বিত্ত মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজঃ বৰ্তমানলৈকে অগ্ৰগতিৰ খতিয়ান

Posted On: 13 APR 2020 4:11PM by PIB Guwahati
  • প্ৰধানমন্ত্রী গৰীৱ কল্যাণ পেকেজৰ অধীনত ৩২ কোটিতকৈও অধিক দৰিদ্ৰ লোকে ২৯,৩৫২ কোটি টকা আর্থিক সাহায্য লাভ কৰিছে৷
  • প্ৰধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৫.২৯ কোটি হিতাধিকাৰীক বিনামুলীয়া খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে৷
  • ৯৭.বিনামুলীয়া উজ্জ্বলা চিলিণ্ডাৰ বিতৰণ৷
  • . লাখ ইপিএফঅ’ৰ সদস্যই অনলাইনযোগে অপৰিশোধীয় একাউণ্টযোগ্য একাউণ্টৰ পৰা ৫১০ কোটি টকা উঠাইছে৷
  • পিএম-কিষাণৰ প্ৰথম কিস্তিঃ ১৪,৯৪৬ কোটি টকা ৭.৪৭ কোটি কৃষকলৈ হস্তান্তৰ৷
  • ১৯.৮৬ কোটি গৰাকী জন ধন একাউণ্টধাৰী মহিলাক ৯,৯৩০ কোটি টকা প্ৰদান কৰা হৈছে৷
  • .৮২ কোটি গৰাকী জ্যেষ্ঠ নাগৰিক, বিধবা আৰু দিব্যাংগ ব্যক্তিক ১,৪০০ কোটি টকা প্ৰদান কৰি হৈছে৷
  • .১৭ কোটি ভৱন আৰু নিৰ্মাণ শ্ৰমিকক ৩,০৭১ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷

ক’ভিড-১৯ মোকাবিলা কৰাৰ বাবে দেশজোৰা লকডাউনৰ সময়ত যাতে দৰিদ্ৰ লোকসকল যাতে ন্যুনতম প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত কোনো সমস্যাত নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২৬ মার্চত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অধীনত ১.৭০ কোটি টকা ঘোষণা কৰিছিল৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অংশ হিচাপে চৰকাৰে মহিলা, দুখীয়া জ্যেষ্ঠ নাগৰিক আৰু কৃষকসকলক বিনামুলীয়া খাদ্য সামগ্ৰী আৰু নগদ ধন প্ৰদানৰ কথা ঘোষণা কৰিছিল চৰকাৰে৷ এই পেকেজ সুকলমে ৰূপায়ণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰি আহিছে৷ লকডাউনৰ সময়ত অভাৱগ্ৰস্ত লোকসকলে এই সাহায্য পোৱাটো সুনিশ্চিত কৰিবলৈ বিত্ত মন্ত্ৰালয়, সংশ্লিষ্ট মন্ত্ৰালয়সমূহ, কেবিনেট সচিবালয় আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ে চেষ্টাৰ ত্ৰুটি কৰা নাই৷

ফিনটেক আৰু ডিজিটেল লেনদেনৰ মাধ্যমেৰে হিতাধিকাৰীসকলক এই সাহায্য হস্তান্তৰ কৰা হৈছে৷ সাহায্য যাতে উপযুক্ত হিতাধিকাৰীয়ে পায় আৰু কোনো মধ্যস্থতাকাৰীয়ে আত্মসা কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ সহায় লোৱা হৈছে৷ 

১৩ এপ্ৰিল, ২০২০ তাৰিখলৈকে ৩২.৩২ কোটি হিতাধিকাৰীক ডিবিটৰ জৰিয়তে এই পেকেজৰ অধীনত ২৯,৩৫২ কোটি টকা প্ৰদান কৰা হৈছে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা:

৩১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এপ্ৰিল মাহত ধাৰ্য কৰা ৪০লাখ মেট্ৰিক টন খাদ্য সামগ্ৰীৰ বৰ্তমানলৈকে ২০.১১লাখ মেট্ৰিক টন উঠোৱা হৈছে৷ ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১.১৯ কোটি ৰেচন কাৰ্ডেৰে সামৰি লোৱা ৫.২৯গৰাকী হিতাধিকাৰীক .৬৫ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে৷ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৩৯৮৫ মেট্ৰিকটন মাহজাতীয় সামগ্ৰীও বিতৰণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা(পিএমইউৱাই)ৰ হিতাধিকাৰীলৈ বিনামুলীয়া গেছ চিলিণ্ডাৰ:-

পিএমইউৱাইৰ অধীনত বৰ্তমানলৈকে ১.৩৯ কোটি চিলিণ্ডাৰ বুকিং কৰা হৈছে আৰু ইতিমধ্যে হিতাধিকাৰীক ৯৭.৮ লাখ বিনামুলীয়া চিলিণ্ডাৰ প্ৰদান কৰা হৈছে৷

ইপিএফঅ’ৰ সদস্যসকলক অপৰিশোধীয় ধনৰ ৭৫% বা ৩ মাহৰ মজুৰি আগতীয়াকৈ প্ৰদান:-

.১ লাখ ইপিঅফঅ’ সদস্যই বৰ্তমানলৈকে অনলাইনযোগে ৫১০ কোটি টকা উঠাইছে৷

৩মাহৰ বাবে ইপিএফৰ বৰঙণি-কোনো প্ৰতিষ্ঠানৰ ১৫,০০০তকৈ তলৰ দৰমহা লাভ কৰা ১০০গৰাকীলৈকে কৰ্মচাৰীৰ ২৪% মজুৰিৰ বৰঙণি প্ৰদান কৰা হৈছেঃ-

এপ্ৰিল মাহৰ বাবে ২০২০.৭৮.৭৪ লাখ হিতাধিকাৰীৰ বাবে  ইপিএফৰ ১,০০০ কোটি টকা ইতিমধ্যে মুকলি কৰি দিয়া হৈছে৷

মনৰেগাঃ-

০১-০৪-২০২০ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই হাৰ বৃদ্ধিৰ জাননী জাৰি কৰা হৈছে৷ চলিত বিত্তীয় বৰ্ষত ১৯.৫৬ লাখ ব্যক্তিৰ মানৱ দিন কাম সম্পন্ন কৰা হ’ব৷ তদুপৰি, পূৰ্বৰ বাকী থকা মজুৰি আৰু সামগ্ৰী প্ৰদানৰ বাবে ৭১০০ কোটি টকা মুকলি কৰা হৈছে৷

চৰকাৰী চিকিসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ কৰ্মৰত স্বাস্থ্যকৰ্মীৰ বাবে বীমা আঁচনি:

নিউ ইণ্ডিয়া বীমা কোম্পানীয়ে পৰিচালনা কৰিবৱগীয়া এই আঁচনিয়ে ২২.১২ লাখ স্বাস্থ্য কৰ্মীক সামৰি ল’ব৷

কৃষকলৈ সহায়:

পিএম-কিষাণৰ অধীনত প্ৰথম কিস্তিৰ বাবদ মুঠ ১৪,৯৪৬ কোটি টকা বিতৰণ কৰা হৈছে৷ এই আঁচনিৰ অধীনত ৮ কোটি চিনাক্তকৃত হিতাধিকাৰীৰ প্ৰায় ৭.৪৭ কোটিক ২,০০০ টকাকৈ প্ৰদান কৰা হৈছে৷

পিএমজেডিৱাইৰ মহিলা একাউণ্টধাৰীলৈ সহায়:

ভাৰতৰ অধিকাংশ পৰিয়াল মহিলাৰ দ্বাৰা পৰিচালিত হোৱাৰ পৰিপ্ৰেক্ষিতত ১৯.৮৬ কোটি মহিলাৰ জন ধন একাউণ্টত ৫০০টকাকৈ প্ৰদান কৰা হৈছে৷ ১৩ এপ্ৰিল, ২০২০লৈকে ৯,৯৩০ কোটি টকা প্ৰদান কৰা হৈছে৷

জ্যেষ্ঠ ব্যক্তি, বিধবা আৰু দিব্যাংগসকললৈ সহায়

ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনি (এনএছএপি)ৰ অধীনত জ্যেষ্ঠ ব্যক্তি, বিধবা আৰু দিব্যাংগসকললৈ ২.৮২ কোটি টকা সাহায্য আগবঢ়োৱা হৈছে৷ এই আঁচনিৰ অধীনত এককালীন সাহায্যৰ প্ৰথম কিস্তি হিচাপে ৫০০টকাকৈ প্ৰদান কৰা হৈছে৷ অহা মাহত আকৌ ৫০০ টকা প্ৰদান কৰা হ’ব৷

ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকলৈ সহায়

অতি কমেও ২.১৭ কোটি ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকে ৰাজ্য চৰকাৰৰ পৰা সাহায্য লাভ কৰিছে৷ ইয়াৰ অধীনত হিতাধিকাৰীসকলক ৩,০৭১ কোটি টকা প্ৰদান কৰা হৈছে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ

১৩/০৪/২০২০ লৈকে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়ে প্ৰদান কৰা মুঠ ধনৰ সবিশেষঃ

আঁচনি

হিতাধিকাৰীৰ সংখ্যা

Amount

পিএমজেডিৱাই একাউণ্টধাৰী মহিলালৈ সাহায্য

১৯.৮৬ কোটি (৯৭%)

৯৯৩০ কোটি

এনএছএপি হিতাধিকাৰী(বিধৱা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ)লৈ সাহায্য

.৮২ কোটি (১০০%)

১৪০৫ কোটি

পিএম-কিষাণ অধীনত কৃষকলৈ প্ৰথম কিস্তিৰ ধন

.৪৭ কোটি ( কোটিৰ ভিতৰত)

১৪,৯৪৬ কোটি

ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকলৈ সহায়

.১৭ কোটি

৩০৭১ কোটি

সৰ্বমুঠ

৩২.৩২ কোটি

২৯,৩৫২ কোটি

 

****

RM/KMN/DB

 



(Release ID: 1614026) Visitor Counter : 326