স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

এই পৰ্যন্ত আৰোগ্য হৈছে ১১,৭০৬ জন লোক

Posted On: 04 MAY 2020 6:21PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত মধ্য প্ৰদেশৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী শ্ৰী নৰোত্তম মিশ্ৰৰ সৈতে ৰাজ্যখনৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত খতিয়ান লয়৷ ১৭ এপ্ৰিলৰ পূৰ্বে ফলাফল অনুপাত (আৰোগ্য বনাম মৃত্যু)যিয়ে চিকিৎসালয়ৰ ক্লিনিকেল ব্যৱস্থাপনাৰ স্থিতি প্ৰদৰ্শিত কৰে, সেয়া আছিল ৮০:২০ আৰু এতিয়া এই অৱস্থাৰ উত্তৰণ হৈ  ৯০:১০ হৈছে৷

এই পৰ্যন্ত ১১,৭০৬ জন লোক আৰোগ্য হৈছে৷ আৰোগ্য হাৰ ২৭.৫২%৷ এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনা হৈছে ৪২,৫৩৩টা৷ কালিৰে পৰা ভাৰতত ২,৫৫৩টা নিশ্চিত ধনাত্মক ক’ভিড-১৯ পৰিঘটনা প্ৰতিবেদিত হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/SG/MANN



(Release ID: 1621002) Visitor Counter : 186