PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 26 APR 2020 6:16PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

এই পৰ্যন্ত ২১.৯০% আৰোগ্য হাৰৰ সৈতে আৰোগ্য হোৱা লোকৰ সংখ্যা ৫,৮০৪জন৷ ২৬,৪৯৬জন লোক নিশ্চিত ক’ভিড-১৯ আক্ৰান্ত বুলি প্ৰতিবেদিত হৈছে৷ মুঠ মৃ্ত্যুৰ সংখ্যা হ’ল ৮২৪ জন৷ কেবিনেট সচিবে ৰাজ্যৰ সকলো মুখ্য সচিব আৰু ডিজিপিসমূহৰ সৈতে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ খতিয়ান লয়৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে কয় যে হটস্পট জিলাসমূহ নন-হটস্পটলৈ পৰিৱৰ্তিত হোৱাৰ পৰিপ্ৰেক্ষিতত দেশৰ অৱস্থাৰ কিছু উত্তৰণ হৈছে৷

অধিক বিৱৰণৰ বাবে  

মন কী বাত ২.০’ৰ ১১তম খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

‘মন কী বাত ২.০’ৰ ১১তম খণ্ডত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধখন জনসাধাৰণৰ দ্বাৰা পৰিচালিত হৈছে৷ তেওঁ কয় যে দেশৰ প্ৰতিজন নাগৰিকেই সৈনিকৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷ জনসাধাৰণে পৰস্পৰে পৰস্পৰক যিধৰণে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, প্ৰধানমন্ত্ৰীয়ে ইয়াকে লৈ সন্তোষ প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

মন কী বাত . ১১তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ (২৬.০৪.২০২০)

অধিক বিৱৰণৰ বাবে

প্ৰত্যক্ষ বিপণনেমণ্ডীসমূহত ভিৰ হ্ৰাস কৰাৰ লগতে লকডাউনৰ সময়ছোৱাত সময়মতে উৎপাদিত সামগ্ৰীৰ বিক্ৰীতো সুবিধা প্ৰদান কৰিছে

ভাৰত চৰকাৰে কৃষকসকলক প্ৰত্যক্ষ বিপণনৰ জৰিয়তে উপযুক্ত সুবিধা প্ৰদান কৰি উন্নত লাভৰ নিশ্চিতি প্ৰদানৰ দিশত অগ্ৰসৰ হৈছে৷ ৰাজ্যসমূহকোপ্ৰত্যক্ষ বিপণন ধাৰণাটোৰ বহুল প্ৰচাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে যাতে কৃষক/কৃষক গোট/এফপিঅ/সমবায়সমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বৃহৎ ক্ৰেতা/বৃহৎ খুচুৰা ব্যৱসায়ী/সংসাধকসকলক বিক্ৰী কৰিব পাৰে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ চিকিৎসাত ব্যস্ত স্বাস্থ্যকৰ্মীসকলৰ বাবে প্ৰয়োজনীয় ভাৰঅলৰ উৎপাদন হৈছে দিনে লাখকৈ; আজি পৰ্যন্ত মিলিয়ন ভাৰঅল উৎপাদন হৈছে

দেশত প্ৰতিদিনে লাখকৈ ভাৰঅল উৎপাদন বলৈ ধৰিছে যি ভিড-১৯ৰ বিৰুদ্ধে মোকাবিলা কৰা স্বাস্থ্যকৰ্মীসকলৰ বাবে অতিশয় প্ৰয়োজনীয়৷ বেংগালুৰুয়ে এইক্ষেত্ৰত ভাৰঅল উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰিছে৷ দেশৰ প্ৰায় ৫০ শতাংশ ভাৰঅল বেংগালুৰুত উৎপাদন হৈছে৷ বেংগালুৰুৰ বাদেও তিৰুপুৰ, চেন্নাই, কইম্বাটুৰ, আহমেদাবাদ, বদোডৰা, ফাগৱাৰা, লুধিয়ানা, কুসুমনগৰ, ভিৱান্দি, ডুংগৰপুৰ, কলকাতা, দিল্লী, নয়ডা, গুৰুগ্ৰাম আদি অঞ্চলসমূহেও পিপিই নিৰ্মাণত অগ্ৰগতি লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ এক মিলিয়ন ভাৰঅল উৎপাদন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

আইআইটি ব’ম্বেৰ শিক্ষাৰ্থীৰ নেতৃত্বত এটা উদ্ভাৱন কৰিলে নিম্ন ব্যয়ৰ মেকানিকেল ভেণ্টিলেটৰ ‘ৰুধাৰ’

আইআইটি ব’ম্বে, এনআইটি শ্ৰীনগৰ আৰু ইছলামিক ইউনিভাৰ্ছিটী অব্ ছায়েন্স এণ্ড টেকন’ল’জীয়ে এক নিম্ন ব্যয়ৰ ভেণ্টিলেটৰ প্ৰস্তুত কৰিছে৷

অধিক বিৱৰণৰ বাবে

হোৱাটএছএপত চৰকাৰে ক’ৰোনা সাহায্য যোজনাৰ অধীনত ১০০০ টকাকৈ প্ৰদান কৰিছে বুলি প্ৰচাৰিত হৈছে ভুৱা বাতৰি

প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ৰ ফেক্ট চেক গোটে আজি স্পষ্ট কৰি দিয়ে যে হোৱাটছএপত প্ৰচাৰ হোৱা অনুসৰি চৰকাৰে ক’ৰোনা সাহায্য যোজনা শীৰ্ষক কোনো আঁচনিৰ অধীনত ১০০০ টকাকৈ বিতৰণ কৰা নাই৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ বুজ লোৱাৰ বাবে প্ৰাক্তন আমোলাসকলৰ সৈতে ব্যাপক আলোচনা কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ

অধিক বিৱৰণৰ বাবে

দেখো আপনা দেশ’ ৱেৱিনাৰ ছিৰিজৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে প্ৰদৰ্শিত কৰিলে ‘‘অৱধ কি ছেইৰ-দা প্ৰাইড অব্ লক্ষ্ণৌ’

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত লকডাউনৰ সময়ছোৱাত ১৮খন জিলাৰ ২৮টা ৰে’লৱে পইণ্টত চাউল, নিমখ, চেনী, আলু, পিয়াঁজ আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ আনলোড কৰা হৈছে৷ প্ৰতিদিনে গড় হিচাপত প্ৰায় ১,৫০০ খন ট্ৰাক চলাচল কৰাৰ জৰিয়তে ৩৫৭টা ৰে’লৱে ৰেক আনলোড কৰিবলৈ এই পৰ্যন্ত ৪৪,৬২৪টা ট্ৰাক-ট্ৰিপ সম্পন্ন কৰা হৈছে৷ লকডাউনৰ সময়ছোৱাত খাদ্য-ভাণ্ডাৰৰ উপলব্ধতা নিশ্চিত কৰিবলৈ এফচিআইৰ ১৭৯টা ৰেক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে অসমলৈ অনা হৈছে য’ত আছে ৪.৭ এলএমটি চাউল আৰু ০.২১ এলএমটি আটা৷ ইয়াৰে অসমৰ বাবে আছে ৩.৭৫ এলএমটি চাউল আৰু ০.১৪ এলএমটি আটা৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত ৮জন ৰোগীক ক’ভিড-১৯ৰ পৰীক্ষণৰ ফলাফল ঋণাত্মক অহাৰ পিছত আজি মুকলি কৰা হৈছে বুলি উল্লেখ কৰে৷ তেওঁলোকক ১৪ দিনৰ বাবে পৰ্যৱেক্ষণত ৰখা হ’ব৷
  • মণিপুৰঃ মণিপুৰত লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছত জিলাভিত্তিত ঘূৰি অহা লোকসকলৰ পৰীক্ষণ কৰা হ’ব৷ তেওঁলোকৰ বাবে কোৱাৰেণ্টাই স্থানো নিৰ্ধাৰণ কৰা হৈছে৷
  • মিজোৰামঃ ৰাজ্যিক কল্যাণ পৰিষদে লকডাউনৰ মাজত ৪৯,৫৯৮ জন দৈনিক শ্ৰমজীৱিক ৩,০০০ টকাকৈ বিতৰ কৰিছে৷
  • নাগালেণ্ডঃ লকডাউন উলংঘা কৰা ৪৬৯জন লোকক আটক কৰা হৈছে৷ ছ’চিয়েল মিডিয়া উলংঘাৰ ৫টা পৰিঘটনা আৰু ৩৩৫খন বাহন জব্দ কৰা হৈছে৷ আৱদ্ধ নাগৰিকসকলৰ বাবে নাগালেণ্ড চৰকাৰে ১.৬৩ কোটি টকা বিতৰণ কৰিছে৷ বৈধ আবেদনকাৰীৰ সংখ্যা ৯,৮০০ জন স্পৰ্শ কৰিছে৷
  • চণ্ডীগড়ঃ আজিৰ তাৰিখ পৰ্যন্ত ২১.৫ লাখ খাদ্যৰ পেকেট ক্ষুধাৰ্ত আৰু দৰিদ্ৰসকলৰ মাজত বিতৰণৰ কৰা হৈছে৷ চহৰখনত ক’ভিড-১৯ৰ ব্যৱস্থাপনা নিৰীক্ষণৰ বাবে এক নতুন নিয়ন্ত্ৰণ আৰু নিৰ্দেশ কেন্দ্ৰ মুকলি কৰা হৈছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৱাসিক/বাণিজ্যিক চিকিৎসালয়সমূহত এচিৰ ব্যৱহাৰৰ পৰামৰ্শৱলী মুকলি কৰিছে চৰকাৰে৷ টেলিমেডিচিন সমাধানৰ বাবে ই-সঞ্জীৱনী শীৰ্ষক এক অনলাইন অপিডি মুকলি কৰা হৈছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে ‘হেল্পমি’ শীৰ্ষক এক ম’বাইল এপ্লিকেচন মুকলি কৰিছে য’ত টেলিমেডিচিন, চলাচল অনুমতি, শুকান আৰু পেকেট খাদ্যৰ যোগান, শিক্ষা-সামগ্ৰী আদিৰ প্ৰয়োজনীয় সেৱাসমূহ উপলব্ধ হ’ব৷ বিগত পাঁচটা দিনত ১,৩০,৭০৭ গৰাকী কৃষকৰ পৰা ১৯.২৬ লাখ মেট্ৰিকটন আটা ক্ৰয় কৰা হৈছে৷
  • হিমাচল প্ৰদেশঃ চৰকাৰে ২৬.০৪.২০২০ তাৰিখৰ পৰা জ্যেষ্ঠ নাগৰিক আৰু সাধাৰণ নাগৰিকৰ প্ৰাতঃভ্ৰমণৰ বাবে পুৱা ৫.৩০ বজাৰ পৰা ৭ বজালৈ নিতৌ সান্ধ্য আইন শিথিল কৰিছে৷ ৰাজ্য চৰকাৰে নিৰ্মাণ সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহৰ আন্তঃজিলাভিত্তিত চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছে৷
  • কেৰালাঃ আন্তঃৰাজ্যিক সীমাত লকডাইন কঠোৰভাৱে বলৱৎ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷ এই পৰ্যন্ত নিশ্চিত পৰিঘটনাঃ ৪৫৭, সক্ৰিয় পৰিঘটনা ১১৬, আৰোগ্য ৩৩৮৷ পৰ্যবেক্ষণত আছে ২১,০৪৪; আৰু নমুনা পৰীক্ষণ হৈছে ২২,৩৬০৷
  • তামিলনাডুঃ ৫খন চহৰত আজিৰে পৰা সম্পূৰ্ণ লকডাউন বলৱৎ কৰা হৈছে৷ কালিলৈকে মুঠ পৰিঘটনা ১৮২১, সক্ৰিয় পৰিঘটনা ৮৩৫; মৃত্যু ২৩, মুকলি কৰি দিয়া হৈছে ৯৬০ জনক৷
  • কৰ্ণাটকঃ মুঠ পৰিঘটনা ৫০১, মৃত্যু ১৯ আৰু আৰোগ্য হৈছে ১৭৭জন৷
  • অন্ধ্ৰ প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৮১টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ ধনাত্মক পৰিঘটনাৰ সংখ্যা হৈছে ১০৯৭টা৷ সক্ৰিয় পৰিঘটনা ৮৩৫, আৰোগ্য ২৩১, মৃত্যু ৩১৷
  • তেলেংগানাঃ ৰাজ্যখনত পিপিই কিটৰ পৰিমাণ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত পুতলা নিৰ্মাতাসকলে এতিয়া এইসমূহ বিশাখাপট্টনম এছইজেডত নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ গাড়ৱাল জিলা নতুনকৈ হটস্প’ট হিচাপে ঘোষিত হৈছে৷ এই পৰ্যন্ত ৰাজ্যখনত প্ৰতিবেদিত পৰিঘটনা হ’ল ৯৯০ টা৷

পিআইবি ফেক্ট চেক



(Release ID: 1618481) Visitor Counter : 234