ৰেল মন্ত্ৰালয়

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে খাদ্যসামগ্ৰীৰ পৰ্যাপ্ত উপলব্ধতা সুনিশ্চিত কৰিবৰ বাবে ৰে’লৱেই লোড কৰিলে বিগত বৰ্ষতকৈ দুগুণ খাদ্যসামগ্ৰী

লকডাউনৰ সময়ছোৱাত ২৫ মাৰ্চৰ পৰা ১৭ এপ্ৰিল, ২০২০ তাৰিখলৈ লোড কৰা হৈছে ১৫০০ ৰেকতকৈও অধিক আৰু ৪.২ মিলিয়ন টনতকৈও অধিক খাদ্য সামগ্ৰী; বিগত বৰ্ষৰ একেখিনি সময়ৰ তুলনাত দুগুণ সামগ্ৰী লোড কৰা হৈছে লকডাউনৰ সময়ত

উদ্যান শস্য যেনে খাদ্য সামগ্ৰী সঠিক সময়ত সংগ্ৰহ কৰা আৰু খাদ্য যোগান শৃংখলা অব্যাহত থকাটো নিশ্চিত কৰিবলৈ ভাৰতীয় ৰে’লৱেৰ সৰ্বপ্ৰকাৰৰ প্ৰয়াস

Posted On: 18 APR 2020 4:37PM by PIB Guwahati

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী যেনে খাদ্যবস্তুৰ নাটনি নোহোৱা বা উপলব্ধতা নিশ্চিত কৰিবলৈ ভাৰতীয় ৰে’লৱেই সৰ্বতোপ্ৰকাৰৰ প্ৰয়াস কৰিছে।

প্ৰতিটো ভাৰতীয় পৰিয়ালৰ ৰান্ধনীশাল সুচাৰুৰূপে চলি থকাটো নিশ্চিত কৰিবলৈ ১৭ এপ্ৰিল ২০২০ তাৰিখে ৮৩ ৰেক/৩৬০১ ৱাগ’ন খাদ্য সামগ্ৰী (এক ৱাগ’নত ৫৮ ৰ পৰা ৬০ টন সামগ্ৰী থাকে) লোড কৰা হৈছে। ২৫ মাৰ্চৰ পৰা ১৭ এপ্ৰিল, ২০২০ ৰ লকডাউনৰ সময়ছোৱাত ১৫০০ ৰো অধিক ৰেক আৰু ৪.২ মিলিয়ন টনতকৈও অধিক খাদ্যসামগ্ৰী লোড কৰিছে ৰে’ল বিভাগে।

এই পদক্ষেপ তথা প্ৰয়াস এইবাবেই কৰা হৈছে, যাতে উদ্যানশস্য যেনে খাদ্য সামগ্ৰী সঠিকসমনয়ত সংগ্ৰহ কৰিব পাৰি আৰু লকডাউনৰ সময়তো সমগ্ৰ দেশজুৰি সময়মতে যোগান অব্যাহত ৰাখিব পাৰি। খাদ্য সামগ্ৰীৰ লোডিংৰ ক্ষেত্ৰত কৃষি মন্ত্ৰালয়ৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে কাম কৰা হৈছে। উল্লেখ্য যে সৰ্বাত্মক ৰূপত মাহজাতীয় শস্যৰ যোগান নিশ্চিত কৰিবৰ বাবে CONCOR এও NAFED ৰ সৈতে ঘনিষ্ঠতাৰে কাম কৰিছে।

ভাৰতীয় ৰে’লৱেই শাক-পাচলি, ফল-মূল, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী আৰু কৃষিকাৰ্যৰ উদ্দেশ্যে বীজকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহনৰ উদ্দেশ্যে বিশেষ মালবাহী ৰে’ল চলাচল কৰিবলৈ ৬৫ টা ৰে’লপথ চিনাক্ত কৰিছিল। অৱশ্যে ১৭ এপ্ৰিললৈ ৬৬ টা ৰে’লপথ চিনাক্ত কৰা হৈছে আৰু সময়সূচী অনুসৰি এই ৰে’লপথেৰে এইসমূহ মালবাহী ৰে’লে পৰিবহন অব্যাহত ৰাখিছে। আনকি কম চাহিদা থকা ৰে’লপথেৰেও ৰে’ল চলোৱা হৈছে, যাতে দেশৰ কোনো প্ৰান্ত অসংযোজিত হৈ নাথাকে। সাম্ভাৱ্য সকলো স্থানতেই ষ্টপেজ প্ৰদান কৰা হৈছে এই ৰে’লবোৰৰ বাবে, যাতে পাৰ্চেলৰ ক্লীয়াৰেন্স সৰ্বাধিক সম্ভৱপৰ হয়।

****

SG/MKV/RD



(Release ID: 1616052) Visitor Counter : 145