গৃহ মন্ত্ৰালয়

ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশঃ ট্ৰাক-সামগ্ৰী কঢ়িওৱা বাহনৰ মুক্ত চলাচল নিশ্চিত কৰক, দেশত সামগ্ৰী আৰু সেৱাৰ যোগান শৃংখল বৰ্তাই ৰাখিবলৈ এয়া আৱশ্যক

দেশৰ আন্তঃৰাজ্যিক সীমান্তত চলাচলৰ বাবে পৃথক পাছৰ দাবী নকৰিবলৈ স্থানীয় কৰ্তৃপক্ষক সংবেদনশীল কৰকঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়

Posted On: 30 APR 2020 7:27PM by PIB Guwahati

দেশৰ ভিন্ন প্ৰান্তৰ আন্তঃৰাজ্যিক সীমান্তসমূহত ট্ৰাকৰ মুক্ত চলাচলত অনুমতি নিদিয়া আৰু স্থানীয় কৰ্তৃপক্ষই পৃথক অনুজ্ঞা পত্ৰৰ দাবী কৰাৰ ঘটনা পোহৰলৈ আহিছে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক পুনৰ স্পষ্ট কৰি দিছে যে  লকডাউনৰ সংশোধিত নীতি-নিৰ্দেশনা অনুসৰি ট্ৰাক আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ বাবে কোনো পৃথক পাছৰ প্ৰয়োজন নাই৷ খালী ট্ৰাকো ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে৷

গৃহ মন্ত্ৰালয়ৰ বিবৃতিত উল্লেখ পাইছে যে লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশথ সামগ্ৰী আৰু সেৱাৰ যোগান শৃংখল অব্যাহত ৰাখিবলৈ এই মুক্ত চলাচল অত্যন্ত আৱশ্যক৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ১৫.০৪.২০২০ত লকডাউনৰ সংশোধিত নীতি-নিয়ম জাৰি কৰিছিল৷

(https://www.mha.gov.in/sites/default/files/MHA%20order%20dt%2015.04.2020%2C%20with%20Revised%20Consolidated%20Guidelines_compressed%20%283%29.pdf). এই সংশোধিত নীতি-নিয়মত স্পষ্টকৈ উল্লেখ আছে যে ট্ৰাক/সামগ্ৰী কঢ়িওৱা বাহনৰ মুক্ত চলাচলত অনুমতি দিয়া হৈছে৷

এই নীতি-নিয়মৰ সঠিক ৰূপায়ন নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক নিৰ্দেশ দিছে যে জিলা প্ৰশাসন আৰু বিভাগীয় ক্ষেত্ৰ এজেন্সীসমূহক উপৰোক্ত নিৰ্দেশ সন্দৰ্ভত সংবেদনশীল কৰোৱা উচিত, যাতে গ্ৰাউণ্ড পৰ্যায়ত ট্ৰাক আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ মুক্ত চলাচলত কোনো অন্তৰায় আহি নপৰে৷

Click here to see the Official Communication to States/UTs

*****

VG/SNC/VM/MS



(Release ID: 1619856) Visitor Counter : 200