গৃহ মন্ত্ৰালয়

চৰকাৰে লকডাউনৰ সীমাবদ্ধতা অনুসৰি ই-কমাৰ্চ কোম্পানীৰদ্বাৰা অনা-অত্যাৱশ্যক সামগ্ৰীৰ যোগানত বাধা আৰোপ কৰিছে

Posted On: 19 APR 2020 1:00PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বলবৎ কৰা লকডাউন সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংশোধিত নীতি-নিয়মৰ অধীনত নিৰ্দিষ্ট কিছুমান গতিবিধিক (https://www.mha.gov.in/sites/default/files/MHA%20order%20dt%2015.04.2020%2C%20with%20Revised%20Consolidated%20Guidelines_compressed%20%283%29.pdf) ৰেহাই দিবলৈ সকলো মন্ত্ৰালয় আৰু বিভাগক নিৰ্দেশ দিছে৷

উপৰোক্ত সংশোধিত নীতি-নিয়মৰ অধীনত এয়া স্পষ্ট কৰা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা ই-কমাৰ্চ কোম্পানীসমূহক লকডাউনৰ বাধা-নিষেধৰ পৰা ৰেহাই দিয়া হৈছে৷ লগতে, -কমাৰ্চ কোম্পানীসমূহে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত ব্যৱহাৰ কৰা বাহনৰ চলাচলতো অনুমতি আগবঢ়োৱা হৈছে৷ অৱশ্যে, চৰকাৰে লকডাউন সীমাবদ্ধতাৰ অধীনত অনা-অত্যাৱশ্যক সামগ্ৰীৰ যোগানত বাধা আৰোপ কৰিছে৷

চৰকাৰী তথ্যৰ বাবে ইয়াত ক্লিক কৰক৷

 

*****

VG/SNC/VM/MS



(Release ID: 1616408) Visitor Counter : 128