৰ সৈতে মিলিত হয়।

কালি চলাচল কৰা ১০১ খন ৰে’লগাড়ীকে ধৰি লাখ লাখ পৰিভ্ৰমী শ্ৰমিকক লৈ ৪৫০ খনতকৈও অধিক শ্ৰমিক বিশেষ ৰে’লগাড়ী চলাচল কৰোৱা কাৰ্যৰ শলাগ লোৱা হয়।

ভিডিঅ’ কনফাৰেন্সত ঘৰলৈ যাব বিচৰা প্ৰতিজন শ্ৰমিককে অনতিপলমে ঘৰলৈ আহিবলৈ দিয়াৰ বাবে যথেষ্ট পৰমাণত সুবিধা আগবঢ়াব পৰাকৈ ৰে’লগাড়ী উপলব্ধ কৰাৰ সন্দৰ্ভত বহু কথা আলোচনা কৰা হয়। অনাগত সপ্তাহবোৰত ঘৰলৈ যাব বিচৰা প্ৰতিজন শ্ৰমিকৰ বাবে প্ৰতিদিনে ১০০ খনতকৈও অধিক ৰে’লগাড়ী চলাচল কৰোৱা হ’ব বুলি আশা কৰা হৈছে।

*****

VG/SNC/VM/PRK


(रिलीज़ आईडी: 1623184) आगंतुक पटल : 258
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam