শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ভৱিষ্যতনিধিৰ আঁওতাত নপৰা ৪০,৮২৬ জন সদস্যলৈ ৪৮১.৬৩ কোটি টকা মুকলি

Posted On: 20 APR 2020 6:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ক’ভিড-১৯ এ সৃষ্টি কৰা জটিল পৰিস্থিতিত সাধাৰণ জনতাই যাতে দুৰ্ভোগ ভূগিবলগা নহয় তাৰবাবে ই পি এফৰ পৰা বিশেষ ধন উলিয়াবপৰা ব্যৱস্থাৰ বিষয়ে ২৮ মাৰ্চ ২০২০ তাৰিখে চৰকাৰে এখন জৰুৰী নিৰ্দেশনা জাৰি কৰিছিল। চৰকাৰে ২৮ মাৰ্চ, ২০২০ তাৰিখে ঘোষণা কৰা পি এম জি কে ৱাই আঁচনিৰ অংশ হিচাপে ক’ভিড-১৯ ৰে যুঁজাৰ বাবে এই বিশেষভাৱে ধন উলিওৱাৰ সুবিধামতে ঘূৰাই দিব নলগাকৈ ৩ মাহৰ সাধাৰণ মজুৰি আৰু মহাৰ্ঘ বানচ অথবা ই পি এফ খাটাত সদস্যৰবাবে জমা থকা ধনৰ ৭৫% (যিটোৱে পৰিমাণত কম হয়)পাব পাৰে।

অতি সুখৰ খবৰ যে ক’ভিড-১৯ ৰে যুঁজাৰ বাবে ভৱিষ্যতনিধিৰ আঁওতাত নপৰা ৪০,৮২৬ জন সদস্যলৈ ১৭.০৪.২০২০ তাৰিখৰপৰা ৪৮১.৬৩ কোটি টকা মুকলি কৰি দিয়া হৈছে।

ভৱিষ্যতনিধিৰ আঁওতাত নপৰা শীৰ্ষৰ দহটা প্ৰতিষ্ঠানঃ

এই ক্ষেত্ৰত কেইটামান প্ৰতিষ্ঠানে দৃষ্টান্তমূলক কাম কৰিছে। ১৭.০৪.২০২০ তাৰিখৰপৰা ক’ভিড-১৯ ৰে যুঁজাৰ বাবে মুকলি কৰি দিয়া ধনৰাশিৰ পৰিমাণৰ সৈতে প্ৰতিষ্ঠানসমূহৰ নাম তলত দিয়া হৈছে।

ক্ৰ. নং

প্ৰতিষ্ঠানৰ নাম

’ভিড-১৯ ৰে যুঁজাৰ বাবে ধন বিচাৰি কৰা আবেদনৰ সংখ্যা

মঞ্জুৰ হোৱা আবেদনৰ সংখ্যা

মুকলি কৰি দিয়া ধনৰ পৰিমাণ

নেইভেলী লিগ্নাইট কৰ্পোৰেশ্যন, নেইভেলী, ৭০১-কাড্ডালোৰ, ৬০৭৮০২

৩২৫৫

৩২৫৫

৮৪.৪৪,০০,০০০০

টাটা কনচাল্টেন্সি চাৰ্ভিচেছ লিমিটেড, মুম্বাই

৯৩৭৩

৯৩৭৩

৪৩,৩৪,০৪,৬৪১

বিশাখাপট্টনম ষ্টীল প্লান্ট, ৱিজাগ

১৭০৮

১৭০৮

৪০,৯৯,৩৭,৮০০

এন টি পি চি লিমিটেড. দিল্লী

৯২৫

৯২৫

২৮,৭৪,২১,৫৩১

এইচ চি এল টেক্ন’লজিচ লিমিটেড/ হিন্দুস্তান ইনষ্ট্ৰুমেন্ট লিমিটেড ই পি এফ ট্ৰাষ্ট, গুৰগাঁও

৬৯৩৮

৪৪১৫

২৭,১৪,০৩,৮৬২

পাৱাৰ গ্ৰীড কৰ্পোৰেশ্যন লিমিটেড, দিল্লী

১২৬৩

১০৮৯

২৬,১৭,৩২,৪০৩

’ এন জি চি, ডেৰাডুন

২২৯৭

১৭২৩

২৪,১৭,০০,০০০

বি এইচ ই এল, আৰ চি পুৰম

১৩৬৭

১১৯৯

২২,২২,২৫,০০০

মেচাৰ্ছ বি এইচ ই এল, ভূপাল

১৭৫৮

৯২৬

১৬,৪২,০০,০০১

১০

হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেশ্যন লিমিটেড, মুম্বাই

৪৬১

৪৬১

১৪,৩৩,১০,০০০

*****

RCJ/SKP/IA/PRK



(Release ID: 1616607) Visitor Counter : 224