শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
লকডাউনৰ সময়ছোৱাত ইপিএফঅ’য়ে পিএমজিকেৱাই পেকেজৰ অধীনত ৭.৪০ লাখ ক’ভিড-১৯ দাবীকে ধৰি নিষ্পত্তি কৰিলে ১৩ লাখ দাবী
प्रविष्टि तिथि:
28 APR 2020 3:52PM by PIB Guwahati
লকডাউনৰ সময়ছোৱাত শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়ৰ অধীনত কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (ইপিএফঅ’)ই নিজৰ দায়িত্ব পূৰ্ণগতিত পালন কৰি মুঠ ১২.৯১ লাখটা দাবী নিষ্পত্তি কৰিছে য’ত ৭.৪০ লাখটা দাবী প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা পেকেজৰ অধীনত অন্তৰ্ভুক্ত আছে৷ মুঠ ৪৬৮৪.৫২ কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে আৰু ইয়াৰে ২৩৬৭.৬৫ কোটি টকা পিএমজিকেৱাই পেকেজৰ অধীনত ক’ভিড-১৯ৰ দাবী৷
২৭.০৪.২০২০ তাৰিখ পৰ্যন্ত ৮৭৫.৫২ কোটি টকা ৭৯,৭৪৩ পিএফ সদস্যলৈ ক’ভিড-১৯ৰ বাবে পিএফ ন্যাসৰ দ্বাৰা এই আঁচনিৰ অধীনত অগ্ৰীম মুকলি কৰি দিয়া হৈছে৷
ইপিএফৰ পৰা ধন উলিওৱাৰ ব্যৱস্থা ক’ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ পিএমজিকেৱাই অংশ হিচাপে প্ৰণয়ন কৰা হৈছে৷
লকডাউনৰ সময়ছোৱাত কেৱল এক তৃতীয়াংশ কৰ্মচাৰীৰ সৈতে ইপিএফঅ’য়ে এই সংকটকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অহৰত কৰ্তব্যত নিয়োজিত হৈ আছে৷
*****
RCJ/SKP/IA/MANN
(रिलीज़ आईडी: 1619129)
आगंतुक पटल : 289
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Gujarati
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam