প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু বাহৰেইনৰ ৰজাৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 06 APR 2020 8:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনৰ ৰজা হামাদ বিন ইছা আল খালিফাৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা স্বাস্থ্য সংকট, লজিষ্টিক শৃংখলা থথা বিত্তীয় বজাৰৰ বিষয়ে পৰ্যালোচনা কৰে৷ সংকটৰ এই সময়ছোৱাত বাহৰেইন থকা ভাৰতীয় সম্প্ৰদায়ক বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি ৰজাই প্ৰধানমন্ত্ৰীক আশ্বস্ত কৰে৷

দুয়োগৰাকী নেতাই তেওঁলোকৰ চৰকাৰী কাৰ্যসূচীসমূহ নিয়মীয়াকৈ চলি থকাৰ তথা ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়োৱাত সহমত পোষণ কৰে৷

*****

VRRK/VJ/MANN



(Release ID: 1611863) Visitor Counter : 202