প্ৰতিৰক্ষা মন্ত্ৰালয়

বিকশিত হ’ল ক’ৰোনাভাইৰাছ বিধ্বস্ত কৰিব পৰা মাইক্ৰৱে’ভ ষ্টেৰিলাইজাৰ

प्रविष्टि तिथि: 30 APR 2020 6:22PM by PIB Guwahati

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা(ডিআৰডিঅ)ৰ ডীম্ড প্ৰতিষ্ঠান পুনাস্থিত ডিফেন্স ইনষ্টিটিউট অব এডভান্সড টেকনজীয়ে অতুল্য শীৰ্ষক কভিড-১৯ বিধ্বস্ত কৰিব পৰা এক মাইক্ৰৱেভ ষ্টেৰিলাইজাৰ বিকশিত কৰিছে। উল্লেখ্য যে, ৫৬ৰ পৰা ৬০ডিগ্ৰী চেলচিয়াছ উষ্ণতাত ভাইৰাছবোৰ বিধ্বস্ত হৈ পৰে।

কম ব্যয় সাপেক্ষ এইবিধ উপকৰণ স্থায়ী ভাবে সংস্থাপিত কৰাৰ উপৰি হাতেৰে লৈ ফুৰাকৈয়ো ব্যৱহাৰ কৰিব পৰা যাব। ইতিমধ্যে মানৱ-ব্যৱহাৰৰ ক্ষেত্ৰত পৰীক্ষণ সম্পন্ন কৰা এইবিধ উপকৰণ সঞ্চালন কৰোতা আৰু মানুহৰ ক্ষেত্ৰত নিতান্তই নিৰাপদ বুলি চিহ্নিত হৈছে। বিভিন্ন বস্তুৰ আকাৰ আৰু পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি এইবিধ উপকৰণে ৩০ছেকেণ্ডৰ পৰা ১মিনিটৰ ভিতৰত বিজাণু নাশ কৰিব পাৰে। অৱশ্যে, তিনি কিলোগ্ৰাম ওজন বিশিষ্ট এইবিধ উপকৰণ কেৱল অধাতু সামগ্ৰী অথবা বস্তুৰ বিজাণু নাশৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰাটো সম্ভৱ হব।

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/KB


(रिलीज़ आईडी: 1619673) आगंतुक पटल : 246
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada