গৃহ মন্ত্ৰালয়

একক আৰু মাল্টি-ব্ৰেণ্ড মলসমূহৰ বাদে কিছুমান নিৰ্দিষ্ট শাখাৰ দোকান খোলাৰ অনুমতি দিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ

লকডাউন নিষেধাজ্ঞাৰ এই শিথিলতা হটস্পট/নিয়ন্ত্ৰিত মণ্ডলসমূহৰ বাবে প্ৰযোজ্য নহ’ব

Posted On: 25 APR 2020 12:47AM by PIB Guwahati

গৃহ মন্ত্ৰালয়ে ১৫.০৪.২০২০ তাৰিখে সন্মিলিত সংশোধিত নিৰ্দেশনাৰ জৰিয়তে হটস্পট/নিয়ন্ত্ৰিত মণ্ডলসমূহৰ বাদে আনবোৰ এলেকাৰ বাবে কিছুমান ক্ষেত্ৰত লকডাউনৰ শিথিলতা প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল৷

 (https://www.mha.gov.in/sites/default/files/MHA%20order%20dt%2015.04.2020%2C%20with%20Revised%20Consolidated%20Guidelines_compressed%20%283%29.pdf)

বাণিজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠান শাখাক শিথিলতা প্ৰদান কৰি গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ দোকান আৰু প্ৰতিষ্ঠান আইনৰ অধীনত পঞ্জীকৃত আৱাসিক ভৱন, ষ্টেণ্ডএলন দোকানসমূহকে ধৰি সকলো ধৰণৰ দোকান খুলিবলৈ অনুমতি দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰিছে৷

পৌৰ নিগম আৰু পৌৰ সভাৰ সীমাৰ বাহিৰৰ মাৰ্কেট কমপ্লেক্সৰ দোকানসমূহহে খুলিবলৈ অনুমতি দিয়া হৈছে৷ একক অথবা মাল্টি-ব্ৰেণ্ড মলসমূহ কোনো স্থানতে খুলিবলৈ অনুমতি দিয়া হোৱা নাই৷

দোকানসমূহত ৫০% কৰ্মীকহে উপস্থিত থাকিবলৈ অনুমতি দিয়া হৈছে৷ উল্লেখ্য, লকডাউনৰ শিথিলতা হটস্পট/নিয়ন্ত্ৰিত মণ্ডলসমূহৰ বাবে প্ৰযোজ্য নহ’ব৷

 

সংশ্লিষ্ট চৰকাৰী তথ্য চাবলৈ ইয়াত ক্লিক কৰক

 

 

*****

VG/SNC/VM/MANN



(Release ID: 1618170) Visitor Counter : 252