স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ সম্বন্ধীয় শেহতীয়া তথ্য
प्रविष्टि तिथि:
07 APR 2020 6:21PM by PIB Guwahati
দেশত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ লগ হৈ স্বতঃপ্ৰণোদিতভাৱে আৰু অতি-সক্ৰিয়তাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। এই পদক্ষেপসমূহ নিয়মিয়াকৈ উচ্চতম পৰ্যায়ত পৰ্যবেক্ষণ কৰি থকা হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে খণ্ড অনুযায়ী আৰু ভাইৰাছৰ প্ৰাদুৰ্ভাৱ অনুসৰি নিৰ্দেশনা জাৰি কৰিছে। নিৰীক্ষণ, কুৱাৰেন্টাইনৰ সুবিধাসমূহৰ পৰ্যবেক্ষণ, সন্দেহজনক ৰোগীৰ চিনাক্তকৰণ কৰি ঘৰতে আচুতীয়াকৈ ৰখা, নাগৰিকৰ বাবে শেহতীয়া তথ্য উপলব্ধ কৰা, হিট মেপ ব্যৱহাৰ কৰি সম্ভাৱনীয়তাৰ বিশ্লেষণ, এম্বুলেন্স আৰু বিজাণুনাশক সেৱাৰ প্ৰকৃত সময়ৰ গতি-বিধি লক্ষ্য কৰা, বিভিন্ন জিলা ভিত্তিত চিকিৎসক তথা অন্যান্য স্বাস্থ্যকৰ্মীৰ বাবে টেলি-কাউন্সেলিং যোগে প্ৰশিক্ষণ আগবঢ়োৱা আদিৰ বাবে প্ৰযুক্তিচালিত পদক্ষেপ হাতত লোৱা হৈছে।
মন্ত্ৰালয়ে ক’ভিড-১৯ ৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰশিক্ষণৰ শেহতীয়া সমল আৰু ভিডিঅ’ প্ৰকাশ কৰি উলিয়াইছে আৰু এইসমূহ https://www.mohfw.gov.in/ ত উপলব্ধ কৰা হৈছে।
ক’ভিড-১৯ ৰ নিশ্চিত আৰু সন্দেহজনক ৰোগীৰ সঠিক ব্যৱস্থাপনাৰ বাবে নিৰ্দেশাৱলীও জাৰি কৰ হৈছা আৰু ই
https://www.mohfw.gov.in/pdf/FinalGuidanceonMangaementofCovidcasesversion2.pdf ত উপলব্ধ।
বিভিন্ন পৰ্যায়ৰ ক’ভিড-১৯ ৰোগীৰ ব্যৱস্থাপনাৰ বাবে তিনিধৰণৰ সুবিধা প্ৰস্তুত কৰা হৈছেঃ
১. ক’ভিড কেয়াৰ চেন্টাৰ (চিচিচি)
ক)একেবাৰে সাধৰণ পৰ্যায়ৰ ৰোগী অথবা সন্দেহজনক ৰোগী
খ)ভ্ৰাম্যমাণ সুবিধা – ব্যক্তিগত বা ৰাজহুৱা খণ্ডৰ হোষ্টেল, হোটেল, বিদ্যালয়, ষ্টে’ডিয়াম আদি
গ)অঞ্চলে প্ৰতি এক বা একাধিক ক’ভিডৰ বাবে নিৰ্দিষ্ট স্বাস্থ্য কেন্দ্ৰ আৰু ৰোগী পঠিয়াব পৰাকৈ অন্ততঃ এখন ক’ভিডৰ বাবে নিৰ্দিষ্ট কৰা চিকিৎসালয়
২. ক’ভিডৰ বাবে নিৰ্দিষ্ট স্বাস্থ্য কেন্দ্ৰ (ডিচিএইচচি)
ক)চিকিৎসকে মধ্যমীয়া আখ্যা দিয়া ৰোগীক শুশ্ৰূষা কৰিব
খ)এখন পূৰ্ণাঙ্গ চিকিৎসালয় অথবা কোনো চিকিৎসালয়ৰে এনে এটা অংশ য’লৈ ওলোৱা-সোমোৱাৰ বাবে বিকল্প পথ থাকে
গ)সুনিশ্চিত অক্সিজেন সহায়ক যন্ত্ৰৰ সুবিধা থকা বিচনাসহ চিকিৎসালয়
৩. ক’ভিডৰ বাবে নিৰ্দিষ্ট কৰা চিকিৎসালয় (ডিচিএইচ)
ক)চিকিৎসকে গুৰুতৰ আখ্যা দিয়া ৰোগীক সংহত চিকিৎসা সেৱা আগবঢ়াব
খ)এখন পূৰ্ণাঙ্গ চিকিৎসালয় অথবা কোনো চিকিৎসালয়ৰে এনে এটা অংশ য’লৈ ওলোৱা-সোমোৱাৰ বাবে বিকল্প পথ থাকে
গ)আই চি ইউ, ভেন্টিলেটৰ আৰু সুনিশ্চিত অক্সিজেন সহায়ক যন্ত্ৰৰ সুবিধা থকা বিচনাসহ চিকিৎসালয়
বৰ্তমানলৈকে পোৱা খবৰ অনুযায়ী ৪৪২১ জন ৰোগীক নিশ্চিত কৰা হৈছে আৰু তাৰে ১১৭ জনৰ মৃত্যু হৈছে। ৩২৬ জন ৰোগীৰ নিৰাময় হৈছে আৰু সুস্থসকলক চিকিৎসালয়ৰপৰা ঘৰলৈ উভতাই পঠোৱা হৈছে।
ক’ভিড-১৯ সম্পৰ্কে সকলো ধৰণৰ প্ৰযুক্তিগত কথা তথা নিৰ্দেশনা আদিৰ শেহতীয়া তথ্য শুদ্ধকৈ লাভ কৰিবলৈ নিয়মীয়াকৈ https://www.mohfw.gov.in/ চাব পাৰিব।
ক’ভিড-১৯ সম্পৰ্কে কোনো ধৰণৰ প্ৰযুক্তিগত প্ৰশ্ন ই-মেইলযোগে technicalquery.covid19[at]gov[dot]in লৈ আৰু আন সাধাৰণ কোনো প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in লৈ পঠিয়াব পাৰে।
ক’ভিড-১৯ সম্পৰ্কে যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (বিনামূলীয়া) ত ফোন কৰিব পাৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক’ভিড-১৯ সম্পৰ্কীয় হেল্পলাইন নম্বৰৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত উপলব্ধ কৰা হৈছে।
*****
MV/PRK
(रिलीज़ आईडी: 1612138)
आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam