সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়
পবিত্ৰ ৰমজান মাহত লকডাউন, সান্ধ্য আইন আৰু সমাজিক দূৰত্বৰ নিয়ম কঠোৰভাৱে পালন নিশ্চিত কৰিবলৈ ৩০ৰো অধিক ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ জেষ্ঠ বিষয়ববীয়াক নিৰ্দেশ দিয়ে মুখতাৰ আব্বাছ নকভীয়ে
ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে ৩০ৰো অধিক ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ জেষ্ঠ বিষয়ববীয়াৰ সৈতে মতবিনিময়
দেশৰ প্ৰায় ৭লাখ পঞ্জীভুক্ত মছজিদ, ইদগাহ, ইমামবাড়ে, দৰগাহ আৰু অন্যান্য ধৰ্মীয়, সামাজিক প্ৰতিষ্ঠান ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ অন্তৰ্ভুক্ত
মুখতাৰ আব্বাছ নকভী—সজাগতাৰ জৰিয়তে আমি কোৱাৰিণ্টেইন আৰু আইছ’লেচন কেন্দ্ৰৰ বিষয়ে উৰাবাতৰি আৰু ভুল তথ্য বিয়পোৱা ৰোধ কৰিব লাগিব
‘যিকোনো প্ৰকাৰৰ উৰা-বাতৰি, ভুল তথ্য আৰু ষড়যন্ত্ৰক পৰাভূত কৰি আমি ঐক্যবদ্ধভাৱে ক’ৰোনাৰ বিৰু্দ্ধে যুঁজত জয়ী হ’ব লাগিব’
পোষ্ট কৰা হৈছে:
16 APR 2020 2:03PM by PIB Guwahati
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা আৰু কেন্দ্ৰীয় ৱাকফ পৰিষদৰ অধ্যক্ষ শ্ৰী মুখতাৰ আব্বাছ নকভীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ৩০ৰো অধিক ৰাজ্যক ৱাকফ ব’ৰ্ডৰ জেষ্ঠ বিষয়ববীয়াৰ সৈতে মতবিনিময়ত অংশ লয়৷ এই বৈঠকত তেঁ অহা ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া পবিত্ৰ ৰমজান মাহত লকডাউন, সান্ধ্য আইন আৰু সমাজিক দূৰত্বৰ নিয়ম কঠোৰভাৱে পালন নিশ্চিত কৰিবলৈ জেষ্ঠ বিষয়ববীয়াক নিৰ্দেশ দিয়ে৷
শ্ৰী নকভীয়ে ৰমজান মাহৰ সময়ছোৱাত ধৰ্মীয় প্ৰাৰ্থনা কৰিবলগীয়া ব্যক্তিসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে, যাতে সকলোৱে নিজৰ নিজৰ ঘৰৰ ভিতৰত থাকিয়ে প্ৰাৰ্থনা আগবঢ়ায়৷
উল্লেখ্য যে, দেশৰ প্ৰায় ৭লাখ পঞ্জীভুক্ত মছজিদ, ইদগাহ, ইমামবাড়ে, দৰগাহ আৰু অন্যান্য ধৰ্মীয়, সামাজিক প্ৰতিষ্ঠান ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ অন্তৰ্ভুক্ত৷ কেন্দ্ৰীয় ৱাকফ পৰিষদ হ’ল ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ অভিভাৱক সংস্থা৷
বৈঠকত শ্ৰী নকভীয়ে কয় যে আমি সকলোৱে স্বাস্থ্য কৰ্মী, সুৰক্ষা বাহিনী, প্ৰশাসনিক বিষয়া, চাফাই কৰ্মীসকলক সহযোগিতা আগবঢ়োৱা উচিত৷ তেওঁলোকে এই মহামাৰীৰ সময়ত নিজৰ জীৱনক তুচ্ছ কৰি আমাৰ সুৰক্ষাৰ বাবে কাম কৰি আছে৷ সজাগতাৰ জৰিয়তে আমি কোৱাৰিণ্টেইন আৰু আইছ’লেচন কেন্দ্ৰৰ বিষয়ে উৰাবাতৰি আৰু ভুল তথ্য বিয়পোৱা কাৰ্য ৰোধ কৰিব লাগিব৷ এই কেন্দ্ৰসমূহ কেৱল ক’ৰোনা ভাইৰাছৰ পৰা জনসাধাৰণক উদ্ধাৰৰ বাবে বা তেওঁলোকৰ পৰিয়ালৰ লোকৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা হৈছে৷
শ্ৰী নকভীয়ে সকলো ৰাজ্যিক ৱাকফ ব’ৰ্ড, ধৰ্মীয় আৰু সামাজিক সংগঠনক কয় যে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা যিকোনো উৰা-বাতৰি আৰু চক্ৰান্তৰ পৰা আমি সজাগ থকা উচিত৷ চৰকাৰে বৈষম্যহীনভাৱে সকলো নাগৰিকৰ সুৰক্ষা আৰু ভালৰ বাবে কাম কৰি আছে৷ যিকোনো প্ৰকাৰৰ উৰা-বাতৰি আৰু চক্ৰান্তই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আমাৰ যুঁজত দূৰ্বল কৰে৷ এইধৰণৰ উৰা-বাতৰি, বিভ্ৰান্তি আৰু ষড়যন্ত্ৰক পৰাভূত কৰি আমি ঐক্যবদ্ধভাৱে ক’ৰোনাৰ বিৰু্দ্ধে যুঁজত জয়ী হ’ব লাগিব৷
শ্ৰী নকভীয়ে সকলো ৰাজ্যক ৱাকফ ব’ৰ্ডৰ বিষয়াসকলক সক্ৰিয় আৰু কাৰ্যকৰী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়, যাতে সকলো লোকে লকডাউন আৰু সামাজিক দূৰত্বৰ নিয়ম পালন কৰাটো নিশ্চিত হয়৷ পবিত্ৰ ৰমজান মাহত ঘৰৰ ভিতৰত থাকি ধৰ্মীয় দায়িত্ব পালন কৰিবলৈ তেওঁ সকলোকে অনুৰোধ জনায়৷ মন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোনা মহামাৰীৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দেশত সকলো ধৰ্মীয়-সামাজিক কাৰ্যসূচী আৰু মঠ-মন্দিৰ, গুৰুদ্বাৰ, গীৰ্জাঘৰ তথা অন্যান্য ধৰ্মীয় আৰু সামাজিক স্থানত জনসমাগম নিষিদ্ধ কৰা হৈছে৷ ঠিক একেদৰে, সকলো মছজিদ আৰু অন্যান্য মুছলিম ধৰ্মীয় স্থানতো জনসমাগম বন্ধ কৰা হৈছে৷
উত্তৰ প্ৰদেশ(ছিয়া আৰু ছুন্নী), অন্ধ্ৰ প্ৰদেশ, বিহাৰ(ছিয়া আৰু ছুন্নী), দাদৰ আৰু নগৰ হাভেলী, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, পঞ্জাব, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ, অসম, মণিপুৰ, ৰাজস্থান, তেলেংগনা, দিল্লী, চট্টীশগড়, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, উৰিষ্যা, পুডুচেৰী, তামিলনাডু, ত্ৰিপুৰা, উত্তৰাখণ্ড আদিৰ দৰে ৰাজ্যিক ৱাকফ ব’ৰ্ডে ভিডিঅ’ কনফাৰেন্সত অংশ লয়৷
***
KGS/MS
(ৰিলিজ আই ডি : 1615109)
অতিথি কক্ষ : 328
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam