প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সকলো কৰ্মচাৰীয়েই এদিনৰ দৰমহা আগবঢ়াব পিএম-কেয়াৰ্ছ পুঁজিলৈ, ৫০০ কোটি টকা অনুদান সংযোজিত হোৱাৰ সম্ভাৱনা
পোষ্ট কৰা হৈছে:
29 MAR 2020 3:05PM by PIB Guwahati
ক’ভিড-১৯ ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিবৰ বাবে প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজিলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সকলো কৰ্মচাৰীয়েই এদিনৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্তমূলক প্ৰস্তাৱলৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন শাখা যেনে স্থল সেনা, বায়ু সেনা, নৌ সেনা, প্ৰতিৰক্ষা ক্ষেত্ৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ আৰু অন্যান্য বিভাগ সামৰি সংগ্ৰহ হ’বলগীয়া পুঁজিৰ পৰিমাণ সামগ্ৰিকভাৱে প্ৰায় ৫০০ কোটি হোৱাৰ সম্ভাৱনা আছে।
অৱশ্যে কৰ্মচাৰীৰ এই অৱদান সম্পূৰ্ণ স্বেচ্ছামূলক আৰু যিসকলে এইক্ষেত্ৰত তেওঁলোকৰ দৰমহাৰ অংশ এৰি দিবলৈ নিবিচাৰে তেওঁলোকক এই সিদ্ধান্তৰ পৰা বাদ দিয়া হ’ব।
***
ABB/SS/Nampi/KA/DK/Savvy/RD
(ৰিলিজ আই ডি : 1609034)
অতিথি কক্ষ : 198
ত এই ৰিলিজটো পঢ়ক:
English
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam