প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ ড’ আং ছান ছু ক্যিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 30 APR 2020 3:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ এপ্ৰিল ২০২০ তাৰিখে ম্যানমাৰৰ ষ্টেট কাউন্সেলৰ ড’ আং ছান ছু ক্যিৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আৰু উভয় দেশে গ্ৰহণ কৰা নিয়ন্ত্ৰণ ব্যৱস্থাসমূহৰ বিষয়ে পৰস্পৰে পৰস্পৰক অৱগত কৰে৷

ভাৰতৰ চুবুৰীয়া সৰ্বপ্ৰথম নীতিত ম্যানমাৰক এক গুৰুত্বপূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ম্যানমাৰত ক’ভিড-১৯ক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতৰ তৰফৰ পৰা যথাসম্ভৱধৰণে সহায় আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰে৷

ভাৰতত থকা ম্যানমাৰৰ নাগৰিকসকলক যথাসম্ভৱ সহায় আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ম্যানমাৰত থকা ভাৰতীয় নাগৰিকসকললৈ আগবঢ়োৱা সাহায্যৰ বাবে দেশখনৰ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত সৃষ্ট হোৱা প্ৰত্যাহ্বানসমূহ সহযোগিতাৰে সমাধান কৰিব বুলি মতপোষণ কৰে৷ 

***

VRRK/AK/MANN



(Release ID: 1619632) Visitor Counter : 161