উপ-ৰাষ্ট্ৰপতি সচিবালয়

লকডাউনৰ সময়তো বিদ্যায়তনিক কেলেণ্ডাৰমতে কাম চলাই নিবৰ বাবে বিশ্ববিদ্যালয়সমূহক উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতিয়ে বিশ্ববিদ্যালয়সমূহক প্ৰযুক্তিৰ সম্পূৰ্ণ সদব্যৱহাৰ কৰি অনলাইনযোগে শিক্ষাদান কৰিবলৈ অনুৰোধ কৰে

ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ যাওক, সহযোগিতাপূৰ্ণ আৰু স্বতঃস্ফূৰ্ত শিক্ষাত গুৰুত্ব দিয়কঃ উপ-ৰাষ্ট্ৰপতি

ছাত্ৰাৱাসত থকা ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিয়কঃ উপ-ৰাষ্ট্ৰপতি

লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীক নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰাৰ লগতে নতুন ভাষা শিক্ষাৰ প্ৰতি আগ্ৰহী হ’বলৈ আহ্বান

দিল্লী, হায়দৰাবাদ, পণ্ডিচেৰী আৰু পঞ্জাৱ মাখনলাল চতুৰ্ৱেদী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু আই আই পি এৰ সঞ্চালকৰ লগত ভিডিঅ’ কনফাৰেন্সত অংশ গ্ৰহণ

Posted On: 13 APR 2020 1:33PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৱে আজি বিশ্ববিদ্যালয়সমূহক প্ৰযুক্তিৰ সম্পূৰ্ণ সদব্যৱহাৰ কৰি অনলাইনযোগে শিক্ষাদান কৰিবলৈ অনুৰোধ কৰে যাতে লকডাউনৰ সময়তো বিদ্যায়তনিক কেলেণ্ডাৰমতে কাম চলাই নিব পৰা যায়।

দিল্লী, হায়দৰাবাদ, পণ্ডিচেৰী আৰু পঞ্জাৱ মাখনলাল চতুৰ্ৱেদী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু আই আই পি এৰ সঞ্চালকৰ লগত ভিডিঅ’ কনফাৰেন্সযোগে মত বিনিময় কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ক’ভিড-১৯ এ সৃষ্টি কৰা এই জটিল পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক হ’বলৈ সময় লাগিব। গতিকে সেই সময়ছোৱাৰ বাবে তেওঁলোকৰ কোনো আঁচনি থাকিলে সেই সম্পৰ্কে উপ-ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰাব পাৰে।

আই আই পি এৰ অধ্যক্ষ আৰু তিনিখন বিশ্ববিদ্যালয়ৰ আচাৰ্য পদত অধিষ্ঠিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষানুষ্ঠানসমূহক ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ গৈ সহযোগিতাপূৰ্ণ আৰু স্বতঃস্ফূৰ্ত শিক্ষাত গুৰুত্ব দিবলৈ আহ্বান জনায়। তেওঁ প্ৰযুক্তিৰ সম্পূৰ্ণ সদব্যৱহাৰ কৰি অনলাইনযোগে শিক্ষাদান কৰিবলৈ অনুৰোধ কৰে।

’ৰোনা ভাইৰাছে মানুহক বিকল্প সৃষ্টিশীল পথৰ সন্ধান কৰাত সহায় কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বিশ্ববিদ্যালয়সমূহে শিকন আৰু শিক্ষনৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহ দেখি তেওঁ সন্তুষ্ট। তেওঁ কয় যে পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছতো অনলাইন শিক্ষাব্যৱস্থা হয়তো পিছলৈ সাধাৰণ কথা হৈ পৰিব।  

লগতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰাৱাসত থকা ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিবলৈ বিশ্ববিদ্যালয়সমূহক আহ্বান জনায়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলকো চৰকাৰী স্বাস্থ্য বিশেষজ্ঞসকলে দিয়া নিৰ্দেশনা মানি সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে আচুতীয়াকৈ থাকিবলৈ অনুৰোধ কৰে।

প্ৰকৃতিৰ লগত সংযোগ ৰখাৰ গুৰুত্বৰ কথা উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক তেওঁ স্বাস্থ্যসন্মত খাদ্যাভাস গঢ়ি তোলাৰ লগতে নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰিবলৈও উপদেশ দিয়ে। 

বিশ্ববিদ্যালয়সমূহে আগবঢ়োৱা ই-শিকনৰ সমলসমূহৰপৰা যাতে ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব পাৰে আৰু মোবাইল ফোনত সময় অপচয় নকৰি ইয়াৰ সদব্যৱহাৰ কৰি নতুন ভাষা শিক্ষাৰ প্ৰতি আগ্ৰহী হৈ উঠে তাৰ বাবে দিকনিৰ্দেশনা দিবলৈ শ্ৰী নাইডুৱে বিশ্ববিদ্যালয়সমূহক আহ্বান জনায়। তদুপৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰিয়ালৰ লগত যথেষ্ট সময় কটাবলৈ পৰামৰ্শ দিয়ে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ স্থানীয় বেচৰকাৰী সংস্থাসমূহে হাতত লোৱা বিভিন্ন সামাজিক কামত জড়িত হ’বলৈও অনুৰোধ কৰে। চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাসমূহ তেওঁ সকলো নাগৰিকে মানি চলাত গুৰুত্ব আৰোপ কৰে।

ভিডিঅ’ কনফাৰেন্সত উপ-ৰাষ্ট্ৰপতিৰ সচিৱ ড০ আই ভি চুব্বা ৰাও ও উপস্থিত আছিল।  

*****

VRRK/MS/MSY/RK/PRK



(Release ID: 1614186) Visitor Counter : 90