স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 14 APR 2020 5:02PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিম্নোল্লিখিত পৰ্যায়সমূহ পালন কৰিবলৈ আহ্বান জনায়ঃ

১) আপোনাৰ পৰিয়ালত থকা বয়োজেষ্ঠজনৰ যতন লওক, বিশেষকৈ সেইসকলৰ যি দূৰাৰোগ্য ৰোগত আক্ৰান্ত৷ আমি তেওঁলোকৰ অতিৰিক্ত যতন ল’ব লাগিব আৰু ক’ৰোনা ভাইৰাছৰ পৰা নিৰাপদে ৰাখিব লাগিব৷

২)লকডাউনৰ ‘লক্ষ্মণ ৰেখা’ আৰু সামাজিক দূৰত্ব সম্পূৰ্ণৰূপে পালন কৰক৷ লগতে, অনুগ্ৰহ কৰি ঘৰত নিৰ্মিত মুখ ঢকা মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব৷

৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ অনুগ্ৰহ কৰি আয়ুস মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশাৱলীসমূহ পালন কৰক৷ নিয়মীয়াকৈ গৰম পানী সেৱন কৰক৷

৪) ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰোগ্য সেতু মোবাইল এপ ডাউনলোড কৰক৷ লগতে আনকো এইক্ষেত্ৰত উৎসাহিত কৰক৷

৫) পাৰ্যমানে দৰিদ্ৰ পৰিয়ালৰ যতন লওক৷ বিশেষকৈ তেওঁলোকৰ খাদ্যৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ চেষ্টা কৰক৷

৬) আপোনাৰ ব্যৱসায় অথবা উদ্যোগত কাম কৰি থকা লোকসকলৰ প্ৰতি দয়াশীল হওক৷ তেওঁলোকক চাকৰিৰ পৰা বাদ নিদিব৷

৭) ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা আমাৰ চিকিৎসক, নাৰ্ছ, চাফাই কৰ্মী আৰু আৰক্ষীৰ লোকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক৷

এই পৰ্যন্ত মুঠ ৬০২খন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয়ত ১,০৬,৭১৯খন আইচ’লেচন বিচনা আৰু ১২,০২৪খন আইচিইউ বিচনা প্ৰস্তুত কৰা হৈছে৷

ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ে ঘন জনবসতিপূৰ্ণ এলেকাসমূহত ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে সৰল নিৰ্দেশনাৱলী মুকলি কৰিছে৷

কালিৰে পৰা দেশত ক’ভিড-১৯ৰ ১২১১টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে আৰু ৩১জনৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷৷ ১০৩৬জন লোক আৰোগ্য হৈ মুকলি হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1614547) Visitor Counter : 163