কেবিনেট সচিবালয়

ভিডিঅ’ কনফাৰেন্সযোগে সকলো ৰাজ্যৰ মুখ্য সচিব/ডিজিপিসকলৰ সৈতে কেবিনেট সচিবৰ বৈঠক

Posted On: 01 APR 2020 3:14PM by PIB Guwahati

কেবিনেট সচিবে আজি ভিডিঅ’ কনফাৰেন্সযোগে সকলো ৰাজ্যৰ মুখ্য সচিব/ডিজিপিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷

  • ৰাজ্যসমূহক তবলিগী জামাতত অংশগ্ৰহণ কৰা লোকসকলক সন্ধান কৰিবলৈ আহ্বান জনোৱা হয় কিয়নো তেওঁলোকৰ পৰা ক’ভিড-১৯ বিয়পাৰ ক্ষতিশংকা প্ৰবল হৈ উঠিছে৷ ৰাজ্যসমূহক যুদ্ধকালীন গতিত তেওঁলোকৰ সন্ধান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷
  • তবলিগী জামাতত অংশগ্ৰহণ কৰা বিদেশীসকলে ভিছা স্থিতি উলংঘা কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যসমূহক তৎকালীনভাৱে ভিছা উলংঘা কৰা বিদেশী আৰু অনুষ্ঠানটোৰ উদ্যোক্তাসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে৷
  • ৰাজ্যসমূহক অহা সপ্তাহৰ ভিতৰত পিএম গৰীব কল্যাণ যোজনা প্ৰণয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে৷ ইয়াত হিতাধিকাৰীসকলক বৃহৎ নগদ স্থানান্তৰকৰণ প্ৰক্ৰিয়া অন্তৰ্ভুক্ত আছে৷ তাৰোপৰি ইয়াত সামাজিক ব্যৱধান মানি চলাটোও আৱশ্যক৷
  • দেশৰ সমগ্ৰ প্ৰান্ততে লক্-ডাউন কাৰ্যকৰীভাৱে পালন হোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যসমূহক সামাজিক ব্যৱধানৰ মাজেৰে সামগ্ৰীসমূহৰ আন্তঃৰাজ্যিক পৰিবহণৰ নিশ্চিতি মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে৷
  • অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ প্ৰস্তুতিৰ নিশ্চিতি প্ৰদান কৰিবলৈ কোৱা হৈছে৷ তেনে ধৰণৰ সামগ্ৰীসমূহৰ যোগান শৃংখলা অব্যাহত ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷

 

***

VRRK/AK/MANN



(Release ID: 1609959) Visitor Counter : 147