স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ শেহতীয়া তথ্য
এই পৰ্যন্ত আৰোগ্য হৈছে ১৪,১৮৩ জন লোক
Posted On:
06 MAY 2020 6:18PM by PIB Guwahati
দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত গুজৰাটৰ উপ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী শ্ৰী নীতিনভাই পেটেল আৰু মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী ৰাজেশ টোপেৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্য দুখনত ক’ভিড-১৯ ব্যৱস্থাপনাৰ খতিয়ান লয়৷
এই পৰ্যন্ত ১৪,১৮৩ জন ৰোগী আৰোগ্য হৈছে৷ বিগত ২৪ ঘণ্টাত ১৪৫৭ জন ৰোগী আৰোগ্য হৈছে৷ ইয়াৰ জৰিয়তে আৰোগ্যৰ হাৰ হৈছে ২৮.৭২%৷ এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত নিশ্চিত ৰোগীৰ সংখ্যা হ’ল ৪৯,৩৯১ জন৷ কালিৰে পৰা ভাৰতত ২৯৫৮ জন নিশ্চিত ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা প্ৰতিবেদিত হৈছে৷
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.
technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
*****
MV/SG/MANN
(Release ID: 1621526)
Visitor Counter : 204
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam