PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 09 MAY 2020 6:26PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিড-১৯ৰ ব্যৱস্থাপনা তথা প্ৰস্তুতিৰ খতিয়ান লে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিমৰ ভিড-১৯ৰ ব্যৱস্থাপনা তথা প্ৰস্তুতিৰ খতিয়ান বলৈ এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়৷ বৈঠকখনত অংশগ্ৰহণ কৰে ৰাজ্যিক স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী ডাঃ আৰ লালথাংলিয়ানা, অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী আললিবাং, অসমৰ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী পীয়ুষ হাজৰিকা আৰু আঠোখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়ববীয়াসকলে৷ বৈঠকৰ আৰম্ভণিতে ডাঃ হৰ্ষ ৱৰ্ধনে ভিড-১৯ৰ সৈতে মোকাবিলা কৰা ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উৎসৰ্গিত মনোভাৱক প্ৰশংসা কৰি কয় যে অঞ্চলটোৰ অধিকাংশ এলেকাই গ্ৰীণ নত আছে৷ অসম আৰু ত্ৰিপুৰাক বাদ দি বাকী আটাইকেইখন ৰাজ্যই গ্ৰীণ নত আছে৷ তেওঁ প্ৰতিনিধিসকলক অৰেঞ্জ নসমূহ গ্ৰীণ নলৈ পৰিৱৰ্তন তথা ৰাজ্যসমূহত সুৰক্ষাত্মক স্থিতি বাহাল ৰখাৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান জনায়৷ ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে মে২০২০ তাৰিখ পৰ্যন্ত দেশত ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৫৯,৬৬২ জন আৰু ইয়াৰে ১৭,৮৪৭ জন লোকে আৰোগ্য লাভ কৰিছে, ১৯৮১ জনৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৩২০জন লোক নতুনকৈ ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১৩০৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ তেওঁ কয় যে মৃত্যুৰ হাৰ .% আৰু আৰোগ্যৰ হাৰ ২৯.% তেওঁ ইয়াকো কয় যে কালিলৈকে আইচিইউত থকা সক্ৰিয় ভিড-১৯ত আক্ৰান্ত ৰোগীৰ হাৰ .৪১%, ভেণ্টিলেটৰত থকা ৰোগীৰ হাৰ .৩৮% আৰু অক্সিজেন গ্ৰহণ কৰি থকা ৰোগীৰ হাৰ .৮৮% ডাঃ হৰ্ষ ৱৰ্ধনে ইয়াকো কয় যে দেশত ৩৩২টা চৰকাৰী গৱেষণাগাৰ আৰু ১২১ টা ব্যক্তিগত গৱেষণাগাৰত প্ৰতিদিনে ৯৫,০০০ টা পৰীক্ষণ সম্পন্ন হৈছে৷ এই পৰ্যন্ত মুঠ ১৫,২৫,৬৩১টা পৰীক্ষণ সম্পন্ন হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ভিড-১৯ প্ৰতিৰোধ-প্ৰবন্ধনৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰ্যালোচনা কৰিলে ড০ হৰ্ষ ৱৰ্দ্ধনে

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি ভিডিঅকনফাৰেন্সিং ব্যৱস্থাৰে ভিড-১৯ৰ প্ৰতিৰোধ-প্ৰবন্ধনৰ বাবে তামিলনাডু, তেলেংগাণা আৰু কৰ্ণাটকে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰ্যোলোচনা কৰে। আজি তেওঁ ৰাজ্যকেইখনৰ স্বাস্থ্যমন্ত্ৰী ত্ৰয় যথাক্ৰমে ড০ চি বিজয়াভাস্কৰ, শ্ৰী এটেলা ৰাজেন্দ্ৰ আৰু ড০ কে সুধাকৰৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। আজিৰ আলোচনাত ৰাজ্যকেইখনৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াবৰ্গয়ো ভাগ লয়। উল্লে্খ্য যে, বিগত দিনদিয়েকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উত্তৰপ্ৰদেশ, বিহাৰ, দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, পশ্চিমবংগ, ওড়িশা, আদি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতেও এই সংক্ৰান্তীয় আলোচনা অনুষ্ঠিত কৰিছিল৷

অধিক বিৱৰণৰ বাবে

সদৌ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ সৈতে শ্ৰী অমিত শ্বাহৰ পুনৰীক্ষণ বৈঠক

ক’ভিড-১৯ৰ ব্যৱস্থাপনাত চিএপিএফৰ ভূমিকাক প্ৰশংসা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে৷ শ্ৰী শ্বাহে কয় যে মোদী চৰকাৰে কেৱল ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱক লৈয়েই চিন্তিত নহয়, বৰঞ্চ সকলো চিএপিএফৰ সুৰক্ষা, নিৰাপত্তা তথা কল্যাণকলৈও উদ্বিগ্ন৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জিউছেপ্পি কণ্টেৰ মাজত ফোনযোগে বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জিউছেপ্পি কণ্টে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভিড-১৯ মহামাৰীৰ বাবে ইটালীত প্রানহানি হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে এই সংকটকালত ইটালীৰ জনসাধাৰণে যি সাহসিকতাৰ পৰিচয় দিছে তাৰ প্ৰশংসা কৰে৷ এই মহামাৰীৰ ফলত দুয়োখন দেশৰ লগতে সমগ্ৰ বিশ্বজুৰি স্বাস্থ্য আৰু আর্থিক ক্ষেত্রত দেখা দিয়া সংকট মোকাবিলা কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপেৰ বিষয়ে দুয়োগৰাকী নেতাই আলোচনা কৰে৷ দুয়োগৰাকী নেতাই এজনে আনজনৰ প্ৰতি সহমর্মিতা প্ৰকাশ কৰে৷ ভাৰতত আৱদ্ধ ইটালীৰ নাগৰিক আৰু ইটালীত আৱদ্ধ ভাৰতীয় নাগৰিকসকলৰ প্ৰতি আগবঢ়োৱাৰ সহায়ৰ বাবেও পৰস্পৰে প্ৰশংসা কৰে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে দেশজোৰা লকডাউনৰ বাবে উদ্যোগ আৰু শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যা সমাধানত সহায় কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে

ভিড-১৯ মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ লগতে কৰ্মচাৰী আৰু অৰ্থনীতিত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ কৌশল আৰু নীতিসমূহৰ   সন্দৰ্ভত সামাজিক প্ৰতিষ্ঠানসমূহৰ সৈতে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে আলোচনা অনুষ্ঠিত কৰি আহিছে৷ মন্ত্ৰালয়ে মে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উপলক্ষে কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু কৰ্মচাৰী সংস্থাসমূহৰ সৈতে আৰু মে চিটুৰ সৈতে ৱেবিনাৰৰ জৰিয়তে বৈঠকত মিলিত হয়৷ ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) সন্তোষ গংৱাৰে আজি নতুন দিল্লীৰ পৰা ৱেবিনাৰযোগে নিয়োগ সংস্থাসমূহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে৷ বৈঠকত ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত শ্ৰমিক আৰু প্ৰব্ৰজিত শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত ৰখা, নিয়োগ বৃদ্ধিৰ উপায়, অৰ্থনৈতিক কাম-কাজ পুনৰ আৰম্ভ কৰা, শ্ৰম আইনৰ অধীনত এমএছএমইৰ পাবলগীয়া ধন আদায় কৰি পৰিস্থিতি উন্নত কৰাৰ উপায় ইত্যাদি বিষয়বোৰৰ সন্দৰ্ভত আলোচনা কৰে৷ এই ৱেবিনাৰত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ একাংশ জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

১ অক্টোবৰ ২০২০ তাৰিখলৈ পিছুৱাই দিয়া হৈছে পঞ্জীয়ন, অনুমোদন ইত্যাদিৰ নতুন প্ৰক্ৰিয়া

মানৱতাৰ দিশৰ পৰা তথা অৰ্থনৈতিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি চিবিডিটিয়ে ১ অক্টোবৰ ২০২০ তাৰিখলৈ কিছুমান নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ অনুমোদন/পঞ্জীয়ন/জাননীৰ প্ৰণয়ন পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

আয়কৰ আইন, ১৯৬১ৰ অধীনত ‘ভাৰতত বসবাস’ সন্দৰ্ভত স্পষ্টীকৰণ

আয়কৰ আইন ১৯৬১ৰ ধাৰা ৬ৰ অধীনত এজন ব্যক্তিৰ বসবাস সম্পৰ্কীয় ব্যৱস্থাপনাসমূহ অন্তৰ্ভুক্ত থাকে৷ যিকোনো ব্যক্তি এজনে ভাৰতত থকা বা নথকাটো অন্য কথাসমূহৰ উপৰিও ইয়াৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁ সমগ্ৰ বৰ্ষটোৰ কিমান সময়ত ভাৰতত আছে৷ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এই ধাৰাত উদ্ভৱ হোৱা বৰ্তমান সমস্যা সৰলীকৰণ কৰিবলৈ চিবিডিটিয়ে স্পষ্টীকৰণ প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

সমাজৰ সকলো শ্ৰেণীৰ সৈতে সংখ্যালঘূ সম্প্ৰদায়েও ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সমানে বৰঙণি আগবঢ়াইছেঃ শ্ৰী মুখতাৰ আব্বাছ নাকভি

সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে আজি কয় যে মন্ত্ৰালয়টোৰ বিভিন্ন দক্ষতা উন্নয়ন কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষত ১৫০০ত কৈও অধিক স্বাস্থ্য শুশ্ৰূষা সহায়কে ক’ৰোনা ৰোগীৰ শুশ্ৰূষাত নামি পৰিছে৷ তেওঁ কয় যে দেশৰ বিভিন্ন ৱাকফ ব’ৰ্ডে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫১ কোটি টকা বৰঙণি হিচাপে আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

দেশজুৰি অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী যোগান সুনিশ্চিত কৰাৰ বাবে বৰ্তমানলৈকে ৪৯০খন লাইফলাইন উড়ান বিমানেৰে পৰিবহণ কৰা হৈছে

লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৪৯০খন বিমানেৰে পৰিবহণ কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৮৯খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ মে .৩২টনসহ বৰ্তমানলৈকে বিমানযোগে ৮৪৮.৪২টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ মে এলায়েন্স এয়াৰে খন আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে ৮খন বিমান চলাচল কৰিছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ,৭৩,৬০৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়েলাইফলাইন উড়ান অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা অবৰ্ণনীয় প্ৰত্যাহ্বানৰ পিছতো আৰচিএফে এনপিকে সাৰ সুফলাৰ বিক্ৰী ৩৫%লৈ বৃদ্ধি কৰিছে

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ ৰাজ্যত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ পৰীক্ষণ বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে৷
  • মণিপুৰঃ কলকাতাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত মণিপুৰৰ ২২ গৰাকী নাৰ্চ ৰাজ্যত উপস্থিত হোৱাৰ পিছত তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে৷
  • মেঘালয়ঃ শ্বিলঙত আন এজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিড-১৯ৰ বীজাণু৷ এওঁ পূৰ্বে আগৰ ৰোগীজনে কাম কৰা একেটা ঘৰত কাম কৰিছিল৷ ব্যক্তিজন বৰ্তমানে সুস্থ হৈ আছে আৰু কোনো ধৰণৰ লক্ষণ প্ৰদৰ্শিত কৰা নাই, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে এইদৰে টুইট কৰে৷
  • মিজোৰামঃ ৰাজ্যখনক ক’ভিড-১৯ মুক্ত কৰি ৰখাৰ বাবে স্বাস্থ্য মন্ত্ৰীক প্ৰশংসা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে৷
  • নাগালেণ্ডঃ ৰাজ্যৰ বাহিৰৰ নন-ক’ভিড ৰোগীক বাহিৰৰ চিকিৎসালয়ৰ পৰা স্বীকৃতিপত্ৰ দিলেহে ৰোগীজনৰ প্ৰৱেশ কৰিবলৈ দিয়া হ’ব বুলি চৰকাৰে জানিবলৈ দিছে৷ নাগালেণ্ডৰ পৰিকল্পনা মন্ত্ৰীয়ে কয় যে ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা ৩৩জন লোকে ই-পাছৰ বাবে আবেদন জনাইছে আৰু ৭,০১৫ জন লোকে চৰকাৰক তেওঁলোকক উভটাই নিবলৈ আহ্বান জনাইছে৷
  • ছিক্কিমঃ ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ৰাজ্যপালৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীয়ে৷
  • ত্ৰিপুৰাঃ ১১খন ভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা ১৭,০০০ ত্ৰিপুৰাৰৰ লোকে অনলাইন প’ৰ্টেলৰ জৰিয়তে ৰাজ্যখনলৈ উভটি আহিবলৈ আবেদন জনাইছে৷ আনহাতে ৩৩০০০ প্ৰব্ৰজিত শ্ৰমিকক নিজৰ নিজৰ ৰাজ্যলৈ উভটাই পঠিওৱা হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৯,০৬৩ জনলৈ বৃদ্ধি পাইছে৷ মুঠ ৭৩১ জনৰ মৃত্যু হৈছে৷
  • গুজৰাটঃ এইমছৰ সঞ্চালক ডাঃ ৰনদ্বীপ গুলেৰিয়াই আহমেদাবাদৰ চিভিল হাস্পতালৰ চিকিৎসকসকলক সাক্ষাৎ কৰি তেওঁলোকক ক’ভিড-১৯ৰ চিকিৎসাৰ প্ৰট’ক’ল সন্দৰ্ভত পৰামৰ্শ দিয়ে৷ ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৭৪০৩ জন৷মৃত্যু হৈছে ৪৪৯ জনৰ৷
  • ৰাজস্থানঃ ৫৭ জন লোক নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজস্থানত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩৬৩৬ জন৷ ইয়াৰে ১৯১৬ জন লোক আৰোগ্য হৈছে আৰু ১০১ জনৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৩৩৪১ জন৷ আৰোগ্য হৈছে ১৩৪৯ জন আৰু মৃত্যু হৈছে ২০০ জনৰ৷
  • চট্টিশগড়ঃ ৰাজ্যখনৰ অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ মুখ্যমন্ত্ৰী শ্ৰী ভূপেশ ভাগেলে প্ৰধানমন্ত্ৰীক ৩০,০০০ কোটি টকাৰ আৰ্থিক সাহায্য বিচাৰিছে৷
  • কেৰালাঃ কেৰালা চৰকাৰে ৰে’ড জ’নৰ বাহিৰে অন্য ৰাজ্যৰ পৰা ঘূৰি অহা লোকক পাছ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ কালি কেৱল এজন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন দাখিল হোৱাৰ বিপৰীতে ১০ জন লোকে আৰোগ্য লাভ কৰিছে৷ কেৱল ১৬ জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • তামিলনাডুঃ কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা সংখ্যা হ’ল ৬০০৯ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৪৩৬১ জন, মৃত্যু হৈছে ৪০ জনৰ, মুকলি কৰি দিয়া হৈছে ১৬০৫ জনক৷
  • কৰ্ণাটকঃ এই পৰ্যন্ত সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৭৮৯ জন৷ ৩০ জন লোকৰ মৃত্যু হৈছে আৰু ৩৭৯ লোকে আৰোগ্য লাভ কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ বিগত ২৪ ঘণ্টাই ৪৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰ পোৱা হৈছে আৰু ৪৫ জনক মুকলি কৰি দিয়া হৈছে৷ মুঠ সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৯৯৯ জন, আৰোগ্য হৈছে ৮৮৭ জন, মৃত্যু ৪৪৷
  • তেলেংগানাঃ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা ব্যক্তিৰ ওপৰত প্ৰযোজ্য কৰা হৈছে ১০০০ টকাৰ জৰিমণা৷ এই পৰ্যন্ত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১১৩২ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৩৭৬ জন, মৃত্যু ২৯ আৰু আৰোগ্য হৈছে ৭২৭ জন৷
  • চণ্ডীগড়ঃ চণ্ডীগড় নিবাসী প্ৰায় ৫০০০ লোক যি অধিকাংশই প্ৰবাসী ভাৰতীয়, তেওঁলোক বিমানেৰে চণ্ডীগড়লৈ আহি পোৱাৰ কথা৷
  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে ক’ভিড-১৯ৰ মহামাৰীৰ সময়ত খাদ্য তথা অন্যান্য আৱশ্যকীয় সামগ্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পৰামৰ্শৱলী জাৰি কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানা চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি যিসকল প্ৰব্ৰজিত শ্ৰমিক নিজৰ ৰাজ্যলৈ উভটিবলৈ বিচাৰিছে তেওঁলোকক অহা ৭ দিনৰ ভিতৰত ৫০০০খন বাছ আৰু ১০০খন ৰে’লেৰে বিনামূলীয়াকৈ গৃহলৈ প্ৰেৰণ কৰা হ’ব৷ 

ফেক্ট চেক

 



(Release ID: 1622542) Visitor Counter : 219