স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ – শেহতীয়া স্থিতি

Posted On: 06 APR 2020 5:27PM by PIB Guwahati

দেশত ক’ভিড-১৯ ৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সৈতে ভালেমান কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি আহিছে। আটাইবোৰ দিশেই উচ্চ পৰ্যায়ত নিয়মিতভাৱে পৰ্যালোচনা কৰাৰ উপৰিও প্ৰতিটো দিশতে চোকা নজৰ ৰখা হৈছে।

ক’ভিড-১৯ ৰ ব্যৱস্থাপনাৰ দিশবোৰত ৰাজ্যবোৰৰ প্ৰতিটো প্ৰান্ততে যাতে সমান গুৰুত্ব প্ৰদান কৰাটো নিশ্চিত কৰা হয়, তাৰ বাবে কেবিনেট সচিবে বিভিন্ন জিলা বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে মত বিনিময় কৰি আছে। ক’ভিড-১৯ ৰ বাবে এক জিলা পৰ্যায়ৰ আপদ ব্যৱস্থাপনা পৰিকল্পনা সাজু কৰাৰ বাবে আটাইবোৰ জিলাকে নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যেই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে কোৰেণ্টাইনৰ সুবিধা কৰাৰ বাবে নিৰ্দেশাৱলী জাৰি কৰিছে। এই নিৰ্দেশাৱলী তলৰ লিংকলৈ গৈ পঢ়িব পাৰিব -

https://www.mohfw.gov.in/pdf/90542653311584546120quartineguidelines.pdf

ইফালে মন্ত্ৰালয়ে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসা/পৰীক্ষা/কোৰেণ্টাইনত থকা সময়ছোৱাক সৃষ্টি হোৱা বিভিন্ন আৱৰ্জনা নিষ্কাশন, সেইবোৰৰ ব্যৱস্থাপনা আদি সন্দৰ্ভতো এক নিৰ্দেশাৱলী জাৰি কৰিছে। এই নিৰ্দেশাৱলী তলৰ লিংকত গৈ পঢ়িব পাৰিব –

https://www.mohfw.gov.in/pdf/63948609501585568987wastesguidelines.pdf.

ইয়াৰ উপৰিও ক’ভিড-১৯ ত আক্ৰান্ত হোৱা বা ইয়াৰ বাবে গ্ৰহণ কৰা কোৰেণ্টাইনত থকা সময়ছোৱাত মানসিক অৱসাদৰ পৰা মুক্ত হোৱাৰ বিভিন্ন দিহা সম্বলিত এক ভিডিঅ’ও প্ৰকাশ পাইছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবছাইটত।

ৰাজ্যসমূহক ইতিমধ্যেই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ অধীনৰ ধন ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে, যাতে ক’ভিড-১৯ সংক্ৰান্তীয় বিভিন্ন ব্যৱস্থাপনা সম্পাদন কৰাৰ লগতে ৰোগীৰ শুশ্ৰূষা, কোৰেণ্টাইন কেন্দ্ৰ সৃষ্টি, চিকিৎসা সঁজুলি ক্ৰয় আদি সুচাৰুৰূপে সম্পাদন কৰিব পৰা যায়। ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানেও দেশৰ আটাইবোৰ ৰাজ্যৰ বাবে ১১০০ কোটি টকা ইতিমধ্যেই আবণ্টন দিছে। তদুপৰি আজি এক অতিৰিক্ত ৩০০০ কোটি টকাৰ বৃহৎ পুঁজি আটাইবোৰ ৰাজ্যলৈ মোকলাই দিয়া হৈছে। ইয়াৰ উপৰিও N-95 মাস্ক, ভেণ্টিলেটৰ আৰু পিপিই কেন্দ্ৰৰ পৰা আহৰণ কৰা হৈছে আৰু সমগ্ৰ দেশৰে আটাইবোৰ ৰাজ্যত বিতৰণ কৰা হৈছে।

এই পৰ্যন্ত সমগ্ৰ দেশতে ৪০৬৭ গৰাকী লোক আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে, ইফালে মৃত্যু হৈছে ১০৯ গৰাকী লোক। তাৰ বিপৰীতে ২৯১ গৰাকী লোক সুস্থ হৈ ঘৰলৈ গৈছে।

বৰ্তমান উপলব্ধ তথ্য অনুসৰি, মুঠ নিশ্চিত ঘটনাৰ এক বিশ্লেষণ তলত দাঙি ধৰা হৈছে -

  • লিঙ্গ অনুপাতে -
    • ৭৬% পুৰুষ
    • ২৪% মহিলা
  • বয়স অনুপাতে -
    • ৪৭% লোক৪০ বছৰৰ তলৰ
    • ৩৪% লোক৪০ ৰ পৰা ৬০ বছৰৰ ভিতৰৰ লোক
    • ১৯% লোক৬০ বছৰৰ উৰ্ধ্বৰ

ক’ভিড-১৯ ৰ বাবে মৃত্যু হোৱা ১০৯ গৰাকী লোকৰ বিশ্লেষণ তলত দাঙি ধৰা হৈছে -

  • লিঙ্গ অনুপাতে -
    • ৭৩% পুৰুষ
    • ২৭% মহিলা
  • বয়স অনুপাতে -
    • মৃত্যু হোৱা ৬৩% লোকেই বয়োজ্যেষ্ঠ (৬০ ৰ উৰ্ধ্বৰ)
    • মৃত্যু হোৱা ৩০% লোক ৪০ ৰ পৰা ৬০ বছৰৰ ভিতৰৰ লোক
    • মৃত্যু হোৱা ৭% লোক ৪০ বছৰৰ তলৰ

এই পৰ্যন্ত মৃত্যু হোৱা ৮৬% লোকৰেই দেহত অন্যান্য ৰোগো ধৰা পৰিছে, তাৰ ভিতৰত মধুমেহ, বৃক্ক ৰোগ, উচ্চ ৰক্তচাঁপ আৰু হৃদৰোগ অন্যতম। তদুপৰি ১৯% নিশ্চিত ঘটনা ধৰা পৰিছে বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্ৰত, এই সকল লোকৰ মাজৰে ৬৩% লোকৰ মৃত্যু হৈছে। অৰ্থাৎ বয়োজ্যেষ্ঠ লোকসকলেই এই ৰোগত মৃত্যু হোৱাৰ শংকা অধিক হয়। ইয়াৰ উপৰিও ৬০ বছৰৰ তলৰ লোকৰ মৃত্যুৰ হাৰ হৈছে ৩৭%, পিছে এই লোকসকলৰ ভিতৰত ৮৬% লোকৰেই আছিল অন্যান্য ৰোগ, অৰ্থাৎ তুলনামূলকভাৱে কম বয়সীয়া লোকৰ দেহতো যদিহে অইন ৰোগ আছে তেন্তে তেনে ক্ষেত্ৰত ক’ভিড-১৯ তেওঁলোকৰ বাবে মৃত্যুৰ কাৰণ হ’ব পাৰে।

ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী তথ্যৰ শেহতীয়া আৰু প্ৰকৃত তথ্যৰ উপৰিও সবিশেষ জানিবৰ বাবে নিয়মিতভাৱে https://www.mohfw.gov.in/ ৱেবছাইট চাওঁক।

ক’ভিড-১৯ সংক্ৰান্তীয় কোনো কাৰিকৰী প্ৰশ্নৰ উত্তৰ পাবৰ বাবে technicalquery.covid19[at]gov[dot]in লৈ ইমেইল কৰক অথবা অন্যান্য প্ৰশ্নৰ উত্তৰ পাবৰ বাবে ncov2019[at]gov[dot]in লৈ লিখক। এই ক্ষেত্ৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ +91-11-23978046 অথবা 1075 (ট’ল-ফ্ৰী) নম্বৰতো কল কৰিব পাৰিব। ৰাজ্যসমূহৰ হেল্পলাইন নম্বৰৰ তালিকা তলৰ লিংকত উপলব্ধ হৈছে - https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

*****

MV/RD



(Release ID: 1611850) Visitor Counter : 252