নৌ-পৰিবহন মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ক’ভিড-১৯ৰ বাবে প্ৰাণ হেৰুওৱাৰ ক্ষেত্ৰত বন্দৰ কৰ্মচাৰী আৰু কৰ্মীৰ বাবে ৫০লাখৰ ক্ষতিপূৰণ ঘোষণা
                    
                    
                        বন্দৰত প্ৰত্যক্ষভাৱে নিয়োজিত ঠিকাভিত্তিক শ্ৰমিক আৰু অন্যান্য ঠিকাভিত্তিক কৰ্মচাৰীকে ধৰি সকলো বন্দৰ কৰ্মচাৰীক এই বীমাই সাঙুৰি ল’ব   
                    
                
                
                    Posted On:
                28 APR 2020 3:04PM by PIB Guwahati
                
                
                
                
                
                
                জাহাজ পৰিবহণ মন্ত্ৰালয়ে আজি সিদ্ধান্ত লয় যে ক’ভিড-১৯ৰ বাবে প্ৰাণ হেৰুওৱা ঘটনাৰ ক্ষেত্ৰত দেশৰ সকলো গুৰুত্বপূৰ্ণ বন্দৰে তেওঁলোকৰ কৰ্মচাৰীক ক্ষতিপূৰণ আৰু আৰ্থিক সাহায্য প্ৰদান কৰিব৷ ক’ভিড-১৯ত মুত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ নিৰ্ভৰশীল সদস্য/আইনী উত্তৰাধিকাৰীয়ে নিম্নোক্ত ধৰণে এই ক্ষতিপূৰণ লাভ কৰিব৷ 
 
	
		
			| 
			 শাখা 
			 | 
			
			 ক্ষতিপূৰণ/সাহায্যৰ পৰিমাণ  
			 | 
		
		
			| 
			 ঠিকাভিত্তিক শ্ৰমিককে ধৰি সকলো বন্দৰ কৰ্মচাৰী  
			 | 
			
			 ৫০.০০লাখ 
			 | 
		
		
			| 
			 অন্যান্য ঠিকাভিত্তিক শ্ৰমিক  
			 | 
			
			 ৫০.০০লাখ 
			 | 
		
	
 
বন্দৰ সম্পৰ্কীয় দায়িত্ব পালনৰ সময়ত বন্দৰ কৰ্মচাৰীয়ে ক’ভিড-১৯ৰ সংক্ৰমণৰ বলি হোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি বিত্তীয় ক্ষতিপূৰণৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে৷ বন্দৰৰ অধ্যক্ষ হ’ব এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰী৷ এই ক্ষতিপূৰণ কেৱল ক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব আৰু ৩০.০৯.২০২০লৈ কাৰ্যকৰী হ’ব৷ ইয়াৰ পিছত বিষয়টো পৰ্যবেক্ষণ কৰা হ’ব৷  
 
***
YB/AP/MS
                
                
                
                
                
                (Release ID: 1619123)
                Visitor Counter : 161
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam