গৃহ মন্ত্ৰালয়
অ’চিআই কাৰ্ডধাৰীসকলৰ বাবে ভাৰত ভ্ৰমণ কৰিবলৈ একাধিকবাৰ প্ৰৱেশৰ জীৱনজোৰা ভিছাৰ সুবিধাৰ অধিকাৰ প্ৰদান, ভাৰতত আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহনৰ পৰা নিষেধাজ্ঞা উঠাই নোলোৱা পৰ্যন্ত এই অধিকাৰ থাকিব
प्रविष्टि तिथि:
05 MAY 2020 7:54PM by PIB Guwahati
ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই নোলোৱা পৰ্যন্ত অ’ভাৰচীজ চিটিজেন অৱ ইণ্ডিয়া চমুকৈ OCI কাৰ্ডধাৰী হিচাপে নাম পঞ্জীয়ণ কৰি যিকোনো উদ্দেশ্যত ভাৰতলৈ অহাৰ বাবে একাধিকবাৰ প্ৰৱেশৰ জীৱনজোৰা ভিছাৰ সুবিধা গ্ৰহণ কৰা লোকসকলৈ ভাৰতত থাকিব পাৰিব বুলি সবিশেষ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰিছে।
অ’চিআই অধিগ্ৰহণ কৰি থকা কোনো বিদেশী ৰাষ্ট্ৰৰ লোকে এইসময়ছোৱাত যদিহে কোনো গুৰুত্বপূৰ্ণ কাৰণত ভাৰত ভ্ৰমণ কৰিবলৈ বিচাৰে, তেন্তে তেওঁলোকে নিকটৱৰ্তী ‘ইণ্ডিয়ান মিশ্যন’ৰ সৈতে যোগাযোগ কৰিব লাগিব। ইফালে, অ’চিআই কাৰ্ড থকা কোনো লোক যদিহে ইতিমধ্যেই ভাৰততে আছে, তেন্তে ভাৰতত থাকিবৰ বাবে তেওঁলোকৰ সেই কাৰ্ডৰ ম্যাদ যিকোনো সময়লৈ বৈধ হৈ থাকিব।
বিভাগীয় নিৰ্দেশনাটো চাবলৈ ইয়াত ক্লিক কৰক
*****
VG/SNC/VM/RD
(रिलीज़ आईडी: 1621583)
आगंतुक पटल : 232