PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 14 APR 2020 7:07PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

কালিৰে পৰা দেশত ক’ভিড-১৯ৰ ১২১১টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে আৰু ৩১জনৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷৷ ১০৩৬জন লোক আৰোগ্য হৈ মুকলি হৈছে৷ এই পৰ্যন্ত মুঠ ৬০২খন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয়ত ১,০৬,৭১৯খন আইচ’লেচন বিচনা আৰু ১২,০২৪খন আইচিইউ বিচনা প্ৰস্তুত কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে ৩ মে’লৈ ৰাষ্ট্ৰজোৰা লকডাউন সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে

প্ৰধানমন্ত্ৰীয়ে আজি ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধৰ বিষয়ে ভাষণ প্ৰদান কৰে৷ তেওঁ ৩ মে’লৈ ৰাষ্ট্ৰজোৰা লকডাউন সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে আৰু ২০ এপ্ৰিলৰ পৰা বিপদৰ কম সম্ভাৱনা থকা স্থানসমূহত লকডাউন শিথিল কৰাৰ বিষয়েও উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে উচ্চ ক্ষতিশংকাযুক্ত স্থান তথা হটস্পটসমূহক নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰা হ’ব৷ বয়স্কসকলৰ শুশ্ৰূষা তথা সামাজিক ব্যৱধান বৰ্তাই ৰখাকে ধৰি তেওঁ সাতটা বিশেষ পদক্ষেপ পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে লকডাউনৰ পৰা উপকৃত হৈছে৷ তেওঁ কয় যে ইয়াৰ দ্বাৰা অৰ্থনীতিয়ে বিপৰ্যয়ৰ সন্মুখীন হ’লেও দেশবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ এয়াই একমাত্ৰ পথ৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে লকডাউনৰ পৰিপ্ৰেক্ষিতত ৩মে’ পৰ্যন্ত বাতিল কৰা হৈছে সকলো যাত্ৰীবাহী ৰে’ল

পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱা পৰ্যন্ত ইউটিএছ আৰু পিআৰএছকে ধৰি বুকিঙৰ বাবে সকলো টিকেট কাউণ্টাৰৰ কাৰ্যব্যৱস্থা বাতিল কৰা হৈছে৷ পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত ৰে’লৰ টিকেটৰ অগ্ৰীম সংৰক্ষণ, ই-টিকেট আদি বাতিল কৰা হৈছে৷ কিন্তু অনলাইন বাতিলকৰণৰ সুবিধা বাহাল থাকিব৷ বাতিল হোৱা ৰে’লৰ টিকেটৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব৷ এতিয়ালৈ বাতিল নোহোৱা ৰে’লৰ অগ্ৰীম টিকেটৰ বাতিলৰো সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব৷

অধিক বিৱৰণৰ বাবে

৩ মে’ তাৰিখলৈ লকডাউন বৃদ্ধি কৰা সিদ্ধান্তৰ জৰিয়তে জনসাধাৰণৰ জীৱন সুৰক্ষিত হ’বঃ শ্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰধানমন্ত্ৰীয়ে লকডাউন বৃদ্ধি কৰা সিদ্ধান্তক আদৰণি জনাই কয় যে ইয়াক জৰিয়তে ভাৰতৰ জনসাধাৰণৰ জীৱন সুৰক্ষিত হ’ব৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত এফচিআইয়ে ২০ দিনত পৰিবাহিত কৰিছে ১,০০০ ৰে’লৰ সামগ্ৰী

ভাৰতীয় খাদ্য নিগমে ১,০০০ত কৈও অধিক ৰে’লৰ ৰে’কত ২৪.০৩.২০২০ তাৰিখৰ পৰা প্ৰায় ৩ মিলিয়ন মেট্ৰিক টন খাদ্য সামগ্ৰী কঢ়িয়াইছে৷ সেই একে সময়ছোৱাতে ৯৫০ ৰে’ক আনলোডো কৰা হৈছে৷ গড় হিচাপত এফচিআইয়ে প্ৰতিদিনে লকডাউন আৰম্ভ হোৱাৰে পৰা প্ৰায় ৩ লাখ মেট্ৰিক টন সামগ্ৰী লোড-আনলোড কৰিছে যি সাধাৰণ দিনৰ তুলনাত প্ৰায় দুগুণ৷

অধিক বিৱৰণৰ বাবে

কৰ্মীসকলৰ বেতন সম্বন্ধীয় অভিযোগ নিষ্পত্তিত বাবে স্থাপন কৰা হৈছে ২০টা নিয়ন্ত্ৰণ কক্ষ

শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়ে ক’ভিড-১৯ৰ ফলত উদ্ভাসিত হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে মুখ্য শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ অধীনত সমগ্ৰ ভাৰততে ২০টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷

অধিক বিৱৰণৰ বাবে                                                        

ইএছআইচিয়ে সম্প্ৰসাৰিত কৰিছে ইএছআই জমাৰ ফাইলিঙৰ সময়সীমা

দেশে ক’ভিড-১৯ৰ সংকটৰ মাজেৰে অতিক্ৰম কৰিবলগীয়া হেতুকে বিভিন্ন প্ৰতিষ্ঠানে তেওঁলোকৰ কাম সাময়িকভাৱে বন্ধ ৰাখিছে আৰু কৰ্মচাৰীসকলে কাম কৰিবলৈ অসমৰ্থ হৈছে৷ প্ৰতিষ্ঠানসমূহক সকাহ প্ৰদান কৰিবলৈ ইএছআইচিয়ে বিভিন্ন সাহায্যমূলক পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ লকডাউনৰ পিছত প্ৰতিষ্ঠানসমূহক কাম পুনৰ আৰম্ভ কৰাৰ বাবে চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি ঔদ্যোগিক প্ৰতিনিধিক শ্ৰী গাডকাৰীৰ আশ্বাস প্ৰদান

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ তথা এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰতিষ্ঠানসমূহক নিজৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় প্ৰশাসনীয় ন্যায়পীঠৰ তৰফৰ পৰা সংবাদ বিবৃতি

অধিক বিৱণৰ বাবে

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে ক’ভিড-১৯ৰ পৰা ৰাষ্ট্ৰক সহায় কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ

এমএছডিই দক্ষতা পৰিবেশতন্ত্ৰৰ অধীনত ৰাজ্যসমূহৰ বাবে প্ৰশিক্ষিত কৰা হৈছে ,৭৫,০০০ স্বাস্থ্যকৰ্মী৷ কোৱাৰেণ্টাইন কেন্দ্ৰ/আইচলেচন ৱাৰ্ডসমূহৰ বাবে ৩৩টা ক্ষেত্ৰীয় প্ৰতিষ্ঠানক সুবিধা প্ৰদান কৰিছে ৰাজ্যই৷ জন শিক্ষা সংস্থাসমূহে প্ৰস্তুত কৰিছে প্ৰায় লাখ মাস্ক৷ লডডাউনৰ সময়ছোৱাত শিক্ষানবিচসকলক সম্পূৰ্ণ ভাট্টা দিবলৈ প্ৰতিষ্ঠানসমূহক নিৰ্দেশ৷

অধিক বিৱৰণৰ বাবে

চৰকাৰে চলিত ক’ভিড-১৯ৰ সংকটৰ পিছত কৃষি খণ্ডৰ ৰপ্তানিৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে উল্লেখ কৰিছে

কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ সচিবে এক ভিডিঅ’ কনফাৰেন্সত কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰত ৰপ্তানিকাৰীসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে তথা এই সমস্যাসমূহৰ তৎকালীন সমাধানৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত বায়ু পৰিচালনাৰ সমৰ্থনৰ বাবে চৌবিশ ঘণ্টাই বিশাখাপট্টনম বিমানক্ষেত্ৰ কাৰ্যকৰী ৰাখিবলৈ নিশ্চিতি প্ৰদান কৰিছে ভাৰতীয় নৌ সেনাবাহিনীয়ে

ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ইষ্টাৰ্ণ নেভেল কমাণ্ডৰ আইএনএছ ডেগাই বিশাখাপট্টনমৰ বায়ুক্ষেত্ৰ চৌবিশ ঘণ্টাই মুকলি ৰখাত নিশ্চিতি প্ৰদান কৰিছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত আইচিএআৰ কাৰ্যকলাপ পুনৰীক্ষণ কৰিছে কৃষি মন্ত্ৰীয়ে

ক’ভিড-১৯ আৰু ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত সমস্যাৰ সন্মুখীন হোৱা কৃষকসকলক সহায় কৰাৰ বাবে ভাৰতীয় কৃষি গৱেষণা ব’ৰ্ডৰ কাৰ্যকলাপসমূহ পুনৰীক্ষণ কৰে শ্ৰী নৰেন্দ্ৰ সিং টোমৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে চলিত লকডাউনৰ পৰিপ্ৰেক্ষিতত পাইকাৰী বজাৰত ভিৰ কম কৰিবলৈ তথা ই-নামৰ অধীনত যোগান শৃংখল বৰ্তাই ৰাখিবলৈ গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপঃ শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান অতিৰিক্তভাৱে ৪১৫খন মণ্ডী সংযুক্ত কৰিবলৈ ই-নাম সম্প্ৰসাৰিত কৰাৰ ফলত অতিশীঘ্ৰেই ই-নাম মণ্ডীৰ সংখ্যা ১০০০ হ’ব৷ ভাৰতত কৃষি বজাৰত অনলাইন প্লেটফ’ৰ্মে ব্যাপক সংস্কাৰ সাধন কৰিব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে ১.৬৬ কোটিত কৈও অধিক কৃষক আৰু ১.২৮ লাখ ব্যৱসায়ী ই-নাম প্লেটফ’ৰ্মত পঞ্জীকৃত হৈ আছে৷ কৃষকসকলে ই-নাম প’ৰ্টেলত বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰে আৰু তেওঁলোকে নিজৰ সামগ্ৰী অনলাইনত বিক্ৰী কৰাৰ বাবে আপলোড কৰিব পাৰে যাতে সকলো ই-নাম মণ্ডীৰ ব্যৱসায়ীসকলে যিকোনো স্থানৰ পৰা নিলাম কৰিব পাৰে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত ক্ষেত্ৰপৰ্যায়ত কৃষক আৰু কৃষিকাৰ্যত সহায় কৰিবলৈ গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ

.৩১ কোটি কৃষক পৰিয়াললৈ প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত ১৬,৬২১ কোটি টকা মুকলি৷ PM-GKY আঁচনিৰ অধীনত ৰাজ্য/কেন্দ্ৰ শাসিত অঞ্চলত বিতৰণ কৰিবলৈ ,৯৮৫ মেট্ৰিক টন মাহজাতীয় শস্য আবণ্টন৷

অধিক বিৱৰণৰ বাবে

ঔষধ আৰু ফাৰ্মা উদ্যোগৰ প্ৰতিনিধি আৰু তেওঁলোকৰ সংস্থাৰে সৈতে কেন্দ্ৰীয় ফাৰ্মা সচিবৰ ভিডিঅকনফাৰেন্স

ভাৰতীয় ফাৰ্মা উদ্যোগে ঘৰুৱা চাহিদা আৰু ৰপ্তানিৰ বাবে যথেষ্ট পৰিমাণত অত্যাৱশ্যকীয় ঔষধ, বিশেষকৈ এইচ চি কিউ মজুত ৰাখিব পৰাকৈ উৎপাদন কৰি আছে বিভাগটোৱে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰশাসনৰ সহযোগিতাত সমগ্ৰ দেশতে উৎপাদিত সামগ্ৰীৰ যোগান দিয়াৰ আশ্বাস দিছে ঔষধ আৰু ফাৰ্মা উদ্যোগৰ ব্যৱস্থাপনাৰ পৰ্যালোচনাৰ বাবে ফাৰ্মাচিউটিকেল বিভাগৰ সচিব ড০ পি ডি ৱাঘেলাৰ সভাপতিত্বত অনুষ্ঠিত ভিডিঅ কনফাৰেন্সত ফাৰ্মাচিউটিকেল আৰু চিকিৎসা সামগ্ৰীৰ উদ্যোগৰ সমস্যাসমূহ পুনৰীক্ষণ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

স্পীড ষ্টৰ জৰিয়তে ঔষধ বিতৰণ

লকডাউনৰ সময়ছোৱাত স্পীড ষ্টৰ জৰিয়তে ঔষধৰ বিতৰণ কৰাৰ ওপৰত সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ যোগাযোগ, আইন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ডাক বিভাগৰ সচিবক নিৰ্দেশ দিছে৷ তেওঁ লগতে ডাক বিভাগক সকলো কৰ্মচাৰীক স্বচ্ছতা বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে, যাতে লকডাউনৰ সময়ছোৱাত কোনেও ঔষধ গ্ৰহণ কৰোতে অথবা প্ৰেৰণ কৰোতে কোনো সমস্যাৰ সন্মুখীন নহয়৷

অধিক বিৱৰণৰ বাবে

লক ডাউন সময়চোৱাত খাদ্য-সামগ্ৰীৰ বিতৰণ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ পৰা খতিয়ান লে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানে

দুৰ্যোগৰ এই সময়ত ক’লা-বজাৰ ৰোধ কৰাৰ লগতে খাদ্য সামগ্ৰীৰ উচিত মূল্য নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য-কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনক নিৰ্দেশ৷১৫এপ্ৰিল, ২০২০ৰ পৰা ‘আৰএমএছ ২০২০-২১ৰ বাবে ঘেঁহু সংগ্ৰহ কাৰ্য-ক্ৰমৰ শুভাৰম্ভ৷

অধিক বিৱৰণৰ বাবে

উদ্যোগ আইন, ২০১৩ৰ অধীনত উদ্যোগসমূহৰ দ্বাৰা সাধাৰণ আৰু বিশেষ প্ৰস্তাৱসমূহৰ গৃহীতকৰণৰ স্পষ্টীকৰণ আৰু ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা শংকাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি কৰা নিয়মাৱলীসমূহ

অধিক বিৱৰণৰ বাবে

ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ে ঘন জনবসতিপূৰ্ণ এলেকাসমূহত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে মুকলি কৰিলে সৰল নিৰ্দেশনাৱলী

নিৰ্দেশনাৱলীত হেণ্ড ৱাশ্বিং ষ্টেচন স্থাপন কৰাৰ বাবে প্ৰস্তাৱনা প্ৰদান কৰা হৈছে৷ পিএছএৰ কাৰ্যালয়ত এটা দলৰ দ্বাৰা প্ৰদান কৰা মেনুৱেলত এয়া কোৱা হৈছে যে কিদৰে মিতব্যয়ী কিন্তু কাৰ্যকৰী প্ৰভাৱী উপকৰণে ইতিবাচক প্ৰভাৱ প্ৰদৰ্শিত কৰিব পাৰে৷ প্ৰস্তাৱিত উপায়সমূহৰ প্ৰধান লক্ষ্য হ’ল অনাময় আৰু স্বাস্থ্যবিধিমূলক অভ্যাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আৰু মূল হস্তক্ষেপসমূহৰ পৰামৰ্শ প্ৰদান কৰা৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ নমুনা সংগ্ৰহৰ বাবে কিঅ’স্ক বিকশিত কৰিছে ডিআৰডিঅ’ই

হায়দৰাবাদৰ ৰাজ্যিক কৰ্মচাৰী বীমা নিগমৰ চিকিৎসকসকলৰ সহযোগত এই ইউনিটটো বিকশিত কৰিছে ডিআৰডিএলে৷ ইয়াৰ জৰিয়তে সন্দেহযুক্ত ৰোগীৰ নমুনা সংগ্ৰহ কৰে স্বাস্থ্যকৰ্মীসকলে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ গাঁও পঞ্চায়তসমূহে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ

ৱেবছাইট, ছ’চিয়েল মিডিয়া, পোষ্টাৰ আৰু দেৱাল লিখন, বীজাণুনাশক ছটিওৱা, গাওঁবাসীক স্থানীয়ভাৱে নিৰ্মিত সুৰক্ষাত্মক গীয়েৰ প্ৰদান, বিনামূলীয়া খাদ্য বিতৰণ, আৰ্থিক সাহায্য প্ৰদান আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

অধিক তথ্যৰ বাবে

ক’ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰিবলৈ পিচিএমচিৰ কৌশল আৰু সমাধান

পিচিএমচিয়ে আৱৰ্জনা ব্যৱস্থাপনা আৰু অনাময় সেৱাৰ ক্ষেত্ৰত অতুলনীয় উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ফিট ইণ্ডিয়া আৰু চিবিএছইয়ে বিদ্যাৰ্থীসকলৰ বাবে প্ৰস্তুত কৰিছে ফিটনেছ পাঠ্যক্ৰম

লকডাউনৰ সময়ছোৱাত স্কুলীয়া শিক্ষাৰ্থীসকলক বাবে ফিট ইণ্ডিয়া আৰু চিবিএছইয়ে ফিটনেছ পাঠ্যক্ৰম আৰম্ভ কৰিব৷ তাৰোপৰি আয়ুস মন্ত্ৰালয়ৰ নিৰ্দেশনাৱলীও শিক্ষাৰ্থীসকলৰ মাজত বিনিময় কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে 

মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ এনআইঅএছে কাৰ্যকৰী পাঠ্যক্ৰম নিশ্চিতিৰ বাবে গ্ৰহণ কৰিছে এক অনন্য পদ্ধতি

ভিড-১৯ৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ এনআইঅএছৰ উদ্ভাৱনসমূহ কেভিএছ, এনভিএছ আৰু চিবিএছই তথা এনচিইআৰটিৰৰ সহযোগত স্কাইপ আৰু স্বয়ম প্ৰভা ডিটিএইচ চেনেলৰ জৰিয়তে লাইভ সম্প্ৰচাৰ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

অস্ত্ৰ-শস্ত্ৰ কাৰখানা বোৰ্ডে আই এচ মানদণ্ডৰ তৃতীয় পৰ্যায়ৰ .১০ লাখ কভাৰল প্ৰস্তুত কৰিব

অস্ত্ৰ-শস্ত্ৰ কাৰখানা বোৰ্ডে আই এচ অ’ মানদণ্ডৰ তৃতীয় পৰ্যায়ৰ কভাৰল যোগান দিয়াৰ কাম আৰম্ভ কৰিছে। এইচ এল এল লাইফকেয়াৰ লিমিটেডৰ ১.১০ লাখৰ অৰ্ডাৰ তেওঁলোকে লাভ কৰিছে আৰু পূৰ্ণগতিত নিৰ্মাণৰ কাম চলি আছে। অহা ৪০ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

পৰ্যটন মন্ত্ৰালয়ে আজিৰে পৰা আৰম্ভ কৰিছেদেখো আপনা দেশৱেবইনাৰ ছিৰিজ

পৰ্যটন মন্ত্ৰালয়ে আজিৰে পৰা মুকলি কৰিছে ‘দেখো আপনা দেশ’ শীৰ্ষক এক ৱেবইনাৰ ছিৰিজ য’ত আমাৰ অতুলনীয় ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্য সুন্দৰভাৱে ডাঙি ধৰিছে৷

অধিক বিৱৰণৰ বাবে

কৃষকসকলৰ বাবে ইউৰিয়া সাৰ উপলব্ধ কৰিব এনএফএলে

ক’ভিড-১৯ৰ লকডাউনৰ সময়তো এনএফএলে কৃষকসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে সাৰৰ যোগান ধৰাটো নিশ্চিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ হলংগি চেক পোষ্টেৰে অবৈধভাৱে প্ৰৱেশ কৰা এজন ব্যক্তিক চিকিৎসা পৰীক্ষণলৈ নিয়া হয় আৰু পিছত কোৱাৰেণ্টাইন কৰা হয়৷
  • অসমঃ আইআইটি গুৱাহাটীৰ এটা দলে পিপিই কিটৰ বাবে এটা এণ্টিমাইক্ৰ’বায়েল স্প্ৰে’ভিত্তিক প্ৰলেপন বিকশিত কৰিছে৷
  • মণিপুৰঃ পিএমজিকেৱাইৰ অধীনত সকলো জিলাত চাউল বিতৰণৰ ব্যৱস্থা পুনৰীক্ষণ কৰিছে মুখ্যমন্ত্ৰীয়ে৷
  • মিজোৰামঃ আজি আইএএফ ডৰ্ণিয়াৰ বিমানৰ দ্বাৰা ৩২ কিলোগ্ৰাম আইচিএমআৰ পৰীক্ষণ কিট মিজোৰাম আহি পাইছে আৰু ইয়াক আইজলৰ জোৰাম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷
  • নাগালেণ্ডঃ বিৰোধী ৯টা দলৰ বিধায়কে নাগালেণ্ডৰ ক’ভিড-১৯ নিৰীক্ষণ দলত যোগদান কৰিছে৷ ৰাজ্য চৰকাৰে প্ৰথমজন ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলক অনুসৰণ কৰাৰ বাবে তেওঁৰ পৰিচয় ব্যক্ত কৰাটো আৱশ্যক আছিল বুলি স্পষ্ট কৰি দিয়ে৷
  • ছিক্কিমঃ চৰকাৰে ৩ মে’ ২০২০ তাৰিখলৈ লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, ২০ এপ্ৰিল ২০২০ৰ পিছত শিথিল কৰাৰ বিষয়ে বিবেচনা কৰা হ’ব৷
  • ত্ৰিপুৰাঃ লকডাউন প্ৰত্যাহাৰ হোৱাৰ পিছত চৰকাৰে কি কৰা উচিত, এইবিষয়ে জনসাধাৰণৰ পৰা ৬০০০টা পৰামৰ্শ লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে৷
  • কেৰালাঃ ৰাজ্যৰ বিত্তীয় সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰক আহ্বান৷ নতুন নিৰ্দেশনাৱলী প্ৰস্তুত নোহোৱা পৰ্যন্ত চলিত নিষেধাজ্ঞা বাহাল থাকিব৷ কালি সন্ধিয়ালৈ মুঠ আৰোগ্যৰ সংখ্যা ১৯৭; চিকিৎসা চলি আছে ১৭৮জনৰ; নিৰীক্ষণত আছে ১,১২,১৮৩ জন৷
  • তামিলনাডুঃ স্থানীয় জনসাধাৰণৰ প্ৰতিবাদৰ পিছত ক’ভিড আক্ৰান্ত নেল্ল’ৰৰ চিকিৎসকক চেন্নাইত সমাধিষ্ঠ কৰা হয়৷ বুধবাৰৰ পৰা আবাসীসকলৰ পৰীক্ষা আৰম্ভ কৰিব চেন্নাই প্ৰশাসনে৷ মাস্ক নিপিন্ধা লোকৰ বাহন জব্দ কৰিছে চেন্নাই আৰক্ষীয়ে৷ এই পৰ্যন্ত ধনাত্মক পৰিঘটনা ১১৭৩, আৰোগ্য হৈছে ৫৮জন, মৃত্যু হৈছে ১১জন৷
  • কৰ্ণাটকঃ আজি ১১টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ এই পৰ্যন্ত নিশ্চিত পৰিঘটনা ২৫৮টা; মৃত্যু ৯; আৰোগ্য হৈ মুকলি হৈছে ৬৫জন৷ 
  • অন্ধ্ৰ প্ৰদেশঃ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল; শিক্ষাৰ্থীক অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ পৰামৰ্শ৷ আৰক্ষীৰ সৈতে সংঘৰ্ষ অনন্তপুৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা প্ৰব্ৰজিত শ্ৰমিকৰ৷ মুঠ ধনাত্মক পৰিঘটনা ৪৭৩; মৃত্যু ৯, আৰোগ্য হৈছে ১৪৷
  • তেলেংগানাঃ লকডাউন বৃদ্ধি কৰাৰ পিছত হায়দৰাবাদ মহানগৰ ত্যাগ কৰিবলৈ প্ৰয়াস কৰিছে প্ৰব্ৰজিত শ্ৰমিকসকলে৷ চহৰখনৰ ১২৬টা স্থান সুৰক্ষিত ক্লাষ্টাৰ হিচাপে চিহ্নিত৷ মুঠ পৰিঘটনা ৫৯২, ইয়াৰে আৰোগ্য হৈছে ১০৩জন, চিকিৎসা চলি আছে ৪৭২জনৰ৷
  • মহাৰাষ্ট্ৰঃ ১২১টা নতুন পৰিঘটনা প্ৰতিবেদিত, মুঠ পৰিঘটনা ২,৪৫৫৷
  • গুজৰাটঃ ৪৫ নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনা ৬১৭টা৷
  • ৰাজস্থানঃ আজি ৭২টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনা ৯৬৯টা, ৰাজস্থান স্বাস্থ্য বিভাগে এই তথ্য প্ৰকাশ কৰে৷
  • মধ্য প্ৰদেশঃ ১১৭১টা নমুনা পৰীক্ষণ হোৱাৰ পিছত ১২৬টা নতুন ধনাত্মক পৰিঘটনা পোৱা গৈছে৷ মুঠ পৰিঘটনা ৭৩০টা৷
  • গোৱাঃ আজি ৰাতিপুৱা পৰ্যন্ত নতুন পৰিঘটনা প্ৰতিবেদিত নোহোৱাৰ জৰিয়তে সক্ৰিয় পৰিঘটনাৰ সংখ্যা ২৷ ৭টা ধনাত্মক পৰিঘটনাৰ ভিতৰত আৰোগ্য হৈছে ৫জন৷

 

#ক’ভিড-১৯ৰ ফেক্ট চেক



(Release ID: 1614551) Visitor Counter : 296