PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 MAY 2020 6:44PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

এই পৰ্যন্ত ১৪,১৮৩ জন ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ১৪৫৭ জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে আৰোগ্যৰ হাৰ হৈছে ২৮.৭২%৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত নিশ্চিত ৰোগীৰ সংখ্যা হ’ল ৪৯,৩৯১ জন৷ কালিৰে পৰা ভাৰতত ২৯৫৮ জন নিশ্চিত ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা প্ৰতিবেদিত হৈছে৷

অধিক বিৱৰণৰ বাবে

গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ খতিয়ান ল’লে ডাঃ হৰ্ষ ৱৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি গুজৰাট আৰু মহাৰাষ্ট্ৰত ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতি আৰু ইয়াৰ ব্যৱস্থাপনাসমূহৰ খতিয়ান লয়৷

অধিক বিৱৰণৰ বাবে

প্ৰতিষেধক নিৰ্মাণ, ঔষধৰ আৱিষ্কাৰ, চিকিৎসা আৰু পৰীক্ষণত ভাৰতৰ প্ৰয়াসৰ খতিয়ান লয় প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে ৰোনা ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণৰ টাস্ক ৰ্চৰ এক বৈঠকত অংশগ্ৰহণ কৰে৷ সেই বৈঠকত তেওঁ প্ৰতিষেধকৰ বিকাশ, ঔষধৰ আৱিষ্কাৰৰ লগতে ইয়াৰ চিকিৎসা তথা ভিড-১৯ মহামাৰীক ৰোধ কৰিবলৈ তিনিস্তৰীয় পৰীক্ষণ ব্যৱস্থাৰো খতিয়ান লয়৷ ৩০ৰো অধিক ভাৰতীয় প্ৰতিষেধকৰ ফৰ্মুলেচন বিকাশৰ বিভিন্ন পৰ্যায়ত আছে, ইয়াৰে কেইটামান ট্ৰায়েল পৰ্যায়ত আছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজঃ এই পৰ্যন্ত হোৱা উত্তৰণসমূহ

ডিজিটেল লেনদেন আন্তঃগাঁথনি ব্যৱহাৰ কৰি প্ৰায় ৩৯ কোটি দৰিদ্ৰ লোকক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত ৫ মে’ ২০২০ তাৰিখ পৰ্যন্ত ৩৪,৮০০ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক আৰু ভাৰতত আৱদ্ধ হৈ থকা নাগৰিক যিয়ে বিদেশলৈ জৰুৰীকালীনভিত্তিত যাবলৈ বিচাৰিছে, তেওঁলোকৰ চলাচলৰ বাবে গৃহ মন্ত্ৰালয়ে এছঅপি মুকলি কৰিছে

বহু ভাৰতীয় নাগৰিকে লকডাউনৰ পূৰ্বে বিদেশলৈ নিয়োজন, অধ্যয়ন/ইণ্টাৰ্ণশ্বিপ, পৰ্যটন, ব্যৱসায় ইত্যাদি কাৰণত গৈ বৰ্তমানে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে৷ দীৰ্ঘকাল প্ৰবাসত থকাৰ ফলত তেওঁলোকে মানসিক অৱসাদত ভুগিছে আৰু ভাৰতলৈ অতি শীঘ্ৰে ঘূৰি আহিবলৈ বিচাৰিছে৷ তাৰোপৰি বহু এনে ভাৰতীয় নাগৰিক আছে যিয়ে জৰুৰীকালীন চিকিৎসা অথবা পৰিয়ালৰ লোকৰ মৃত্যুৰ ফলত ভাৰতলৈ ঘূৰি অহাটো আৱশ্যক হৈ পৰিছে৷ আনহাতে ভাৰতত আৱদ্ধ হৈ থকা বহুলোকে অন্যান্য উদ্দেশ্যত জৰুৰীকালীন অৱস্থাত বিদেশলৈ যোৱাটোও আৱশ্যক হৈ পৰিছে৷ উক্ত সমস্যাসমূহ চালি-জাৰি চাই মন্ত্ৰালয়ে আজি দেশৰ বাহিৰত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক আৰু বিদেশলৈ যাব বিচৰা লোকসকলৰ বাবে এক মানসম্পন্ন কাৰ্যকৰী প্ৰ’ট’কল (এছঅ’পি) মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় নৌসেনা বাহিনীয়ে মুকলি কৰি ‘সমুদ্ৰ সেতু’ কাৰ্যসূচী

বিদেশত আৱদ্ধ হৈ থকা লোকসকলৰ যিয়ে স্বদেশলৈ ঘূৰি আহিব বিচাৰে তেওঁলোকৰ সাহায্যাৰ্থে ভাৰতীয় নৌসেনা বাহিনীয়ে ‘সমুদ্ৰ সেতু’ শীৰ্ষক এক কাৰ্যসূচী মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে ভাৰতত আৱদ্ধ হৈ থকা বিদেশৰ নাগৰিকলৈ প্ৰদান কৰা হৈছে কিছুমান বাণিজ্য দূতাবাস সংক্ৰান্তীয় সুবিধা

০১.০২.২০২০ (মাজনিশা)তাৰিখৰ পৰা ভাৰত চৰকাৰে আন্তৰ্জাতিক বিমান পৰিবহণৰ নিষেধাজ্ঞা আঁতৰ নকৰা পৰ্যন্ত যিসকল বিদেশী নাগৰিকৰ নিয়মীয়া ভিছা, ই-ভিছা অথবা চৰ্তজড়িত অৱস্থানৰ ম্যাদ উকলিছে বা উকলিব, তেওঁলোকৰ বাবে ‘বিনামূলীয়া’ ভিত্তিত ভিছাৰ ম্যাদ অনলাইন আবেদন জমা কৰাৰ দ্বাৰা বৃদ্ধি কৰোৱা হ’ব৷

অধিক বিৱৰণৰ বাবে 

কিছুমান বিশেষ শ্ৰেণীৰ বাবে বিদেশীসকলক প্ৰদান কৰা সকলো ভিছা ভাৰতৰ পৰা/লৈ আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ প্ৰতিবন্ধকসমূহ আঁতৰ নকৰা পৰ্যন্ত নিলম্বিত হৈ থাকিব

কূটনৈতিক, চৰকাৰী, ৰাষ্ট্ৰসংঘ/আন্তৰ্জাতিক সংস্থা, নিয়োজন আৰু প্ৰকল্প শাখাৰ কিছুমান বিশেষ ভিছাৰ বাহিৰে আন সকলোবোৰ ভিছা ভাৰত চৰকাৰে আন্তৰ্জাতিক বিমান পৰিবহণৰ নিষেধাজ্ঞাসমূহ আঁতৰ নকৰা পৰ্যন্ত নিলম্বিত হৈ থাকিব৷

অধিক বিৱৰণৰ বাবে

চিআই কাৰ্ডধাৰীসকলৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ একাধিকবাৰ প্ৰৱেশৰ জীৱনজোৰা ভিছাৰ সুবিধাৰ অধিকাৰ প্ৰদান, ভাৰতত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহনৰ পৰা নিষেধাজ্ঞা উঠাই নোলোৱা পৰ্যন্ত এই অধিকাৰ থাকিব

ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই নোলোৱা পৰ্যন্ত ভাৰচীজ চিটিজেন অৱ ইণ্ডিয়া চমুকৈ OCI কাৰ্ডধাৰী হিচাপে নাম পঞ্জীয়ণ কৰি যিকোনো উদ্দেশ্যত ভাৰতলৈ অহাৰ বাবে একাধিকবাৰ প্ৰৱেশৰ জীৱনজোৰা ভিছাৰ সুবিধা গ্ৰহণ কৰা লোকসকলৈ ভাৰতত থাকিব পাৰিব বুলি সবিশেষ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰিছে। চিআই অধিগ্ৰহণ কৰি থকা কোনো বিদেশী ৰাষ্ট্ৰৰ লোকে এইসময়ছোৱাত যদিহে কোনো গুৰুত্বপূৰ্ণ কাৰণত ভাৰত ভ্ৰমণ কৰিবলৈ বিচাৰে, তেন্তে তেওঁলোকে নিকটৱৰ্তীইণ্ডিয়ান মিশ্যন সৈতে যোগাযোগ কৰিব লাগিব। ইফালে, চিআই কাৰ্ড থকা কোনো লোক যদিহে ইতিমধ্যেই ভাৰততে আছে, তেন্তে ভাৰতত থাকিবৰ বাবে তেওঁলোকৰ সেই কাৰ্ডৰ ম্যাদ যিকোনো সময়লৈ বৈধ হৈ থাকিব৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত অতিৰিক্ত প্ৰতিশ্ৰুতি পূৰণৰ পিছতো এফচিআইৰ ভাণ্ডাৰত আছে পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰীঃ শ্ৰী ৰামবিলাস পাছোৱান

মন্ত্ৰীগৰাকীয়ে কয় যে ০৪.০৫.২০২০ তাৰিখ পৰ্যন্ত এফচিআইৰ হাতত আছে ২৭৬.৬১ লাখ মেট্ৰিকটন চাউল আৰু ৩৫৩.৪৯ লাখ মেট্ৰিকটন আটা৷ লকডাউনৰ সময়ৰ পৰা ২৪৮৩ ৰে’ল ৰেকৰ জৰিয়তে প্ৰায় ৬৯.৫২ লাখ মেট্ৰিকটন খাদ্য পৰিবহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

২০২০-২১ৰ ৰবি ঋতুত পূৰ্ণ গতিত ক্ৰয় কৰা হৈছে দাইল, তৈলবীজ আৰু আটা 

০২.০৫.২০২০ তাৰিখলৈ এমএছপি মূল্য ২,৬৮২ কোটি টকাত ২০২০-২১ৰ ৰবি ঋতুত ২,৬১,৫৬৫ মেট্ৰিকটন দাইল আৰু ৩,১৭,৪৭৩ মেট্ৰিকটন তৈলবীজ ক্ৰয় কৰা হৈছে আৰু ইয়াৰ জৰিয়তে উপকৃত হৈছে ৩,২৫,৫৬৫ জন কৃষক৷

অধিক বিৱৰণৰ বাবে

ফীচাৰ ফোনবালেণ্ডলাইনফোন থকাসকলক সুৰক্ষা প্ৰদান কৰিব পৰাকৈআৰোগ্য সেঁতু আইভিআৰএছসেৱা মুকলি

শেহতীয়া ভাবেফিচাৰ ফোনবালেণ্ডলাইনফোন থকাসকলকো এই সেৱাৰ দ্বাৰা সুৰক্ষা প্ৰদানৰ লক্ষ্যৰেআৰোগ্য সেঁতু আইভিআৰএছসেৱা মুকলি কৰা হৈছে। সমগ্ৰ দেশতে এই সেৱা উপলব্ধ কৰা হৈছে। মাচুল-বিহীন ভাবে উপলব্ধ লগা এই সেৱাৰ বাবে ব্যক্তিসকলে 1921নম্বৰলৈমিছ-কলদিলেই তেওঁলোকৰ প্ৰতি সঁহাৰি জনোৱা ব৷

অধিক বিৱৰণৰ বাবে

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টনিঅষ্টাৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টনিঅষ্টাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰী সংক্ৰান্তত দেশ দুখনে গ্ৰহণ কৰা নিয়ন্ত্ৰণমূলক পদক্ষেপ তথা অৰ্থনৈতিক স্থিতিৰ বিষয়ে আলোচনা কৰে৷ প্ৰধানমন্ত্ৰী ষ্টাই যিধৰণে এই সংকটৰ মোকাবিলা কৰিছে তাকে লৈ প্ৰধানমন্ত্ৰীয়ে তেওঁক প্ৰশংসা কৰে৷ দুয়োগৰাকী নেতাই এই ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধৰ ক্ষেত্ৰত সুৰক্ষাত্মক ৰাষ্ট্ৰীয় পদক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে৷ এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ দুয়োখন দেশে পৰস্পৰে পৰস্পৰক যথাসাধ্য সহযোগিতা আগবঢ়াব বুলি সহমত পোষণ কৰে৷

অধিক বিৱৰণৰ বাবে

গৰুড় প’ৰ্টেলৰ জৰিয়তে ক’ভিড-১৯ সম্বন্ধীয় ড্ৰোণ/আৰপিএএছ কাৰ্

অসামৰিক বিমান মন্ত্ৰালয় আৰু অসামৰিক বিমানৰ সাধাৰণ সঞ্চালকালয়ে ক্ষীপ্ৰতাৰে ক’ভিড-১৯ ৰ লগত জড়িত দ্ৰোণ/ৰিম’ট চালিত আকাশীযানৰ বাবে থকা চৰকাৰী সংস্থালৈ চৰ্তসাপেক্ষ ৰেহাই দিবৰ বাবে ‘সাহায্যৰ বাবে ব্যৱহৃত ড্ৰোণৰ চৰকাৰী অনুজ্ঞা প্ৰদান’ মঞ্চ (গৰুড় প’ৰ্টেল) মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

মন্থৰ অৰ্থনীতিৰ পৰা উদ্ধাৰ পাবলৈ বাছ আৰু গাড়ীৰ অপাৰেটৰসকলক পূৰ্ণ সমৰ্থনৰ নিশ্চিতি গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে সমগ্ৰ দেশৰ বাছ আৰু গাড়ীৰ অপাৰেটৰসকলক এইবুলি আশ্বাস প্ৰদান কৰে যে চৰকাৰ তেওঁলোকৰ সমস্যাৰ প্ৰতি সম্পূৰ্ণ অৱগত আৰু অতি শীঘ্ৰেই তেওঁলোকৰ সকলো সমস্যাৰ সমাধানৰ প্ৰয়াস কৰা ব৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ সৈতে তেওঁ এই সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে যিয়ে ভিড-১৯ৰ সময়ছোৱাত দেশৰ অৰ্থনীতি উদ্ধাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

সমগ্ৰ দেশতে লাইফলাইন উড়ানৰ অধীনত চিকিৎসা সামগ্ৰী যোগানৰ বাবে ৪৬৫খন বিমানৰ ব্যৱহাৰ হৈছে

লাইফলাইন উড়ানৰ অধীনত ৪৬৫খন বিমানে সমগ্ৰ দেশতে এই পৰ্যন্ত ৪.৫১,০৩৮ কিলোমিটাৰ আকাশী পথ পৰিভ্ৰমণ কৰি চিকিৎসা সামগ্ৰী যোগান ধৰি আছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত কৰ্মচাৰীসকলৰ পৰা ইপিএফৰ প্ৰক্ৰিয়াকৰণৰ সুগমতাৰ বাবে ই-স্বাক্ষৰ লাভৰ বাবে ইপিএফঅ’য়ে মুকলি কৰিলে ইমেইল ব্যৱস্থাপনা

অধিক বিৱৰণৰ বাবে

ভিচি অথবা অ’এভিএমৰ জৰিয়তে বাৰ্ষিক সাধাৰণ বৈঠক অনুষ্ঠিত কৰিবলৈ উদ্যোগসমূহক অনুমতি প্ৰদান

অধিক বিৱৰণৰ বাবে

দিল্লীত মেলেৰিয়া, ডেংগু, চিকুনগুনাৰ নিয়ন্ত্ৰণৰ বাবে এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে ডাঃ হৰ্ষ ৱৰ্ধনে

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত পাৰ্চেল ৰে’লত ৫৪,২৯২ টনৰ সামগ্ৰী পৰিবহণ কৰা হৈছে

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ দ্ৰুত আৰু উপযুক্ত চিকিৎসাৰ কিট সম্বন্ধীয় তথ্যৰ অনুজ্ঞাপত্ৰৰ বাবে চিএছআইআৰ আইজিআইবি আৰু টাটা ছনছে বুজাবুজিৰ পত্ৰত স্বাক্ষৰ কৰে

অধিক বিৱৰণৰ বাবে 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ নিয়ন্ত্ৰিত এলেকাসমূহত অধিক পৰীক্ষণৰ নিৰ্দেশ দিছে প্ৰশাসনে৷ ২,৪২,০০০ লোকে ইতিমধ্যেই আৰোগ্য সেতু এপ ডাউনলোড কৰিছে৷
  • পাঞ্জাৱঃ চৰকাৰী সংস্থাসমূহে ৩,৮৭,৬৯৯ মেট্ৰিকটন আটা আৰু ব্যক্তিগত ব্যৱসায়ীসকলে ১,৭৯০ মেট্ৰিকটন আটা ক্ৰয় কৰিছে৷
  • হাৰিয়ানাঃ ১১খন বিশেষ ক’ভিড-১৯ চিকিৎসালয়ত ১০০-১৫০ খন বিচনা সংৰক্ষণ কৰাৰ পিছত বাকী ৰৈ যোৱা অ’পিডি আৰু ৱাৰ্ডসমূহত অন্য ৰোগীসকলৰ বাবে আন সাধাৰণ চিকিৎসাসমূহ আৰম্ভ হ’ব৷
  • হিমাচল প্ৰদেশঃ চৰকাৰে ‘নিগাহ’ শীৰ্ষক এক নতুন কাৰ্যসূচী মুকলি কৰিব য’ত দেশৰ অন্য ৰাজ্যৰ পৰা স্বগৃহলৈ ঘূৰি অহা লোকসকলৰ পৰিয়ালৰ সদস্যক উপযুক্ত ধৰণে ছেনিটাইজ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ’ব৷
  • কেৰালাঃ বিদেশৰ পৰা কেৰালালৈ ঘূৰি অহা লোকসকলৰ আনুষ্ঠানিক কোৱাৰেণ্টাইৰ পৰিমাণ ৭ৰ পৰা ১৪ দিনলৈ বৃদ্ধি কৰা হ’ব৷ ৰাজ্যৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলক লৈ আজি তিনিখন ৰে’ল ৰাওনা হ’ব৷
  • তামিলনাডুঃ চেন্নাইৰ অধিকাৰী প্ৰশিক্ষণ একাডেমীত পাকঘৰৰ কৰ্মীৰ দেহত পোৱা গৈছে ক’ভিড-১৯ৰ বীজাণু৷ কালিলৈকে ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৪০৫৮ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ২৫৩৭ জন, মৃত্যুৰ সংখ্যা ৩৩৷
  • কৰ্ণাটকঃ বাগালকোট গাঁৱত ১৩জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ আক্ৰান্তৰ সংখ্যা ৬৯২ জনলৈ বৃদ্ধি পাইছে৷
  • অন্ধ্ৰ প্ৰদেশঃ তিনিমাহৰ বাবে ১,০৯,২৩১ জন মাছমৰীয়াক ৰাজ্য চৰকাৰে প্ৰদান কৰিব ১০,০০০ কৈ টকা৷ মুঠ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১৭৭৭ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ১০১২ জন, মৃত্যু ৩৬৷
  • তেলেংগানাঃ ৪২ দিনৰ মূৰত ৰাজ্যখনত খুলিছে সুৰাৰ বিপণীসমূহ৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১০৯৬ জন, সক্ৰিয় ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৪৩৯ জন, আৰোগ্য হৈছে ৬২৮ জন, মৃত্যু হৈছে ২৯ জনৰ৷
  • অৰুণাচল প্ৰদেশঃ পুৱা ৬ বজাৰ পৰা ৮ বজালৈ আৰু দুপৰীয়া ১২ বজাৰ পৰা দুপৰীয়া ২ বজালৈ বাহিৰৰ পৰা অহা সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, হাৰ্ডৱেৰ সামগ্ৰীৰ পৰিবহণত অনুমতি প্ৰদান কৰিছে ইটানগৰ প্ৰশাসনে৷
  • অসমঃ তিনিটাকৈ নিগেটিভ ফলাফলৰ পুনৰাবৃত্তি হোৱাৰ পিছত ২ জন ক’ভিড-১৯ ৰোগীক মুকলি কৰি দিয়া হৈছে৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ৪৪ জন৷ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে টুইটাৰত প্ৰকাশ কৰে৷
  • মণিপুৰঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ উভটি অহা লোকৰ ৰে’লৰ ভাড়া বহন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে৷ ইম্ফলৰ ডাঙৰ বজাৰসমূহ সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰা হ’ব৷
  • মিজোৰামঃ যিকোনো সংবাদ মাধ্যমত ক’ভিড-১৯ ৰোগীৰ পৰিচয় প্ৰকাশ কৰাটো এক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হ’ব৷ উলংঘাকাৰীয়ে ৫০০০ টকাৰ জৰিমণা অথবা ৩ মাহৰ কাৰাবাস খাটিব লাগিব৷
  • নাগালেণ্ডঃ নাগালেণ্ডৰ লংলেং জিলা প্ৰশাসন আৰু অসামৰিক সামাজিক সংগঠনে যুটীয়াভাৱে তেওঁলোকৰ ন্যায়িক ক্ষেত্ৰত ক’ভিড-১৯ত আক্ৰান্ত লোকক সমাধিষ্ঠ কৰাত কোনো আপত্তি প্ৰদৰ্শন কৰা নাই৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাই ১৫,৫২৫ৰ সংখ্যা স্পৰ্শ কৰিছে৷ মুঠ মৃত্যুৰ সংখ্যা হ’ল ৬১৭ টা৷
  • গুজৰাটঃ ৪৪১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৬২৪৫ জন৷ এই পৰ্যন্ত আৰোগ্য হৈছে ১৩৮১ জন আৰু মৃত্যু হৈছে ৩৬৮ জনৰ৷
  • ৰাজস্থানঃ ৰাজস্থানত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যাই ৩১৯৩ৰ সংখ্যা স্পৰ্শ কৰিছে৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত মুঠ ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩০৪৯ জন৷ প্ৰায় ১০০০ জন লোকক আৰোগ্য হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে৷
  • চট্টিশগড়ঃ পাঞ্জাৱৰ পিছতে চট্টিশগড়ে দ্বিতীয়খন ৰাজ্য হিচাপে গ্ৰীণ জ’নত ভিৰ হ্ৰাস কৰিবলৈ হোম ডেলিভাৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷    

ফেক্ট চেক

 



(Release ID: 1621611) Visitor Counter : 175