PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 16 APR 2020 7:02PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

আজি পৰ্যন্ত দেশত ভিড-১৯ৰ ১২,৩৮০টা নিশ্চিত পৰিঘটনা আৰু ৪১৪টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ১৪৮৯ জন ব্যক্তি আৰোগ্য হৈছে৷ ভাৰতত ভিড-১৯ৰ মৃত্যুৰ পৰিঘটনাৰ হাৰ (চিএফআৰ) .% আৰোগ্য হোৱা ৰোগৰ পৰিমাণ ১২.০২%৷এই পৰ্যন্ত ৩২৫খন জিলাই কোনো পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ বাবে শেহতীয়া প্ৰাদুৰ্ভাৱৰ সময়ত অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা যোগানৰ বাবে এক বিশদ নিৰ্দেশনাৱলীও মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

স্বাস্থ্য আৰু যানবাহন (তৃতীয় পক্ষ)বীমা পলিচীৰ গৰাকীসকলে প্ৰিমিয়াম পৰিশোধ কৰিবলৈ সমস্যাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত পলিচীৰ গৰাকীসকলক প্ৰিমিয়াম পৰিশোধ কৰাৰ বাবে ১৫ মে’লৈ সময় বৃদ্ধি কৰিছে

ভিড-১৯ৰ লকডাউনৰ সময়চোৱাত স্বাস্থ্য আৰু যানবাহন (তৃতীয় পক্ষ)বীমা পলিচীৰ গৰাকীসকলে প্ৰিমিয়াম পৰিশোধ কৰিবলৈ সমস্যাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে এক জাননীৰ জৰিয়তে পলিচীৰ গৰাকীসকলক প্ৰিমিয়াম পৰিশোধ কৰাৰ বাবে ১৫ মেলৈ সময় বৃদ্ধি কৰিছে৷ ইয়াৰ জৰিয়তে অনুগৃহীত সময়ছোৱাত ধাৰাবাহিক ভাৰ আৰু জটিলতাবিহীন দাবী পৰিশোধৰ নিশ্চিতি প্ৰদান ব৷

অধিক বিৱৰণৰ বাবে

দ্বিতীয় জি-২০ বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় চেণ্ট্ৰেল বেংক গৱৰ্ণৰছ বৈঠকত অংশ লে শ্ৰীমতী নিৰ্মলা সীতাৰমণে

আজিৰ বাৰ্তালাপত বিত্তমন্ত্ৰীগৰাকীয়ে বহমক্ষম ব্যৱস্থাৰ বাবে সমষ্টিগত অৰ্থনীতিৰ সুস্থিৰতা বজাই ৰখাকৈ জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ সুৰক্ষাৰ দিশত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় চেণ্ট্ৰেল বেংক গৱৰ্ণৰছৰ ভূমিকা সন্দৰ্ভত কয়৷ তেওঁ জি-২০ বিত্তমন্ত্ৰীসকলক ভাৰত চৰকাৰে সুকলমে নিৰ্দিষ্ট সময়ত অনগ্ৰসৰ লোকসকলক প্ৰদান কৰা সহায়ৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ সন্দৰ্ভত অৱগত কৰে৷ তেওঁ লগতে কয় যে ৰাজহুৱা স্থানত জনসমাগত হ্ৰাস কৰাৰ লক্ষ্যৰে ডিজিটেল প্ৰযুক্তিৰ সহায়ত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভাৰতে দেশত ৩২০ নিযুটতকৈ অধিক লোকক আৰ্থিক সাহায্য প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

কম সময়ৰ ভিতৰত ঔষধ উপলব্ধ/উৎপাদন কৰিবৰ বাবে এনভাইৰণমেন্ট ইম্পেক্ট এচেচমেন্ট টিফিকেশ্যন ২০০৬ত গুৰুত্বপূৰ্ণ সংশোধন

ভিড-১৯ প্ৰাদুৰ্ভাৱত সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতিত কম সময়ৰ ভিতৰত ঔষধ উপলব্ধ তথা উৎপাদন কৰিবৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২৭ মাৰ্চ ২০২০ তাৰিখে এনভাইৰণমেন্ট ইম্পেক্ট এচেচমেন্ট টিফিকেশ্যন ২০০৬ গুৰুত্বপূৰ্ণ সংশোধন কৰিছে। বৃহৎ পৰিমাণত ঔষধ উৎপাদন কৰিবৰ বাবে চলি থকা প্ৰকল্পসমূহকবিভাগৰ পৰাবি২বিভাগলৈ নতুনকৈ ভাগ কৰা হ’ল।

অধিক বিৱৰণৰ বাবে

‘‘আমি এই ভাইৰাছবিধক প্ৰতিহত কৰিব পাৰিম আৰু কৰিমেই’’-ডাঃ হৰ্ষৱৰ্ধন

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষৱৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ জ্যেষ্ঠ বিষয়া আৰু ক্ষেত্ৰীয় বিষয়া তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য প্ৰাধিকৰণৰ সৈতে ভাৰতত ক’ভিড-১৯ক পৰাভূত কৰিবলৈ বিভিন্ন উপায়সমূহৰ বিষয়ে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

১৫.০৫.২০২০ তাৰিখলৈ বৃদ্ধি কৰা হ’ল বেতন মাহ মাৰ্চ ২০২০ৰ বাবে ইলেক্ট্ৰ’নিক চালান কাম ৰিটাৰ্ণ (ইচিআৰ)ৰ জমা কৰাৰ সময়সীমা

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বেতন মাহ মাৰ্চ ২০২০ৰ বাবে ইলেক্ট্ৰ’নিক চালান কাম ৰিটাৰ্ণ (ইচিআৰ) দাখিলৰ তাৰিখ ১৫.০৫.২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ প্ৰতিহত কৰিবলৈ কেণ্টনমেণ্ট ৰ্ডৰ প্ৰস্তুতি-পদক্ষেপৰ পৰ্যালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

ৰোনা ভাইৰাছ (ভিড-১৯) সংক্ৰমণ ৰোধ কৰিবৰ বাবে সমগ্ৰ দেশতে থকা ৬২ টা কেণ্টনমেণ্ট ৰ্ডে চলোৱা প্ৰস্তুতি-পদক্ষেপৰ বিতং পৰ্যালোচনা কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শ্ৰী ৰাজনাথ সিঙে কয় যে এই কেণ্টনমেণ্ট বৰ্ডসমূহে ছেনিটেশ্যন আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সৰ্বোচ্চ মানদণ্ড নিশ্চিত কৰাৰ বাবে অধিক গুৰুত্ব আৰোপ কৰিব লাগে, বিশেষকৈ যথেষ্ট পৰিমাণৰ জনসাধাৰণ থকা এলেকাবোৰত। দিনহাজিৰা কৰা আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে খাদ্য আৰু আশ্ৰয়স্থল যোগাৰ কৰি দিয়াৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা দৰকাৰ বুলিও কয় মন্ত্ৰী সিঙে।

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰীয় খাৰিফ শস্য ২০২০ৰ সন্মিলনত সভাপতিত্ব কৰিলে কৃষি মন্ত্ৰীয়ে

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে সকলো ৰাজ্যই খাৰিফ শস্যৰ লক্ষ্য নিৰ্ধাৰণ কৰি অভিযান ভিত্তিত কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ দিশত আগবাঢ়িব লাগে৷

অধিক বিৱৰণৰ বাবে

কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগে কৃষি আৰু ইয়াৰ সম্বন্ধীয় ক্ষেত্ৰসমূহৰ বাবে লকডাউনৰ সময়ছোৱাত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শেহতীয় তথ্য

সদৌ ভাৰতীয় কৃষি সামগ্ৰী পৰিবহণ কল চেণ্টাৰ মুকলি কৰা হৈছে; পিএমএফবিৱাই বীমাৰ অধীনত ১২খন ৰাজ্যলৈ ২৪২৪ কোটি টকা বিতৰণ কৰা হৈছে; কেচিচি সংপৃক্তকৰণ অভিযানৰ অধীনত ১৭,৮০০ কোটি টকাৰ ঋণৰ পৰিমাণৰ বাবে ১৮.২৬ লাখ আবেদনৰ অনুমোদন জনোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ মহামাৰীৰ সময়চোৱাত দেশৰ কৃষকসমাজক পৰ্যাপ্ত পৰিমাণে সাৰ যোগানৰ নিশ্চিতি প্ৰদান কৰাৰ লক্ষ্যৰে সাৰৰ উত্পাদন, প্ৰচালন আৰু পৰ্যাপ্ততা সম্পৰ্কীয় গতি-বিধি নিৰীক্ষণ কৰিছে সাৰ বিভাগে

ভিড-১৯ মহামাৰীৰ প্ৰদুৰ্ভাৱে সৃষ্টি কৰা পৰিস্থিতিত দেশৰ কৃষকসমাজক পৰ্যাপ্ত পৰিমাণে সাৰ যোগানৰ নিশ্চিতি প্ৰদান কৰাৰ লক্ষ্যৰে সাৰৰ উত্পাদন, প্ৰচালন আৰু পৰ্যাপ্ততা সম্পৰ্কীয় গতি-বিধি তন্নতন্নকৈ নিৰীক্ষণ কৰিছে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া, বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী মনসুখ মাণ্ডভিয়া আৰু সাৰ বিভাগৰ সচিব শ্ৰী ছবিলেন্দ্ৰ ৰাউলে। শীৰ্ষ পৰ্যায়ৰ হস্তক্ষেপৰে বিভাগটোৱে দেশৰ প্ৰতিগৰাকী কৃষকক পৰ্যাপ্ত পৰিমাণে সাৰ যোগানৰ নিশ্চিতি প্ৰদান কৰিবলৈকে প্ৰয়াস কৰিছে৷

অধিক বিৱৰণ বাবে

পবিত্ৰ ৰমজান মাহত লকডাউন, সান্ধ্য আইন আৰু সমাজিক দূৰত্বৰ নিয়ম কঠোৰভাৱে পালন নিশ্চিত কৰিবলৈ ৩০ৰো অধিক ৰাজ্যিক ৱাকফ বৰ্ডৰ জেষ্ঠ বিষয়ববীয়াক নিৰ্দেশ দিয়ে মুখতাৰ আব্বাছ নাকভিয়ে

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদৰ অধ্যক্ষ শ্ৰী মুখতাৰ আব্বাছ নকভীয়ে আজি এক ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ৩০ৰো অধিক ৰাজ্যক ৱাকফ বৰ্ডৰ জেষ্ঠ বিষয়ববীয়াৰ সৈতে মতবিনিময়ত অংশ লয়৷ এই বৈঠকত তেওঁ অহা ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হবলগীয়া পবিত্ৰ ৰমজান মাহত লকডাউন, সান্ধ্য আইন আৰু সমাজিক দূৰত্বৰ নিয়ম কঠোৰভাৱে পালন নিশ্চিত কৰিবলৈ জেষ্ঠ বিষয়ববীয়াক নিৰ্দেশ দিয়ে৷

অধিক বিৱৰণৰ বাবে

পুছা প্ৰদুষণমু্ক্ত আৰু বীজানুনাশক সুৰংগ উদ্বোধন কৰিলে ৰাজ্যিক কৃষি মন্ত্ৰী কৈলাস চৌধুৰীয়ে

নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ, কৃষি অভিযান্তিক শাখা, আইচিএআৰে বিকাশ সাধন কৰা পুছা প্ৰদুষণবিৰোধী আৰু বীজানুনাশক এটা সুৰংগ আজি উদ্বোধন কৰে কৃষি আৰু কৃষক কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাস চৌধুৰীয়ে৷ এই উপলক্ষে ডিএআৰইৰ সচিব তথা আইচিএআৰৰ সঞ্চালক ড০ ত্ৰিলোচন মহাপাত্ৰ আৰু নতুন দিল্লীৰ আইচিএআৰ-আইএআৰআইৰ সঞ্চালক ড০ . কে. সিঙো উপস্থিত থাকে৷

অধিক বিৱৰণৰ বাবে

বিদ্যালয়সমূহৰ বাবে এনচিইআৰটিৰ বিকল্প শৈক্ষিক দিনপঞ্জী মুকলি কৰিলে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে

ক’ভিড-১৯ৰ বাবে ব্যাহত হোৱা শৈক্ষিক কাৰ্যকলাপসমূহৰ বাবে অভিভাৱক, শিক্ষকক সকাহ দিয়াৰ উদ্দেশ্যে এনচিইআৰটিৰ বাবে এক বিকল্প শৈক্ষিক দিনপঞ্জী মুকলি কৰা হয়৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি এআইচিটিই- শিক্ষাৰ্থীৰ সুৰক্ষা আৰু শৈক্ষিক কল্যাণ নিশ্চিত কৰিবলৈ মহাবিদ্যালয়, প্ৰতিষ্ঠানক নিৰ্দেশ দিছে; লকডাউনৰ সময়ছোৱাত শিক্ষাৰ্থীৰ পৰা মাচুল দাবী নকৰিবলৈ আহ্বান

ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে দেশত অহা ৩মেপৰ্যন্ত বাহাল থাকিবলগীয়া লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে শিক্ষাৰ্থীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ  আএইচিটিইক কেইটামান প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে৷ সেই অনুসৰি, এআইচিটিই- মহাবিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠানলৈ এলানি নিৰ্দেশ জাৰি কৰিছে আৰু দেশৰ সংকটৰ সময়ত শিক্ষাৰ্থীৰ সুৰক্ষা আৰু শৈক্ষিক কল্যাণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণ বাবে

লকডাউনৰ পিছত ৰীক্ষা সুচী ঘোষণা কৰিব এছএছচিয়ে

ৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ বাবে কৰ্মচাৰী বাছনি আয়োগে এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে৷ এই উপলক্ষে সামাজিক দুৰত্ব বজাই ৰখাকে ধৰি লকডাউনৰ নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হয় যে পৰীক্ষাৰ বাবে যিহেতু শিক্ষাৰ্থীসকল দেশৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া , সেয়েহে পৰীক্ষাৰ তাৰিখৰ সন্দৰ্ভত সময়ে সময়ে পৰ্যালোচনা কৰা ব৷ এই পৰীক্ষাসমূহৰ সংশোধিত সুচী আয়োগ তথা আঞ্চলিক আৰু উপ-শাখা কাৰ্যালয়ৰ ৱেবছাইটত জাননী আকাৰে প্ৰকাশ কৰা হ’ব৷ আয়োগে ঘোষণা কৰা পৰীক্ষাৰ বাৰ্ষিক দিনপঞ্জীৰো পৰ্যালোচনা কৰা হ’ব৷ উল্লেখ্য যে কৰ্মচাৰী বাছনি আয়োগৰ সকলো বিষয়া-কৰ্মচাৰীয়ে প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন পুঁজি(পিএম-কেয়াৰ্ছ পুঁজি)লৈ এদিনৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ বাবে ঘোষণা কৰা লকডাউনৰ সময়চোৱাত জ্যেষ্ঠ নাগৰিক আৰু তেওঁলোকৰ শুশ্ৰূষা কৰা লোকসকলৰ বাবে কেন্দ্ৰ চৰকাৰে পৰামৰ্শাৱলী জাৰি কৰিছে

অধিক বিৱৰণৰ বাবে

গ্ৰামাঞ্চলত ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দেশৰ সকলো প্ৰান্তৰ গাওঁ পঞ্চায়তৰ সক্ৰিয় অংশগ্ৰহণ

জিলা আৰু গাঁও পৰ্যায়ত বিভিন্ন কাৰ্যব্যৱস্থা যেনে ৰাজহুৱা স্থানসমূহৰ নিতৌ ছেনিটাইজেছন; নিঠৰুৱা আৰু প্ৰব্ৰজিত লোক সকলৰ বাবে আশ্ৰয় আৰু কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱস্থা; সুৰক্ষাত্মক গীয়েৰ প্ৰদান, ক্ষুধাৰ্তসকলক বিত্তীয় সাহায্য আৰু খাদ্যৰ ব্যৱস্থা তথা ৰোগবিধৰ বিষয়ে জন-সজাগতা প্ৰদান আদি পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে ক্ষেত্ৰভিত্তিক কৌশল আৰু সিদ্ধান্ত গ্ৰহণত সহায় কৰাৰ বাবে সংহত ভু-স্থানিক মঞ্চ গঠন

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে(ডিএছটি) ভিড-১৯ৰ প্ৰকোপৰ সময়ত সিদ্ধান্ত গ্ৰহণত সহায় কৰাৰ বাবে তথা আৰোগ্য লাভৰ সময়ত সামাজিক-আৰ্থিক প্ৰভাৱক নিয়ন্ত্ৰণ কৰাৰ বাবে ক্ষেত্ৰভিত্তিক কৌশল নিৰ্ধাৰণত সহযোগিতা কৰাৰ লক্ষ্যৰে ভু-স্থানিক ডাটাছেট, মানসম্পন্ন সেৱা আৰু বিশ্লেষণাত্মক উপাদানক একত্ৰীকৰণ কৰি এটা সংহত ভু-স্থানিক মঞ্চ গঠন কৰিছে৷

অধিক বিৱৰণৰ বাবে

ডিআৰডিই গোৱালিয়ৰ পৰা আইএনএমএএছ দিলীলৈ পিপিই পৰীক্ষণ সুবিধা স্থানান্তৰ কৰিলে ডিআৰডিঅ

ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই) আৰু মাস্ক সৰবৰাহ কৰাত হোৱা বিলম্ব দুৰ কৰাৰ লক্ষ্যৰে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(ডিআইডিঅ’) গোৱালিয়ৰস্থিত প্ৰতিৰক্ষা গৱেষণা উন্নয়ন প্ৰতিষ্ঠান(ডিআৰডিই) পৰা দিল্লীৰ নিউক্লিয়েৰ মেডিচিন এণ্ড এলায়েড ছায়েন্স ইনষ্টিটিউট(আইএনএমএএছ)লৈ ইয়াৰ পৰীক্ষণ সুবিধা স্থানান্তৰ কৰিছে৷

অধিক বিৱৰণৰ বাবে

‘‘দেখো আপনা দেশ’’ অধীনত পৰ্যটন মন্ত্ৰালয়ে আজি আয়োজন কৰিলে দ্বিতীয়টো ৱেবিনাৰ

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে শেহতীয়াকৈদেখো আপনা দেশ অধীনত এক ৱেবিনাৰ ছিৰিজৰ আয়োজন কৰি আছে ভাৰতৰ সমৃদ্ধি ইতিহাস ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ ৰোগীৰ চিকিৎসাত ব্যৱহৃত হৈছে পাৱাৰ চিপিএছইউ এনটিপিচিৰ ৪৫খন চিকিৎসালয়/স্বাস্থ্য কেন্দ্ৰ

ভিড-১৯ক প্ৰতিহত কৰিবলৈ এনটিপিচিয়ে ইতিমধ্যে তেওঁলোকৰ ৪৫খন চিকিৎসালয়/স্বাস্থ্য কেন্দ্ৰ আচুতীয়া ব্যৱস্থালৈ পৰিৱৰ্তিত কৰিছে আৰু যথাযোগ্য চিকিৎসক, স্বাস্থ্যকৰ্মী উপলব্ধ কৰোৱাইছে৷ ১৬৮খন আচুতীয়া বিচনা, অক্সিজেন যোগানেৰে সুসজ্বিত চিকিৎসালয়কেইখনত অতিৰিক্তভাৱেও প্ৰয়োজনভিত্তিত ১২২ খন বিচনা প্ৰস্তুত কৰি ৰখা হৈছে৷ তাৰোপৰি দিল্লী আৰু উৰিষ্যাৰ ৰাজ্য চৰকাৰক ভিড পৰিঘটনাসমূহ চম্ভালিবলৈ দুখন চিকিৎসালয় ব্যৱহাৰৰ বাবেও পিএছইউটোৱে প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

ঝুম মীটিং প্লেটফৰ্ম’- সুৰক্ষিত ব্যৱহাৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শাৱলী

ব্যক্তিগত পৰ্যায়তঝুম মীটিং প্লেটফৰ্মব্যৱহাৰ কৰোতাসকলৰ বাবে সুৰক্ষিত ৰূপত এই প্লেটফৰ্মৰ ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থচাইবাৰ ’-অৰ্ডিনেশ্যন চেণ্টাৰ’(CyCord)য়ে এক পৰামৰ্শাৱলী জাৰি কৰিছে সেই অনুসৰি কোনো পৰিস্থিতিতে এই প্লেটফৰ্ম চৰকাৰী বিষয়া-বৰ্গ, বিষয়া-কৰ্মচাৰী অথবা কোনোধৰণৰ চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰিব নোৱাৰিব৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশে পিএমজিকেএৱাইৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰায় ১২,৩৬১ মেট্ৰিকটন চাউল লাভ কৰিছে৷
  • অসমঃ গুৱাহাটী বিশ্ববিদ্যালয়ে লকডাউনৰ বাবে ক্ষতি হোৱাৰ পাঠদানসমূহ সমাপ্ত কৰিবলৈ আগন্তুক গ্ৰীষ্ম বন্ধ বাতিল কৰিছে৷
  • মণিপুৰঃ ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা ৩৭৭১ লোকক ২০০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা৷ প্ৰায় ১১,০০০ লোকে ২,৩ দিনৰ ভিতৰতে এই ধন লাভ কৰিব৷
  • নাগালেণ্ডঃ ৰাজ্য চৰকাৰে কৰ্মস্থলীত থাৰ্মেল স্ক্ৰীণিং আৰু ছেনিটাইজাৰৰ উপলব্ধ হোৱাটো বাধ্যতামূলক কৰিছে৷
  • ত্ৰিপুৰাঃ দ্বিতীয়জন ৰোগীৰ সংস্পৰ্শলৈ অহা মুঠ ১৬জন উচ্চ ক্ষতিশংকাযুক্ত লোকৰ ফলাফল ঋণাত্মক পোৱা গৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ ধনাত্মক পৰিঘটনাৰ সংখ্যা ৩,০০০ৰ অতিক্ৰম কৰিছে৷ আজি ১৬৫টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা ৩০৮১টা৷  
  • গুজৰাটঃ ১০৫টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনাৰ সংখ্যা ৮৭১টা৷ মৃত্যুৰ সংখ্যা ৩৬টা
  • ৰাজস্থানঃ ১৮টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ প্ৰতিবেদিত পৰিঘটনা ১,০২৩টা৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত মুঠ ক’ভিড-১৯ৰ পৰিঘটনা ৯৮০টা হৈছে৷
  • গোৱাঃ ৪ এপ্ৰিলৰ পৰা গোৱাত কোনো নতুন পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷ উত্তৰ গোৱাৰ ৭জনৰ বিতৰত পাঁচজন আৰোগ্য হৈছে আৰু দুজন চিকিৎসাধীন হৈ আছে৷
  • কেৰালাঃ ২০ এপ্ৰিলৰ পৰা ৰাজ্যখনত কৃষিখণ্ডত লকডাউনৰ পৰা শিথিলতা প্ৰদান কৰা হ’ব৷ কালি কেৱল ১টা পৰিঘটন প্ৰতিবেদিত হৈছে৷ ৩৮৭টা ধনাত্মক পৰিঘটনাৰ ২১৮জন আৰোগ্য হৈছে৷
  • তামিলনাডুঃ কালি ৩২জন ক’ভিড ৰোগীক তিৰুচীৰ চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে৷ মুঠ পৰিঘটনা ১২৪২টা, মৃত্যু ১২ আৰু মুকলি হৈছে ১১৮জন৷
  • কৰ্ণাটকঃ বেংগালোৰ মহানগৰীত বিবিএমপিয়ে স্বাস্থ্য সৰ্বেক্ষণ আৰম্ভ কৰিছে৷ আজি ৩৪টা নতুন পৰিঘটনা আৰু ১জনৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত মুঠ ধনাত্মক পৰিঘটনা ৩১৩টা; মৃত্যু ১৩; সক্ৰিয় পৰিঘটনা ১৮৭; আৰোগ্য হৈছে ৮০জন৷
  • অন্ধ্ৰ প্ৰদেশঃ আজি ৯টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনা ৫৩৪; মুকলি কৰি দিয়া হৈছে ২০; মৃত্যু ১৪; সক্ৰিয় পৰিঘটনা ৫০০টা৷
  • তেলেংগানাঃ তেলেংগানা উচ্চ ন্যায়ালয়ে লক্ষাধিক দুখীয় লোকক চাউল, ধন আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিবলৈ সমৰ্থ হ’ব নে নাই সেই সন্দৰ্ভত ৰাজ্যক উত্তৰ প্ৰদান কৰিবলৈ ৫ দিনৰ সময় প্ৰদান কৰিছে৷ স্বাস্থ্যকৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চ ন্যায়ালৰ নিৰ্দেশ৷ এই পৰ্যন্ত মুঠ ধনাত্মক পৰিঘটনা ৬৫০; সক্ৰিয়া পৰিঘটনা ৫১৪; মৃত্যু ১৮, মুকলি কৰি দিয়া হৈছে ১১৮জনক৷
  • জম্মু আৰু কাশ্মীৰঃ  ১৪টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ ধনাত্মক পৰিঘটনাৰ সংখ্যা ৩১৪জন৷

#ক’ভিড-১৯ৰ ফেক্ট চেক



(Release ID: 1615165) Visitor Counter : 300