অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দেশজুৰি অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী যোগান সুনিশ্চিত কৰাৰ বাবে বৰ্তমানলৈকে ৪৯০খন লাইফলাইন উড়ান বিমানেৰে পৰিবহণ কৰা হৈছে

Posted On: 09 MAY 2020 3:06PM by PIB Guwahati

লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৪৯০খন বিমানেৰে পৰিবহণ কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৮৯খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ ৮ মে’ত ৬.৩২টনসহ বৰ্তমানলৈকে বিমানযোগে ৮৪৮.৪২টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ৮ মে’ত এলায়েন্স এয়াৰে ২ খন আৰু ভাৰতীয় বায়ু সেনা বাহিনীয়ে ৮খন বিমান চলাচল কৰিছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ৪,৭৩,৬০৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ৰ অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷

পৱস হংস লিমিটেডে জম্মু আৰু কাশ্মীৰ, লাডাখ, দ্বীপপুঞ্জৰ লগতে উত্তৰ-পূ্ৰ্বাঞ্চলত হেলিকপ্তাৰ সেৱাৰে গুৰুত্বপূৰ্ণ চিকিসা সামগ্ৰীৰ লগতে ৰোগী অনা-নিয়া কৰি আহিছে৷ ৮ মে’লৈকে পৱন হংস হেলিকপ্তাৰে ৮,০০১ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি ২.৩২ টন সামগ্ৰী পৰিবহণ কৰিছে৷

ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট আৰু ইণ্ডিগ’ই বাণিজ্যিক ভিত্তিত কাৰ্গ’ বিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ৮ মে’লৈকে স্পাইচজেটে ৯১৯৬খন কাৰ্গ’ বিমান চলাচল কৰি ইতিমধ্যে ১৫,৪৬,৮০৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৬,৫৮৭ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ৩৩৭ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ বিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে ২৫ মাৰ্চৰ পৰা ৮মে’লৈ দেশৰ ভিতৰতে ৩১১খন বিমান চলাচল কৰি ৩,৫৫,৫১৫ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ৫,২৩১ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ’ই ৩ এপ্ৰিলৰ পৰা ৮ মে’লৈ ৪৬বাৰ বিদেশলৈ যোৱাকে ধৰি মুঠ ১২১খন কাৰ্গ’ বিমান চলাচল কৰি ১,৯৬,২৬৩ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৫৮৫টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷ ভিষ্টাৰাই ১৯ এপ্ৰিলৰ পৰা ৮মে’লৈকে ২৩খন কাৰ্গ বিমান চলাচল কৰি ৩২,৩২১ কিলোমিটাৰ অতিক্ৰমেৰে ১৫০টন সামগ্ৰী সৰবৰাহ কৰিছে৷

পূব এছিয়ালৈ ঔষধ-পাতি, চিকিসা সামগ্ৰী আৰু ক’ভিড-১৯ সাহায্য সামগ্ৰী পৰিবহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্গ’ এয়াৰ-ব্ৰিজ স্থাপন কৰা হৈছে৷ ৮ মে’লৈকে এয়াৰ ইণ্ডিয়াই ১০৭৫টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷ তদুপৰি, ব্লু ডাৰ্টে ১৪ৰ এপ্ৰিলৰ পৰা ৮ মে’লৈকে গুৱাংঝু আৰু ছাংহাইৰ পৰা ১৩১টন আৰু হংকঙৰ পৰা ২৪টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷ ইফালে, স্পাইচজেটে ৮ মে’লৈকে ছাংহাই আৰু গুৱাংঝুৰ পৰা ২০৫টন আৰু হংকং আৰু ছিংগাপুৰৰ পৰা ২১টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

****

RJ/NG/DB



(Release ID: 1622492) Visitor Counter : 156