PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 MAY 2020 6:15PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

এই পৰ্যন্ত ২০,৯১৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৩১.১৫%৷ এই পৰ্যন্ত ক’ভিড-১৯ত নিশ্চিতভাৱে আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬৭,১৫২ জন৷ কালিৰে পৰা ৪,২১৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷

অধিক বিৱৰণৰ বাবে

আই চি এম আৰ-এন আই ভিয়ে তৈয়াৰ কৰা প্ৰতিৰোধক চিনাক্ত কৰিবপৰা শক্তিশালী ইম্যুনগ্লবুলিন জি এলিছা পৰীক্ষণে ভিড-১৯ নিৰীক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব” - ড০ হৰ্ষৱৰ্দ্ধন

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অধীনৰ পুণেস্থিত ৰাষ্ট্ৰীয় ভাইৰাছতত্ব প্ৰতিষ্ঠানে ভিড-১৯ প্ৰতিৰোধক চিনাক্ত কৰিবপৰা শক্তিশালী ইম্যুনগ্লবুলিন জি এলিছা পৰীক্ষণ সঁজুলিভিড কৱচ এলিছা আৰ্হি প্ৰস্তুত কৰিছে আৰু অনুমোদনো লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান ল’বলৈ মাণ্ডলি ক’ভিড-১৯ শুশ্ৰূষা কেন্দ্ৰ পৰিদৰ্শন কৰিছে ডাঃ হৰ্ষ ৱৰ্ধনে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে নতুন দিল্লীৰ মাণ্ডলি জেইলৰ ক’ভিড শুশ্ৰূষা কেন্দ্ৰ পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান লয়৷

অধিক বিৱৰণৰ বাবে

চিকিৎসা কৰ্মী আৰু পেৰা-মেডিকেল কৰ্মীৰ সুচল চলাচল, সকলো ব্যক্তিগত ক্লিনিক, নাৰ্চিং হোম আৰু লেবসমূহৰ মুকলিৰ নিশ্চিতি প্ৰদান কৰিবলৈ ৰাজ্যসমূহক গৃহ মন্ত্ৰালয়ৰ আহ্বান

কেবিনেট সচিবে ১০ মে’ ২০২০ তাৰিখে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহক চিকিৎসা কৰ্মী, পেৰামেডিকেল কৰ্মীৰ চলাচলত থকা নিষেধাজ্ঞাসমূহ বাতিল কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ আহ্বানঃ অধিক সংখ্যক ‘শ্ৰমিক বিশেষ’ ৰে’ল চলাবলৈ ৰে’লৱেৰ সৈতে সমন্বয় স্থাপন কৰক

কেবিনেট সচিবে ১০ মে’ ২০২০ তাৰিখে এক ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক প্ৰব্ৰজিত শ্ৰমিকসকলৰ চলাচলত সহায় হোৱাকৈ অধিক সংখ্যক ‘শ্ৰমিক বিশেষ’ ৰে’ল চলোৱাৰ বাবে ৰে’লৱেৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

১২ মে’ ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ৰেলে পৰ্যায়ক্ৰমে আৰম্ভ কৰিব যাত্রীবাহী সেৱা

ৰে’লৱে মন্ত্ৰালয়ে ১২ মে২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰ্যায়ক্ৰমে যাত্রীবাহী ৰেলৰ চলাচল আৰম্ভ কৰিব৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’লৱে ৩০খন বিশেষ ৰে’লৰ সময়সীমা ঘোষণা কৰিছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা গৃহ মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনামৰ্মে ৰে’লৱে মন্ত্ৰালয়ে ১২ মে’ ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ যাত্ৰীবাহী ৰে’লৰ চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

সমগ্ৰ দেশতে ১১ মে২০২০ তাৰিখ পৰ্যন্ত (১০০০ ঘণ্টা) ভাৰতীয় ৰেলৱেৰ ৪৬৮খন ‘‘শ্ৰমিক স্পেচিয়েল’’ ৰেলে চলাচল কৰি আছে

১১ মে২০২০ তাৰিখ পৰ্যন্ত মুঠ ৪৬৮ খনশ্ৰমিক বিশেষৰেলে বিভিন্ন ৰাজ্যত চলাচল কৰি আছে৷ ইয়াৰে ৩৬৩খন ৰেলে লক্ষ্যস্থানত উপনীত হৈছে আৰু ১০৫খন ৰেলে এতিয়াও ভ্ৰমণ কৰি আছে৷ 

এই ৩৬৩খন ৰে অন্ধ্ৰ প্ৰদেশ (১খন ৰে), বিহাৰ  (১০০খন ৰে), হিমাচল প্ৰদেশ (১খন ৰে), ঝাৰখণ্ড (২২খন ৰে), মধ্য প্ৰদেশ (৩০খন ৰে), মহাৰাষ্ট্ৰ (৩খন ৰে), উৰিষ্যা (২৫খন ৰে), ৰাজস্থান (৪খন ৰে), তেলেংগানা (২খন ৰে), উত্তৰ প্ৰদেশ (১৭২খন ৰে), পশ্চিমবংগ (২খন ৰে), তামিলনাডু (১খন ৰে) যাত্ৰা সমাপ্ত কৰিছে৷

অধিক বিৱৰণৰ বাবে

শ্ৰমিক বিশেষ’ ৰে’লৰ সঞ্চালনৰ খতিয়ান ল’বলৈ ৰাজ্যিক ন’ডেল বিষয়াসকলৰ সৈতে গৃহ মন্ত্ৰালয় আৰু ৰে’লৱেৰ ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক

প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে চলাচল কৰোৱা শ্ৰমিক বিশেষ ৰে’লৰ সঞ্চালন সন্দৰ্ভত খতিয়ান ল’বলৈ আজি পুৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু ৰে’লৱে মন্ত্ৰালয়ে এক বৈঠকত মিলিত হয়৷ এই বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ ন’ডেল বিষয়াসকলেও অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

ৰে’লেৰ চলাচল কৰিবলগীয়া যাত্ৰীসকলৰ বাবে এছঅ’পি মুকলি কৰিছে গৃহ মন্ত্ৰালয়ে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰে’লেৰে অহা-যোৱা কৰিবলগীয়া যাত্ৰীসকলৰ বাবে এছঅ’পি মুকলি কৰিছে৷ কেৱল ই-টিকেট থকা যাত্ৰীকহে ৰে’লৱে ষ্টেচনত প্ৰৱেশৰ বাবে অনুমতি দিয়া হ’ব৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ পিছত নিৰ্মাণ খণ্ডৰ উদ্যোগসমূহৰ কাম পুনৰাম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (গৃহ মন্ত্ৰালয়) মুকলি কৰিছে নিৰ্দেশনা

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত নিৰ্মাণ খণ্ডৰ উদ্যোগসমূহক লকডাউনৰ পিছত কাম পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ কেইবাসপ্তাহৰো লকডাউনৰ পিছত তথা উদ্যোগসমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত সম্ভৱতঃ কিছুমান প্ৰতিষ্ঠানে এছঅ’পি পালন কৰা নাই৷ ফলস্বৰূপে নিৰ্মাণ উদ্যোগসমূহৰ ব্যৱস্থা, পাইপলাইন, ভালভ ইত্যাদিত ৰাসায়নিক পদাৰ্থৰ অৱশেষে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ সেই একেটা কাৰণেই বিপদজনক ৰাসায়নিক তথা দাহ্য পদাৰ্থৰ ভঁৰালৰ বাবেও প্ৰযোজ্য হ’ব পাৰে৷

অধিক বিৱৰণৰ বাবে

বিজাগ গেছ লীকৰ সমস্যা সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰ সহায় কৰিহলৈ ভাৰতীয় বায়ু সেনাবাহিনীয়ে অত্যাৱশ্যকীয় ৰাসায়নিক সামগ্ৰী কঢ়িয়াইছে

অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অনুৰোধমৰ্মে ভাৰতীয় বায়ু সেনাবাহিৱীয়ে গেছ লীকৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ ৮.৩ টন অত্যাৱশ্যকীয় ৰাসায়নিক সামগ্ৰী কঢ়িয়াইছে৷

অধিক বিৱৰণৰ বাবে

মালদ্বীপৰ পৰা আইএনএছ জলসে কঢ়িয়াই আনিলে স্বদেশলৈ প্ৰত্যাৰ্পণ কৰিব খোজা ভাৰতীয়সকলক

‘অপাৰেচন সমুদ্ৰসেতু’ৰ বাবে আৱণ্টিত আইএনএছ জলসে ১০ মে’ তাৰিখে পুৱা ১০ মান বজাত মালদ্বীপৰ পৰা ৬৯৮ গৰাকী ভাৰতীয়ক কঢ়িয়াই আনি উপস্থিত হয়৷

অধিক বিৱৰণৰ বাবে

অপাৰেচন সমুদ্ৰসেতু- ভাৰতীয় নাগৰিকসকলক উভতাই আনিবলৈ মালেলৈ ধাৱমান হৈছে আইএনএছ মগৰে

ভাৰতীয় নৌসেনা বাহিনীৰ দ্বিতীয়খন জাহাজ আইএনএছ মগৰে মালদ্বীপত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক উভতাই আনিবলৈ মালে অভিমুখে ধাৱমান হৈছে৷

অধিক বিৱৰণৰ বাবে

ই-নাম প্লেটফ’ৰ্মৰ সৈতে সংযুক্ত হৈছে ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ১৭৭খন নতুন মণ্ডী

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি ই-নামৰ সৈতে ১৭৭খন মণ্ডী সংযোজিত কৰি মুকলি কৰে৷ এই পৰ্যন্ত ই-নামৰ সৈতে ৯৬২খন মণ্ডী সংযোজিত হৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ত অব্যাহত মাহজাতীয় শস্য আৰু তৈলবীজ সংগ্ৰহৰ কাম

গ্ৰীষ্মকালীন শস্য ৰোপণৰ এলেকা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি৷ ২০২০-২১ ৰবি বতৰত ২৪১লাখ মেট্ৰিকটন আটা আহৰণ কৰা হৈছে, ২৩৩লাখ মেট্ৰিকটনতকৈ অধিক ক্ৰয় কৰা হৈছে৷ কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে লকডাউনৰৰ সময়ত কৃষক আৰু কৃষি কাৰ্যত সহায় কৰাৰ বাবে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শ্রী নৰেন্দ্ৰ সিং টোমাৰে পৰিস্থিতি নিয়মীয়াকৈ নিৰীক্ষণ কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে বিজ্ঞানীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে দেশক সমৃদ্ধ কৰা বিজ্ঞানীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

অধিক বিৱৰণৰ বাবে

ডিআৰডিঅ’ই ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতক প্ৰযুক্তিৰ ৰপ্তানিকাৰী দেশ হ’বলৈ আহ্বান জনালে

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে ডিআৰডিঅ’ৰ বিজ্ঞানীসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে দেশক প্ৰযুক্তিৰ শক্তিগৃহ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে অৰ্থনীতি পুনৰ সমৃদ্ধ কৰিবহলৈ ভাৰত প্ৰস্তুতঃ ডাঃ হৰ্ষ ৱৰ্ধন

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে ভাৰতে অতি দৃঢ়তাৰে ক’ভিড-১৯ৰ সৈতে যুঁজ দিছে আৰু দেশৰ অৰ্থনীতি সবল কৰিবলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে প্ৰস্তুত হৈ আছে৷

অধিক বিৱৰণৰ বাবে

শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰতিষ্ঠানসমূহৰ ভিড-১৯ সম্পৰ্কীয় প্ৰশ্ন, অভিযোগ আৰু অন্যান্য শৈক্ষিক দিশ নিৰীক্ষণ বিভিন্ন পদক্ষেপ লৈছে ইউজিচিয়ে

বিশ্ববিদ্যালয় অনুদান আয়োগে(ইউডিচি) ২৯ এপ্ৰিল, ২০২০ত ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা আৰু শৈক্ষিক কেলেণ্ডাৰৰ নিৰ্দেশনা জাৰি কৰিছে৷ সেই অনুসৰি বিশ্ববিদ্যালয়সমূহক এই নিৰ্দেশনা গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ বেলিকা সকলো অংশীদাৰ স্বাস্থ্যজনিত দিশটো সৰ্বাধিক গুৰুত্ব দি তেওঁলোকৰ নিৰাপত্তা আৰু স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক কাম-কাজৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

উৰিষ্যাৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মানসিক অৱস্থাৰ উত্তৰণৰ বাবে মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে মুকলি কৰিলে উৰিষ্যা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ হেল্পলাইন ‘ভাৰোসা’

ক’ভিড-১৯ মহামাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থাৰ উত্তৰণ কৰিবলৈ কেন্দ্ৰীয় মানৱ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ ‘ভাৰোসা’ শীৰ্ষক এক হেল্পলাইন সুবিধা মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰতিষেধক, ৰোগ-বিশ্লেষক, নিৰাময়ক আৰু অন্যান্য প্ৰযুক্তি সম্পৰ্কীয় গৱেষণাৰ ৭০টা প্ৰস্তাৱলৈ পুঁজি আৱণ্টনৰ পৰামৰ্শডিবিটি’-‘বিআইআৰচিভিড-১৯ গৱেষণাকনছৰ্টিয়াম

ছাৰ্ছ ’ (SARS CoV-2) বিপৰীতে অনতি বিলম্বে নিৰাপদ আৰু প্ৰভাৱশালী জৈৱ-চিকিত্সা সম্পৰ্কীয় সমাধান সূত্ৰ উদ্ভাৱনৰ বাবে ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তি বিভাগ(ডিবিটি) আৰু জৈৱ-প্ৰযুক্তি উদ্যোগ গৱেষণা সহযোগিতা পৰিষদে(বিআইআৰচি) স্থাপন কৰা ভিড-১৯কনছৰ্টিয়ামলৈ আবেদন আহ্বান কৰা হৈছিল। তদুপৰি, দ্ৰুত পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অধীনত ভিড-১৯ৰ ক্ষেত্ৰত তত্কালীন ভাবে প্ৰয়োগ কৰিব পৰাকৈ সাজু হৈ থকা সমাধানসূত্ৰৰ ক্ষেত্ৰতবিআইআৰচি’-য়ে পুঁজি আবণ্টনৰো ব্যৱস্থা ৰাখিছিল৷

অধিক বিৱৰণৰ বাবে

ক’ৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ কেভিআইচিৰ মৃৎ শিল্পীসকলে ব্যৱহাৰ কৰিছে উদ্ভাৱনীমূলক পদ্ধতি

সমগ্ৰ দেশে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হোৱাৰ মুহূৰ্ততে ৰাজস্থানৰ কেভিআইচিৰ মৃৎ শিল্পীসকলে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে৷

অধিক বিৱৰণৰ বাবে

‘দেখো আপনা দেশ’ ৱেবিনাৰ ছিৰিজৰ ১৭তম খণ্ডত পৰ্যটন মন্ত্ৰালয়ে মুকলি কৰিলে ‘এক্সপ্ল’ৰিং ৰিভাৰ নীলা’

অধিক বিৱৰণৰ বাবে

সংবদ্ধ কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ, চিচিটিভি আৰু লকডাউনৰ জৰিয়তে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ডেৰাদুন স্মাৰ্ট চিটীয়ে

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

    • হিমাচল প্ৰদেশঃ দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা হিমাচল প্ৰদেশৰ যিসকল লোকে ৰাজ্যলৈ ঘূৰি আহিব বিচাৰিছে তেওঁলোকক তন্ন-তন্নকৈ পৰীক্ষা কৰা হ’ব আৰু নিজৰ বাসস্থানলৈ যোৱাৰ পূৰ্বে কোৱাৰেণ্টাইনত থাকিব লাগিব৷
    • পাঞ্জাৱঃ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সদস্য/আইনী উত্তৰাধিকাৰীক ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ বিত্ত বিভাগে নিৰ্দেশনা জাৰি কৰিছে৷
    • হাৰিয়ানাঃ শাক-পাচলি বিক্ৰেতা, স্বাস্থ্যকৰ্মী, আৰক্ষী, সংবাদ মাধ্যমৰ ব্যক্তি, ফাৰ্মাচিষ্ট, গুদামৰ কৰ্মী, ছেনিটেচন কৰ্মী আদি সকলৰ মাজত যাদৃচ্ছিকভাৱে ক’ভিড-১৯ৰ নমুনা পৰীক্ষণ কৰিবলৈ চৰকাৰে বিশেষ অভিযান মুকলি কৰিছে৷
    • কেৰালাঃ মঙলবাৰৰ পৰা সপ্তাহত কেৰালাৰ পৰা নতুন দিল্লীলৈ ৰে’লৱেয়ে ছয়খন ৰাজধানী ৰে’ল চলাচল কৰাইছে৷
    • তামিলনাডুঃ সকলো প্ৰব্ৰজিত শ্ৰমিকক এসপ্তাহৰ ভিতৰতে ঘৰলৈ প্ৰেৰণ কৰা হ’ব, মুখ্যমন্ত্ৰীয়ে এইদৰে কয়৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৭২০৪ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৫১৯৫ জন, মৃত্যু ৪৭জনৰ, মুকলি কৰি দিয়া হৈছে ১৯৫৯ জনক৷
    • কৰ্ণাটকঃ আজি ১০জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা হ’ল ৮৫৮ জন, মৃত্যু হৈছে ৩১ জনৰ আৰু আৰোগ্য লাভ কৰিছে ৪২২ জনে৷
    • অন্ধ্ৰ প্ৰদেশঃ এই পৰ্যন্ত মুঠ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ২০১৮ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৯৭৫ জন, আৰোগ্য হৈছে ৯৯৮ জন আৰু মৃত্যু হৈছে ৪৫ জনৰ৷
    • তেলেংগানাঃ কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল ১১৯৬ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোক সংখ্যা হ’ল ৪১৫ জন, মুকলি কৰি দিয়া হৈছে ৭৫১ জনক, মৃত্যু হৈছে ৩০ জনৰ৷
    • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনৰ ক’ভিড-১৯ৰ পৰীক্ষণ সামৰ্থৰ বিষয়ে আইএমএইণ্ডিয়া সংস্থাৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা৷
    • অসমঃ স্বাস্থ্য মন্ত্ৰীয়ে আজি  কাজিৰঙা বিশ্ববিদ্যাল, যোৰহাট পৰিদৰ্শন কৰি কোৱাৰেণ্টাইন সুবিধাৰ খতিয়ান লয় যি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ লেখীয়াকৈ স্থাপন কৰা হৈছে৷
    • মণিপুৰঃ ৰে’লেৰে উভতি অহা লোকসকলৰ বাবে গৃহ বিভাগে এছঅ’পি প্ৰস্তুত কৰিছে৷ কেৱল চিকিৎসাগতভাৱে সুস্থ লোকক হে ভ্ৰমণ কৰিবলৈ দিয়া হৈছে৷
    • মিজোৰামঃ জনসাধাৰণৰ নিয়মানুৱৰ্তিতাৰ বাবে ক’ভিড-১৯ৰ পৰা ৰাজ্যখন মুক্ত হোৱা বুলি শলাগিলে মুখ্যমন্ত্ৰীয়ে৷
    • নাগালেণ্ডঃ মন জিলাত উদ্যান-শস্য বিভাগৰ সহযোগিতাত ডিআৰডিএয়ে কৃষি কাৰ্যকলাপৰ পদক্ষেপ গ্ৰহণ কৰিব৷
    • ছিক্কিমঃ ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা লোকৰ বাবে ৩০০ টকাৰ জৰিমণাৰ ঘোষণা কৰিছে চৰকাৰে৷
    • ত্ৰিপুৰাঃ মুম্বাইৰ পৰা আগৰতলালৈ শ্ৰমিক বিশেষ ৰে’লৰ জৰিয়তৈ আৱদ্ধ হৈ থকা শ্ৰমিকসকলক ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে৷
    • মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২২,১৭১লৈ বৃদ্ধি পাইছে৷
    • গুজৰাটঃ ৩৯৮জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ জৰিয়তে গুজৰাটত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৮,১৯৫লৈ বৃদ্ধি পাইছে৷ মৃত্যু হৈছে ৪৯৩ জনৰ৷
    • ৰাজস্থানঃ ৰাজস্থানত এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৩৯৪০ৰ সংখ্যা স্পৰ্শ কৰিছে৷ ইয়াৰে ২২৬৪জন লোক আৰোগ্য হৈছে আৰু ১১০ জন লোকৰ মৃত্যু হৈছে৷
    • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩৬৫০ জন৷ ১৭২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷
    • গোৱাঃ উত্তৰ গোৱা জিলা প্ৰশাসনে ৰাজ্যখনলৈ ঘূৰি আহিবলৈ বিচৰা লোকসকলৰ ক’ভিড-১৯ৰ ফলাফল নিগেটিভ হ’লেও বাধ্যতামূলক কোৱাৰেণ্টাইনৰ বাবে নিৰ্দেশ দিছে৷

ফেক্ট চেক

 

 



(Release ID: 1623099) Visitor Counter : 173