স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 12 APR 2020 6:38PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয়সমূহত জৰুৰীকালীনভাৱে ক’ভিড-১৯ৰ পৰীক্ষণ সামৰ্থ বৃদ্ধি কৰাৰ বাবে বিভিন্ন প্ৰতিষ্ঠানসমূহক দায়িত্ব বিতৰণ কৰি দিয়া হৈছে৷ এই প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ বাবে আৱণ্টিত স্থানত চিকিৎসা মহাবিদ্যালয়সমূহক পৰামৰ্শ আগবঢ়াব আৰু নিৰ্ধাৰিত ৰাজ্যসমূহত ক’ভিড-১৯ৰ পৰীক্ষণ ব্যৱস্থাসমূহৰ স্থাপনত সহযোগিতা প্ৰদান কৰিব৷ এই আটাইবোৰ প্ৰতিষ্ঠানকেই ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰি কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷

কালিৰে পৰা দেশত ৯০৯টা ক’ভিড-১৯ৰ নিশ্চিত নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৭১৬জন ব্যক্তিক আৰোগ্য হোৱাৰ পিছত মুকলি কৰি দিয়াৰ বিপৰীতে ২৭৩টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ চৰকাৰে প্ৰাথমিক চিকিৎসা আন্তঃগাঁথনিসমূহৰ সামৰ্থ বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে য’ত উৎসৰ্গিত চিকিৎসা, আচুতীয়া বিচনা, আইচিইউ বিচনা আৰু কোৱাৰেণ্টাইন সুবিধা অন্তৰ্ভুক্ত থাকিব৷ ১২.০৪.২০২০ তাৰিখ পৰ্যন্ত ৮৩৫৬টা পৰিঘটনাৰ বিপৰীতে প্ৰয়োজনীয় বিচনাৰ সংখ্যা ১৬৭১খন বুলি অনুমান কৰা হৈছে (নিশ্চিত পৰিঘটনাৰ ২০% যাৰ গুৰুতৰ/মধ্যমীয়া লক্ষণে দেখা দিছে), বৰ্তমানে ৬০১খন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয়ত উপলব্ধ বিচনাৰ সংখ্যা হ’ল ১,০৫,৯৮০খন৷ উৎসৰ্গিত চিকিৎসালয়সমূহত আইচ’লেচন বিচনাৰ সংখ্যাও আগলৈ বৃদ্ধি কৰা হ’ব৷

সমগ্ৰ দেশতে ক’ভিড-১৯ৰ ৰোগীৰ ব্যৱস্থাপনাৰ বাবে উৎসৰ্গিত চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ চৰকাৰী চিকিৎসালয়সমূহৰ লগতে ব্যক্তিগতখণ্ডৰ চিকিৎসালয়, ৰাজহুৱা খণ্ড, সেনা বিভাগ, ভাৰতীয় ৰে’লৱেৰ চিকিৎসালয়সমূহেও এই প্ৰয়াসত হাত উজান দিছে৷ দুৰ্গম অঞ্চলসমূহৰ বাবে অৰ্ডনেন্স ফেক্ট’ৰী ব’ৰ্ডে বিশেষ টেণ্ট নিৰ্মাণ কৰিছে৷

প্ৰস্তুতি প্ৰয়াসৰ অংশ হিচাপে এইমছ, এনআইএমএইচএএনএছৰ দৰে প্ৰতিষ্ঠানসমূহে স্বাস্থ্যকৰ্মীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷ তাৰবাবে অনলাইন প্ৰশিক্ষণ মডিউল আৰু বিভিন্ন ৱেবইনাৰো প্ৰস্তুত কৰা হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1613745) Visitor Counter : 150