স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনা তথা প্ৰস্তুতিৰ খতিয়ান ল’লে ডাঃ হৰ্ষ ৱৰ্ধনে

‘‘অৰেঞ্জ জ’নক গ্ৰীণ জ’নলৈ পৰিৱৰ্তন তথা ৰাজ্যসমূহৰ সুৰক্ষাত্মক স্থিতি বাহাল ৰাখিবলৈ ঐক্যৱদ্ধভাৱে প্ৰয়াস কৰো আঁহক’’: ডাঃ হৰ্ষ ৱৰ্ধন

Posted On: 09 MAY 2020 4:35PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিক্কিমৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনা তথা প্ৰস্তুতিৰ খতিয়ান ল’বলৈ এক উচ্চস্তৰীয় বৈঠকত মিলিত হয়৷ বৈঠকখনত অংশগ্ৰহণ কৰে ৰাজ্যিক স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবে, মিজোৰামৰ স্বাস্থ্য মন্ত্ৰী ডাঃ আৰ লালথাংলিয়ানা, অৰুণাচল প্ৰদেশৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী আল’ লিবাং, অসমৰ ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী পীয়ুষ হাজৰিকা আৰু আঠোখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়ববীয়াসকলে৷

বৈঠকৰ আৰম্ভণিতে ডাঃ হৰ্ষ ৱৰ্ধনে ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰা ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উৎসৰ্গিত মনোভাৱক প্ৰশংসা কৰি কয় যে অঞ্চলটোৰ অধিকাংশ এলেকাই গ্ৰীণ জ’নত আছে৷ অসম আৰু ত্ৰিপুৰাক বাদ দি বাকী আটাইকেইখন ৰাজ্যই গ্ৰীণ জ’নত আছে৷ তেওঁ প্ৰতিনিধিসকলক অৰেঞ্জ জ’নসমূহ গ্ৰীণ জ’নলৈ পৰিৱৰ্তন তথা ৰাজ্যসমূহত সুৰক্ষাত্মক স্থিতি বাহাল ৰখাৰ বাবে প্ৰয়াস কৰিবলৈ আহ্বান জনায়৷ ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে ৯ মে’ ২০২০ তাৰিখ পৰ্যন্ত দেশত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৫৯,৬৬২ জন আৰু ইয়াৰে ১৭,৮৪৭ জন লোকে আৰোগ্য লাভ কৰিছে, ১৯৮১ জনৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৩২০জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১৩০৭ জন লোকে আৰোগ্য লাভ কৰিছে৷ তেওঁ কয় যে মৃত্যুৰ হাৰ হ’ল ৩.৩% আৰু আৰোগ্যৰ হাৰ হ’ল ২৯.৯%৷ তেওঁ ইয়াকো কয় যে কালিলৈকে আইচিইউত থকা সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ হাৰ হ’ল ২.৪১%, ভেণ্টিলেটৰত থকা ৰোগীৰ হাৰ হ’ল ০.৩৮% আৰু অক্সিজেন গ্ৰহণ কৰি থকা ৰোগীৰ হাৰ হ’ল ১.৮৮%৷ ডাঃ হৰ্ষ ৱৰ্ধনে ইয়াকো কয় যে দেশত ৩৩২টা চৰকাৰী গৱেষণাগাৰ আৰু ১২১ টা ব্যক্তিগত গৱেষণাগাৰত প্ৰতিদিনে ৯৫,০০০ টা পৰীক্ষণ সম্পন্ন হৈছে৷ এই পৰ্যন্ত মুঠ ১৫,২৫,৬৩১টা পৰীক্ষণ সম্পন্ন হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে হোৱা বৈঠকত প্ৰতিনিধিসকলে পৰীক্ষণ সুবিধা, স্বাস্থ্য আন্তঃগাঁথনি, নিৰীক্ষণ, যোগাযোগ অনুসৰণ ইত্যাদি সম্বন্ধীয় সমস্যাসমূহ আলোকপাত কৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ ব্যৱস্থাপনা গ্ৰহণ কৰা বুলি ডাঃ হৰ্ষ ৱৰ্ধনে জানিবলৈ দিয়ে৷

অঞ্চলটোৰ ইতিবাচক স্থিতি বাহাল ৰাখিবলৈ ডাঃ হৰ্ষ ৱৰ্ধনে ৰাজ্যসমূহৰ প্ৰতিনিধিসকলক উভটি অহা প্ৰব্ৰজিত শ্ৰমিক, শিক্ষাৰ্থী, বিদেশফেৰৎ লোকসকলক উপযুক্তভাৱে পৰীক্ষণ কৰি নিৰ্দেশনা তথা প্ৰট’ক’ল অনুসৰি কোৱাৰেণ্টাইনত ৰখাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়৷

আন্তঃৰাষ্ট্ৰীয় সীমা বিনিময় কৰা ৰাজ্যকেইখনক উদ্দেশ্যি ডাঃ হৰ্ষ ৱৰ্ধনে সীমান্ত এলেকাত যথাযোগ্য ব্যৱস্থা  গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

বৈঠকত ডাঃ হৰ্ষ ৱৰ্ধনে নন-ক’ভিড-১৯ ৰোগীসকলকো সমানেই গুৰুত্ব প্ৰদান কৰিবলৈ ৰাজ্যসমূহক আহ্বান জনায়৷

আজিৰ বৈঠকখনত শ্ৰীমতী প্ৰীতি সুডান, সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়; শ্ৰী ৰাজেশ ভূষণ, অ’এছডি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়; শ্ৰীমতী বন্দনা গুৰনানী, এএছ এণ্ড এমডি, এনএইচএম; ডাঃ মনোহৰ অগনানি, যুটীয়া সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়; ডাঃ এছ কে সিং, সঞ্চালক, এনচিডিচি আৰু স্বাস্থ্য বিভাগৰ মুখ্য সচিব তথা অন্যান্য জ্যেষ্ঠ বিষয়াইও অংশগ্ৰহণ কৰে৷     

*****

MV/SG/MANN



(Release ID: 1622511) Visitor Counter : 213